দেওবাৰে উত্তৰ প্ৰদেশত কিয় সমাবেত হ’ব ৫ লাখ কৃষক ?

Share This Article

কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা তিনিখন ক’লা কৃষি আইনৰ বিৰুদ্ধে অব্যাহত আছে কৃষকৰ প্ৰতিবাদ ৷ দেওবাৰে উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰত আয়োজন কৰা হৈছে কৃষকৰ মহাপঞ্চায়ত ৷ সংযুক্ত কৃষক মৰ্চাই আহ্বান জনোৱা এই মহাপঞ্চায়তত ৫ লাখ কৃষকে অংশগ্ৰহণ কৰিব বুলি সদৰী কৰা হৈছে ৷

এই মহাপঞ্চায়তৰ বাবে ১০০ ফুট ওখ আৰু ১০০ ফুট বহল মঞ্চ সাজি উলিওৱা হৈছে ৷সভা অনুষ্ঠিত হ’বলগীয়া খেলপথাৰত বৃহৎ জাতীয় পতাকাও উৰুওৱা হ’ব ৷ ৫০০ জুহালত কৃষকৰ বাবে খাদ্য প্ৰস্তুত কৰাৰ লগতে ১১০ খন গাঁৱৰ বাসিন্দাইও ঘৰতে খাদ্য প্ৰস্তুত কৰি আনিব ৷ইতিমধ্যে মুজাফ্ফৰনগৰ অভিমুখে কৃষকৰ সোঁত বৈছে ৷

উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কৃষি আইনৰ বিৰুদ্ধে আয়োজন কৰা এই বৃহৎ প্ৰতিবাদী কাৰ্যসূচীয়ে চিন্তাত পেলাইছে যোগী আদিত্যনাথ চৰকাৰক ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.