কৃষক বিদ্ৰোহে সমস্যাত পেলাব বিজেপিক : আৰ এছ এছৰ আশংকা

Share This Article

পাঁচ ৰাজ্যৰ আসন্ন বিধানসভা নিৰ্বাচনত বিজেপিৰ বাবে মাথা – ব্যাথাৰ কাৰণ হৈ উঠিব পাৰে কৃষক বিদ্ৰোহ ৷ আৰ এছ এছৰ দুদিনীয়া পৰ্যালোচনা বৈঠকত এই আশংকাই ব্যক্ত কৰা হৈছে ৷সংঘৰ নেতাসকলৰ পৰ্যবেক্ষণ অনুসৰি কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে কৃষক নেতাসকলৰ লগত আলোচনা কৰি বিষয়টোৰ এটা মিমাংসা কৰা উচিত ৷ নহ’লে পঞ্জাৱত বিজেপিয়ে ভাল ফল দেখুওৱাটো অসম্ভৱ ৷ কেৱল পঞ্জাৱেই নহয় , পশ্চিম উত্তৰ প্ৰদেশতো সমস্যাৰ সন্মুখীন হ’ব দলটো ৷

শুকুৰবাৰ আৰু শণিবাৰে নাগপুৰত অনুষ্ঠিত হয় আৰ এছ এছৰ পৰ্যালোচনা বৈঠক ৷ এই বৈঠকত গোৱা , মণিপুৰ , উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ আসন্ন নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হয় ৷ পৰ্যালোচনাত এটা কথা স্পষ্ট হৈ পৰে যে পঞ্জাৱত বৰ্তমান বিজেপিৰ স্থিতি আটাইতকৈ বেয়া ৷ যদিহে বিজেপিয়ে কৃষক বিদ্ৰোহৰ সমাধানসূত্ৰ উলিয়াব নোৱাৰে তেনেহ’লে ৰাজ্যখনত ভাল ফল দেখুওৱাটো অসম্ভৱ ৷একেদৰে ইয়াৰ প্ৰভাৱ পশ্চিম উত্তৰ প্ৰদেশৰ নিৰ্বাচনতো পৰাৰ আশংকা ব্যক্ত কৰা হৈছে ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.