বিজেপিৰ বিপদ !

তেলেংগানা ৰাষ্ট্ৰীয় সমিতিৰ বিধায়ক কিনাবেচাৰ লগত জড়িত থকাৰ অভিযোগত বিজেপি নেতা বি এল সন্তুোষলৈ বিশেষ তদন্তকাৰী গোটে পঠিওৱা জাননীৰ ওপৰত তেলেংগানা উচ্চ ন্যায়ালয়ে স্থগিতাদেশ দিছে।ন্যায়াধীশ কে সুৰেন্দৰে কয় যে ভাৰতীয় দণ্ডবিধি ৪১(ক) অনুসৰি এই জাননীখনে তদন্তত কোনো সহায় নকৰে।ন্যায়ালয়ৰ মতে “আৱেদনকাৰীৰ কোনো উদ্দেশ্য সিদ্ধি নহয় এই জাননীৰ যোগেদি।”উচ্চ ন্যায়ালয়ে বুধবাৰে বিশেষ তদন্তকাৰী গোট মানে SIT ক পুনৰ এই সন্দৰ্ভত নতুনকৈ জাননী পঠিয়াবলৈ নিৰ্দেশ দিছিল৷বিগত ২৩ নবেম্বৰত বিজেপি নেতা বি এল সন্তুোষলৈ জাননী প্ৰেৰণ কৰিছিল SIT এ। এই জাননীৰ প্ৰত্যুত্তৰ বি এল সন্তোষে অধিবক্তা বি ৰস্না ৰেড্ডীৰ জৰিয়তে দিছিল ।সন্তোষৰ হৈ ছিনিয়ৰ কাউঞ্চেল বি প্ৰকাশ ৰেড্ডীয়ে কয় SIT এ জাৰি কৰা জাননী খনৰ জৰিয়তে ভাৰতীয় দণ্ডবিধিৰ ৪১(ক)ৰ কোনো প্ৰয়োজনীয়তা পূৰণ নহয়।ৰেড্ডীয়ে ৩টা বিশেষ কাৰণত জাননী জাৰি কৰিব পাৰি বুলি প্ৰকাশ কৰিছে।সেই তিনিটা কাৰণ হ’ল যাৰ বিৰুদ্ধে যুক্তিপূৰ্ণ অভিযোগ আছে অথবা নিৰ্দিষ্ট ব্যক্তি জনৰ বিৰুদ্ধে উপযুক্ত প্ৰমাণ থাকিব লাগিব অথবা কোনো বিচাৰযোগ্য অপৰাধৰ লগত জড়িত থাকিব লাগিব।অৱশ্যে ইয়াৰ বিপৰীতে তেলেংগানাৰ মুখ্যমন্ত্ৰী কেচিআৰে এখন সংবাদমেলত কিছুমান ভিডিঅ’ ৰাজহুৱা কৰি বিজেপিয়ে তেওঁলোকৰ বিধায়কক ক্ৰয় কৰাৰ প্ৰমাণ দিছিল।আনহাতে, এই বিধায়ক ক্ৰয়ৰ ঘটনাৰ লগত বিজেপি জড়িত থকাৰ কথাটো অস্বীকাৰ কৰিছে বিজেপিয়ে৷বিজেপিৰ মতে এই অভিযোগবোৰ ‘নাটক’ আৰু ভিডিঅ’বোৰ ভাড়াতীয়া অভিনেতাৰ জৰিয়তে প্ৰস্তুত কৰা হৈছে।উল্লেখযোগ্য যে তেলেংগানা ৰাষ্ট্ৰীয় সমিতিৰ পাইলট ৰোহিত ৰেড্ডীয়ে তেওঁৰ অভিযোগত কৈছিল তিনিজন মানুহে তেওঁলোকে অফাৰ গ্ৰহণ নকৰিলে তেওঁলোকৰ বিৰুদ্ধে চিবিআইৰ তদন্ত আৰম্ভ কৰিব বুলি হুমকি দিছিল। উচ্চ ন্যায়ালয়ত বিজেপিয়ে এই তদন্ত কোনো নিৰপেক্ষ সংস্থা যেনে ‘চিবিআই’ৰ জৰিয়তে কৰাৰ আহ্বান জনাইছিল যদিও কিন্তু বিশেষ তদন্তকাৰী গোটৰ জৰিয়তে কৰাৰহে পোষকতা কৰিছিল ন্যায়ালয়ে। গুৰুত্বপূৰ্ণ বিষয়টো হ’ল তেলেংগানা ৰাষ্ট্ৰীয় সমিতিৰ বিধায়কক ক্ৰয় কৰিবলৈ ১০০কোটি টকাৰ অফাৰ দিয়াৰ অপৰাধত ৩জন লোকক বিগত সপ্তাহত গ্ৰেপ্তাৰ কৰা হৈছিল।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296