সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

উত্তৰ প্ৰদেশত জ্বৰৰ আতংকঃ এসপ্তাহত ৪০ টা শিশুসহ ৬৮ জনৰ মৃত্যু

কৰোনাৰ দ্বিতীয় ঢৌৰ বিভীষিকা আৰু তৃতীয় ঢৌৰ আশংকাৰ মাজতে ৰহস্যজনকভাৱে পশ্চিম উত্তৰ প্ৰদেশৰ কোনো কোনো অঞ্চলত জ্বৰে আতংকৰ সৃষ্টি কৰিছে। বিগত এসপ্তাহত জ্বৰত ৬৮ জনকৈ দুৰ্ভগীয়া লোকে প্ৰাণ হেৰুৱাইছে। মৃতসকলৰ ভিতৰত আছে ৪০ টা শিশু। এই ৰহস্যজনক জ্বৰৰ লক্ষণবোৰৰ ভিতৰত শৰীৰত পানীৰ অভাৱ হোৱা আৰু দ্ৰুত প্লেটলেট সৰি পৰাই প্ৰধান। অৱশ্যে কিছুমান ক্ষেত্ৰত ডেংগু জ্বৰৰ দৰে লক্ষণ দেখা গৈছে।
ৰোগীৰ সংখ্যা ইমানেই বৃদ্ধি পাবলৈ ধৰিছে যে হস্পিতালত বিচনাৰো অভাৱ হৈছে। এই জ্বৰৰ বেছিভাগ ঘটনা আগ্ৰা, মথুৰা, মৈনপুৰী, ইটা, কাচগঞ্জ আৰু ফিৰোজাবাদ জিলাৰ পৰা আহিছে।
স্বাস্থ্য বিষয়াসকলে টাইমছ অৱ ইণ্ডিয়াক দিয়া তথ্য অনুসৰি ফিৰোজাবাদ আটাইতকৈ বেছি প্ৰভাৱিত হৈছে আৰু পূৱ উত্তৰ প্ৰদেশৰ জ্বৰৰ কিছু ঘটনাও ঘটিছে পোহৰলৈ আহিছে।
ফিৰোজাবাদ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হোৱা ১৩৫ টা শিশুৰ ভিতৰত ৭২ টা শিশুয়ে এতিয়াও জীৱনৰ শেষ উশাহৰ বাবে সংগ্ৰাম কৰি থাকিবলগীয়া হৈছে। শিশু সকলৰ ৫০ শতাংশতকৈও অধিকৰ ডেংগুৰ লক্ষণ আছে। বহু ৰোগীক চিকিৎসাৰ বাবে আগ্ৰা আৰু অন্যান্য চহৰলৈ প্ৰেৰণ কৰা হৈছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ইতিমধ্যেই সোমবাৰে ৰোগী সকলৰ স্বাস্থ্যৰ বুজ লৈছে।
যোগীয়ে ঘোষণা কৰিছে যে যদি কোনোবাই চিকিৎসা সেৱাত বা কৰ্তব্যত অৱহেলা কৰে তেন্তে উচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ব্যক্তিগত চিকিৎসালয় আৰু গ্ৰাম্যাঞ্চলত মৃত্যু হোৱা লোকসকলৰ কোনো তথ্য চৰকাৰৰ হাতত নাই। তেনে ক্ষেত্ৰত নথিভূক্ত মৃত্যুৰ সংখ্যাতকৈ প্ৰকৃত মৃত্যুৰ সংখ্যা নিশ্চয়কৈ বেছি বুলি অনুমান কৰিব পাৰি।
ফিৰোজাবাদৰ মুখ্য চিকিৎসা অধীক্ষক ডাঃ হংসৰাজ সিঙে টাইমছ অৱ ইণ্ডিয়াৰ আগত প্ৰদান কৰা মন্তব্য অনুসৰি পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসক আৰু পেৰামেডিক্স সকলক সতৰ্ক কৰি দিয়া হৈছে। প্ৰাপ্ত তথ্য অনুযায়ী শিশুসকলক এই জ্বৰৰ পৰা আৰোগ্য হ’বলৈ দুসপ্তাহ সময়ৰ প্ৰয়োজন হৈছে। অতিৰিক্ত স্বাস্থ্য বিভাগৰ সঞ্চালক এ.কে. সিঙৰ মতে আগ্ৰা আৰু ইয়াৰ চাৰিওফালৰ অঞ্চলৰ তাপমাত্ৰাই এনে ৰোগ বিয়পাত সহায় কৰিছে। অৱশ্যে মৃত্যুৰ কাৰণ সম্পৰ্কে অনুসন্ধান কৰি থকা হৈছে।
ফিৰোজাবাদৰ বিধায়ক মনীষ আচিজাই কৈছে যে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভাৱ আৰু পানী জমা হৈ থকাৰ বাবেই এই ৰোগ বিয়পি পৰিছে। সপ্তম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ ফিৰোজাবাদৰ বিদ্যালয়সমূহ জ্বৰৰ প্ৰাদুৰ্ভাৱৰ বাবে এসপ্তাহৰ বাবে বন্ধ কৰি দিয়া হৈছে।

Leave A Reply

Your email address will not be published.