৮ জন তীৰ্থযাত্ৰীৰ মৃত্যু

Share This Article

এক ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে অতি কমেও ৮ জন তীৰ্থযাত্ৰীয়ে।ঘন কুঁৱলীৰ বাবে তীৰ্থয়াত্ৰী কঢ়িয়াই নিয়া বাহন খন এজোপা গছত খুন্দা মাৰি ৬০ ফুট দ’ খাৱৈত বাগৰি পৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।শুকুৰবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।কেৰালাৰ ইডুকী জিলাত এই দুৰ্ঘটনা সংঘটিত হৈছে৷কুমিলী-কুম্ভম ৰাষ্ট্ৰীয় ঘাইপথত মাজনিশা এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।সবৰীমালাত অৱস্থিত তীৰ্থৰ পৰা যাত্ৰা সামৰি উভতি অহাৰ পথত এই দুৰ্ঘটনাটো সংঘটিত হয়।বাহনখনত মুঠ ১০ গৰাকী তীৰ্থযাত্ৰী আছিল৷তাৰে ৭ জনৰ ঘটনাস্থলীতে মৃত্যু হয়৷বাকী ৩ জনৰ অৱস্থা সংকটজনক৷মৃত লোককেইজনৰ তামিলনাডুৰ।সবৰীমালা মন্দিৰটো পাম্বা ব্যাঘ্ৰ প্ৰকল্পৰ নিকটবৰ্ত্তী এলেকাত অৱস্থিত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.