ND tv ও আদানিৰ ‘সম্পত্তি’

Share This Article

১৯৮৮ চনত ND tv ৰ শুভাৰম্ভ হৈছিল।সেই সময়ত প্ৰতিষ্ঠাপক প্ৰণয় ৰয়ে বিশ্বাস কৰিছিল যে ভাৰতীয় সংবাদ মাধ্যম বিশ্বৰ অন্যতম শ্ৰেষ্ঠ সংবাদমাধ্যম৷কিন্তু উপযুক্ত প্লেটফৰ্মৰ অভাৱত ই সম্প্ৰসাৰণ হোৱা নাই।সেয়ে তেওঁ এখন পৃথক প্লেটফৰ্মৰ কথা ভাবিলে আৰু নাম দিলে ND tv.প্ৰতিষ্ঠাপক হিচাপে দুয়োৰে নাম উল্লেখ কৰি তেওঁলোকে লিখিছে-ND tv ৰ প্ৰতিষ্ঠাতা হিচাপে আমি বিশ্বাস কৰোঁ যে এই প্ৰতিষ্ঠানটোৱে আমাৰ আদৰ্শ আৰু আশাক প্ৰতিনিধিত্ব কৰিব পাৰিছে।বৰ্তমান ND tv ভাৰতৰ সবাতোকৈ বিশ্বাসযোগ্য প্ৰতিষ্ঠান হিচাপে পৰিচিত হৈছে। AMG মেডিয়া নেটৱৰ্ক বৰ্তমান ND tv ৰ সৰ্ববৃহৎ শ্বেয়াৰহল্ডাৰ।আমি এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰি আমাৰ শ্বেয়াৰ AMG মেডিয়াক চমজাই দিছোঁ।মুকলিকৈ আমাক অফাৰ আগবঢ়োৱাৰ পিছত আমি গৌতম আদানিৰ লগত গঠনমূলক আলোচনাত উপনীত হ’লো।আমাৰ আলোচনা ধনাত্মক দিশতেই আগুৱাই গৈছে।আদানিয়ে ন্যাসৰ সৈতে একে নামেৰে থকা ব্ৰেণ্ডতো বিনিয়োগ কৰিছে।আমি আশাবাদী যে তেওঁ সকলো দায়িত্ব গুৰুত্বসহকাৰে পালন কৰিব।আমি ND tv ক লৈ আশাবাদী।ইয়াৰ সমগ্ৰ টীমটোক লৈ আমি আশাবাদী।আমি আশা কৰোঁ আগন্তুক দিনবোৰত ND tv এ অধিক সফলতা লাভ কৰিব আৰু ND tv ক লৈ সকলো ভাৰতীয়ই গৌৰৱ কৰিব পাৰিব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.