সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মৰ্মান্তিক !১৬ সেনা নিহত

উত্তৰ ছিকিমৰ চেট্টানৰ পৰা থাংগুলৈ গৈ থকাৰ পথত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনা।ঘটনাটোত ৩ জন কমিছনড অফিছাৰ আৰু ১৩ গৰাকী সেনা নিহত হয়।দুৰ্ঘটনাটোত ৪ জন সেনা গুৰুতৰভাৱে আহত হৈছে।আহত জোৱান সকলক সেনা বিমানৰ সহায়ত উদ্ধাৰ কৰা হয়।প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এক টুইটাৰ বাৰ্তাৰ জৰিয়তে শোকবাৰ্তা প্ৰেৰণ কৰিছে।টুইটাৰ বাৰ্তাত ৰাজনাথ সিঙে লিখিছে “ অত্যন্ত মৰ্মাহত৷উত্তৰ ছিকি্মৰ এই দুৰ্ঘটনাক লৈ মৰ্মাহত হৈছোঁ।ৰাষ্ট্ৰই তেওঁলোকৰ সেৱাক শ্ৰদ্ধাৰে স্মৰণ কৰিব৷মই শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷আহত সকলৰ আশু আৰোগ্য কামনা কৰিলোঁ।”

Leave A Reply

Your email address will not be published.