ভেকচিন বিচাৰি আৰ্জি

Share This Article

অসমে বিচাৰিছে ভেকচিন।জৰুৰীভাৱে অসমে বিচাৰিছে ভেকচিন।১.৬ লাখ ভেকচিন লাগে অসমক।অসমত ভেকচিন আছে মাত্ৰ ২.৫৮ লাখ।প্ৰতিৱেশী ৰাজ্য চীনত ক’ভিডৰ নতুন ভেৰিয়েণ্টে ত্ৰাস সৃষ্টি কৰা বুলি সংবাদমাধ্যমত প্ৰকাশ পোৱাৰ পিছতেই সজাগ হৈছে অসম চৰকাৰ।অসমৰ জনতাক ক’ভিডৰ নতুন ভেৰিয়েণ্টৰ পৰা মুক্তি দিবলৈকে কেন্দ্ৰীয় চৰকাৰলৈ পুনৰ ক’ভিড ভেকচিন বিচাৰি আৱেদন জনাইছে ৰাজ্য চৰকাৰে।মুঠ এক লাখ কভিশ্বিল্ড আৰু ৬০ হাজাৰ কৰ্বিভেক্স ভেকচিন বিচাৰিছে অসম চৰকাৰে।উল্লেখ্য যে অসম চৰকাৰে এতিয়ালৈকে ক’ভিডৰ নতুন ভেৰিয়েণ্টৰ বাবে নিজাববীয়াকৈ কোনো নীতি নিয়ম জাৰি কৰা নাই।স্বাস্থ্য শিক্ষাৰ সঞ্চালক ডা° অনুপ কুমাৰ বৰ্মনে কয় ‘কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশাৱলীয়েই বৰ্তমান আমি অনুসৰণ কৰিম।’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.