Investigative reporting with dedication.

ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো’ যাত্ৰাক লৈ মূৰৰ কামোৰণিৰ অন্ত পৰা নাই বিজেপিৰ।বিগত ৭ ছেপ্তেম্বৰত আৰম্ভ হোৱা ‘ভাৰত জোড়ো’ যাত্ৰাত বিঘিনি ঘটাবলৈ যৎপৰোনাস্তি চেষ্টা চলালে বিজেপিয়ে।চলচ্চিত্ৰৰ গীতৰ পৰা আৰম্ভ কৰি চাভাৰকাৰলৈকে নানানটা বিতৰ্কত সাঙোৰ খুৱাব বিচাৰিছিল ৰাহুল গান্ধীক ৷তথাপিও ৰুদ্ধ নহ’ল ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা !শনিবাৰে দিল্লীত প্ৰৱেশ কৰা ৰাহুল গান্ধীৰ যাত্ৰাক উত্তৰ প্ৰদেশৰ সীমান্তত জাকে জাকে লোকে আগুৰি ধৰি অভিবাদন জনোৱা দৃশ্যই বিবুধিত পেলালে বিজেপিক।উপায়হীন বিজেপিয়ে হোৱাটচএপৰ জৰিয়তে প্ৰচাৰ কৰিলে এক ভুৱা খবৰ !লগে লগে যাত্ৰাত লাগিল হাহাকাৰ !কি এই ভুৱা খবৰ?কিয় দিলে এই ভুৱা বাৰ্তা?হোৱাটচএপ যোগে প্ৰচাৰিত খবৰটো আছিল-
‘ৰাহুল গান্ধীয়ে নববৰ্ষ উদযাপন কৰিব বিদেশত ৷এই যাত্ৰা দিল্লীতেই অন্ত পৰিব।’ইয়াতেই সন্তুষ্ট নহয় পুনৰ লক্ষ্ণৌ কৰ্টত চাভাৰকাৰ সম্পৰ্কত কৰা মন্তব্যৰ বাবে এজন বিশেষ ব্যক্তিয়ে তৰিলে গোচৰ।গোচৰীয়া নৃপেন্দ্ৰ পাণ্ডেৰ মতে বিনায়ক দামোদৰ চাভাৰকাৰ সম্পৰ্কত ৰাহুল গান্ধীয়ে মহাৰাষ্ট্ৰত উপলুঙাসূচক মন্তব্য কৰিছিল।অভিযোগকাৰী পাণ্ডেই এই অভিযোগ দিছিল যদিও ন্যায়ালয়ে আৰক্ষীক ইয়াৰ তদন্ত কৰিবলৈ দিয়াৰ আগতে উপযুক্ত প্ৰমাণ দিবলৈ নিৰ্দেশ দিয়ে।সঁচাকৈয়ে বিদেশলৈ যাব নেকি ৰাহুল গান্ধী?প্ৰকৃতাৰ্থত ৰাহুল গান্ধীৰ নেতৃত্বত আগবঢ়া ‘ভাৰত জোড়ো’ যাত্ৰাই ২৪ ডিচেম্বৰত দিল্লীত প্ৰৱেশ কৰাৰ পিছত নববৰ্ষ উপলক্ষে ৯ দিনৰ বিৰতি ল’ব বুলি আগতীয়াকৈ ইয়াৰ কাৰ্যসূচীত উল্লেখ কৰিছিল।কিন্তু জনতাক বিপথে পৰিচালিত কৰাৰ বাবে এই পদক্ষেপ লৈছিল বিজেপিয়ে।
বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰি কংগ্ৰেছ নেতা পৱন খেৰাই কয় যে বিজেপিয়ে যিমান পাৰে যাত্ৰা বন্ধ কৰাৰ কৌশল উলিয়াই আছে ।স্বাস্থ্য মন্ত্ৰী গৰাকীয়েও ৰাহুল গান্ধীকেই লক্ষ্য হিচাপে লৈছে।যাত্ৰাৰ সফলতা দেখি ৰাহুল গান্ধীকেই লক্ষ্য হিচাপে লৈ আহিছে বিজেপিয়ে !খেৰাই লগতে কয় কন্যাকুমাৰীত যাত্ৰা আৰম্ভ হওঁতেই বিজেপিয়ে ৩ দিনত এই যাত্ৰা অন্ত পৰিব বুলি কৈছিল কিন্তু লক্ষাধিক লোকৰ অংশগ্ৰহণেৰে আজি যাত্ৰাই ১০৮ দিনত ভৰি দিলেহি।




