দিল্লীত ‘প্ৰেমৰ দোকান’ !

Share This Article

বিগত ৭ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰা শনিবাৰে দিল্লীত প্ৰৱেশ কৰে।আজি পুৱা দিল্লীত প্ৰৱেশ কৰা যাত্ৰাত ৰাহুল গান্ধীক সংগ দিয়ে জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ,পৱন খেৰা,ভূপিন্দৰ সিং হুদা,কুমাৰী চেলেজা,ৰণদীপ সূৰ্যেৱালা আদিয়ে।কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধী,দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়েও ৰাহুল গান্ধীক এই যাত্ৰাত সহযোগিতা আগবঢ়ায়৷উল্লেখ্য যে ছোনিয়া গান্ধীয়ে যাত্ৰাত দ্বিতীয়বাৰৰ বাবে অংশ লৈছে।অক্টোবৰ মাহত ছোনিয়া গান্ধীয়ে কৰ্ণাটকত ৰাহুল গান্ধীক সংগ দিছিল।দিল্লীত এই যাত্ৰা প্ৰৱেশ কৰাৰ লগে লগে দিল্লী কংগ্ৰেছৰ মূৰব্বী অনিল চৌধুৰীয়ে ৰাহুল গান্ধীক আদৰণি জনায়।দলৰ কৰ্মীসকলক উদ্দেশ্যি ৰাহুল গান্ধীয়ে কয় ” আমাৰ এই যাত্ৰাৰ উদ্দেশ্য হৈছে ঘৃণাৰ দোকানৰ পৰিবৰ্তে প্ৰেমৰ দোকান খোলা৷দেশৰ সাধাৰণ জনতাই এতিয়া প্ৰেমৰ কথা কোৱা আৰম্ভ কৰিছে।সেয়ে লাখ লাখ লোকে আমাক সহযোগিতা আগবঢ়াইছে৷মই আৰএছএছ আৰু বিজেপিৰ কৰ্মী সকলক স্পষ্টকৈ কৈছোঁ যে আমি তোমালোকৰ ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান খুলিছোঁ।কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে বিজেপিয়ে বিভিন্ন ৰাজ্যত চলাই থকা ‘জন আক্ৰোশ যাত্ৰা’ লৈ ক’ভিড নিয়মাৱলী সম্পৰ্কত কোনো জাননী পঠিওৱা নাই কিন্তু আমালৈ জাননী পঠিয়াইছে।”আজিৰ যাত্ৰা লালকিল্লাত অন্ত পৰিব৷আশ্ৰমত ৩ ঘণ্টা জিৰণি ল’ব অংশগ্ৰহণকাৰীসকলে।বিগত ১৬ ডিচেম্বৰত ১০০ দিন সম্পূৰ্ণ কৰিলে ভাৰত জোড়ো যাত্ৰাই৷আজিৰ পৰা নববৰ্ষ উপলক্ষে ৯ দিনৰ বাবে যাত্ৰা স্থগিত ৰাখিব আৰু অহা ৩ জানুৱাৰীত পুনৰ এই যাত্ৰা আৰম্ভ কৰিব কংগ্ৰেছ নেতাজনে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.