হাত-ঝাড়ু বাদ,পদুমতেই বিশ্বাস

Share This Article

গুজৰাটত শোচনীয় পৰাজয় আপৰ।দলটোৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থীৰেই মুখ থেকেঁচা গুজৰাটত।প্ৰাৰ্থী নিৰ্বাচনত ভুল হ’ল নেকি আপৰ? যাৰ ওপৰত ভৰষা,তেওঁলোকেই খালে মুখথেকেঁচা গাডভী,ইটালীয়াৰ শোচনীয় পৰাজয় গুজৰাটত।সৌ সিদিনালৈকে গুজৰাটত চমৎকাৰ হ’ব বুলি দাবী কৰা আপৰ অৱস্থা আজি দুয়োখন ৰাজ্যতে তথৈবচ।হিমাচল প্ৰদেশত খাটাই খুলিব নোৱাৰিলে দলটোৱে।আনহাতে গুজৰাটতো ১০ খনতকৈয়ো কম আসন লাভ কৰিবলৈ সক্ষম হ’ল দলটো।আপে পাটিদাৰ আন্দোলনৰ নেতা অল্পেশ ক্ষত্ৰিয়ক প্ৰাৰ্থিত্ব দিছিল ভাৰ্চা বিধানসভা আসনৰ পৰা।প্ৰাৰ্থী নিৰ্বাচনতেই ভুল হ’ল নেকি আপৰ?বিজেপি দলে নিজৰেই অভিলেখ ভংগ কৰিলে গুজৰাটত।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০০২ চনত ১২৭ খন আসনত জয়লাভ কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.