সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দেওবাৰে উত্তৰ প্ৰদেশত কিয় সমাবেত হ’ব ৫ লাখ কৃষক ?

কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা তিনিখন ক’লা কৃষি আইনৰ বিৰুদ্ধে অব্যাহত আছে কৃষকৰ প্ৰতিবাদ ৷ দেওবাৰে উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰত আয়োজন কৰা হৈছে কৃষকৰ মহাপঞ্চায়ত ৷ সংযুক্ত কৃষক মৰ্চাই আহ্বান জনোৱা এই মহাপঞ্চায়তত ৫ লাখ কৃষকে অংশগ্ৰহণ কৰিব বুলি সদৰী কৰা হৈছে ৷

এই মহাপঞ্চায়তৰ বাবে ১০০ ফুট ওখ আৰু ১০০ ফুট বহল মঞ্চ সাজি উলিওৱা হৈছে ৷সভা অনুষ্ঠিত হ’বলগীয়া খেলপথাৰত বৃহৎ জাতীয় পতাকাও উৰুওৱা হ’ব ৷ ৫০০ জুহালত কৃষকৰ বাবে খাদ্য প্ৰস্তুত কৰাৰ লগতে ১১০ খন গাঁৱৰ বাসিন্দাইও ঘৰতে খাদ্য প্ৰস্তুত কৰি আনিব ৷ইতিমধ্যে মুজাফ্ফৰনগৰ অভিমুখে কৃষকৰ সোঁত বৈছে ৷

- Donation -

উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কৃষি আইনৰ বিৰুদ্ধে আয়োজন কৰা এই বৃহৎ প্ৰতিবাদী কাৰ্যসূচীয়ে চিন্তাত পেলাইছে যোগী আদিত্যনাথ চৰকাৰক ৷

 

Leave A Reply

Your email address will not be published.