বিফলতা ঢাকিবলৈ ‘বনবীৰ’ উপাধি প্ৰদান !

সুদীৰ্ঘ ৫ টা দিনৰ অন্তত অসম মন্ত্ৰীসভাৰ সদস্য সকলৰ লগতে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ সদস্যসকলো দিল্লীৰ পৰা আহি গুৱাহাটীত ভৰি থয়হি শনিবাৰে। গুৱাহাটীত উপস্থিত হৈয়ে মৃত বনকৰ্মী বিদ্যাছিং লেকথেৰ ঘৰত উপস্থিত হয়গৈ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ নেতৃত্বত এটা দল।মৃত বিদ্যাছিং লেকথেক বন বীৰ ঘোষণা কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ।অসম-মেঘালয় সীমান্তৰ মুক্ৰৰ ঘটনাত নিহত বিদ্যাছিং লেকথেৰ বাসগৃহত ৫ টা দিনৰ অন্তত উপস্থিত হৈ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই উপাধি প্ৰদান কৰে জোৱানগৰাকীক। পাৰ্বত্য উন্নয়ন মন্ত্ৰী যোগেন মহনেও সংগ দিয়ে মুখ্য কাৰ্যবাহী গৰকীক।মুখ্য কাৰ্যবাহী আৰু পাৰ্বত্য উন্নয়ন মন্ত্ৰীৰ সৈতে বিধায়ক,সাংসদ আৰু কাৰ্বি স্বাযত্ব পৰিষদৰ টীম কাৰ্বি আংলঙৰ জন প্ৰতিনিধিৰ দল এটাও লেকথেৰ ঘৰত উপস্থিত হয়।মৃত গৃহৰক্ষী জোৱানৰ বাসগৃহত উপস্থিত হৈ পিতৃ-মাতৃৰ লগতে পৰিয়াল বৰ্গক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে দলটোৰ প্ৰতিগৰাকী সদস্যই।অৱশ্যে ঘটনা ঘটি যোৱাৰ ৫ দিন পিছত লেকথেৰ ঘৰত উপস্থিত হোৱাৰ বিষয়টো ডাইভাৰ্ট কৰিবলৈহে তেওঁক ‘বনবীৰ’ উপাধি প্ৰদান কৰা বুলি অভিযোগ তুলিছে বিৰোধীয়ে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296