মোদীৰ একছত্ৰী নেতৃত্বৰ সলনি কোনে উত্থাপণ কৰিলে এন ডি এৰ সমন্বয়ৰক্ষী সমিতি গঠনৰ দাবী ?

Share This Article

এন ডি এত সকলো সুকলমে চলি থকা নাই ৷ নৰেন্দ্ৰ মোদীৰ একছত্ৰী নেতৃত্বৰ সলনি এন ডি এত সমন্বয়ৰক্ষী সমিতি গঠনৰ দাবী উত্থাপণ হৈছে ৷ এই দাবী জনাইছে বিহাৰত বিজেপিৰ অন্যতম সহযোগী দল জেডি(ইউ)য়ে  ৷ ইয়াৰ পূৰ্বে জে ডি(ইউ)য়ে পেগাছাছ ছফটৱেৰ কাণ্ডৰ তদন্ত দাবী কৰাৰ লগতে জাতিগত জনগণনাৰ দাবী লৈ বিৰোধী দল আৰ জে (ডি)ৰ সৈতে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছিল নীতিশ কুমাৰে ৷

সোমবাৰে দলটোৰ ৰাষ্ট্ৰীয় পৰিষদৰ বৈঠকৰ পাছত মুখপাত্ৰ কে চি ত্যাগীয়ে কয় –‘অটল বিহাৰী বাজপেয়ীৰ সময়ত যিদৰে এন ডি এৰ সমন্বয়ৰক্ষী সমিতি আছিল  , তেনেদৰে এখন সমিতি গঠন হোৱাটো আমি বিচাৰো ৷ যাতে মতভেদ থকা বিভিন্ন বিষয় আলোচনা কৰিব পৰা যায় ৷এই সমিতিয়ে জোটবন্ধন সুচাৰুৰূপে পৰিচালিত হোৱাত সহায় কৰিব আৰু এন ডি এৰ নেতাসকলৰ অনুচিত মন্তব্যও নিয়ন্ত্ৰণ কৰিব ৷’

দ্য ইণ্ডিয়ান এক্সপ্ৰেছক দিয়া এক সাক্ষাৎকাৰত তেও কয় যে দলে ৰাষ্ট্ৰীয় পৰিষদৰ বৈঠকত এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে যে নীতিশ কুমাৰ প্ৰধানমন্ত্ৰিত্বৰ দৌৰত নাই যদিও তেওৰ গাত প্ৰধানমন্ত্ৰী হোৱাৰ সকলো গুণেই আছে ৷

লোকসভা নিৰ্বাচনক লৈ সকলো ৰাজনৈতিক দলে কুচকাৱাজ আৰম্ভ কৰাৰ সময়তে জেডি(ইউ)ৰ শেহতীয়া স্থিতিয়ে স্পষ্ট কৰি দিছে যে এন ডি এত এতিয়া সকলো সুকলমে চলি থকা নাই ৷ বিজেপিক চাপত ৰাখিবলৈ সহযোগী দলসমূহে চেষ্টাৰ ত্ৰুটি কৰা নাই ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.