মৰ্মান্তিক !১৬ সেনা নিহত

Share This Article

উত্তৰ ছিকিমৰ চেট্টানৰ পৰা থাংগুলৈ গৈ থকাৰ পথত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই দুৰ্ঘটনা।ঘটনাটোত ৩ জন কমিছনড অফিছাৰ আৰু ১৩ গৰাকী সেনা নিহত হয়।দুৰ্ঘটনাটোত ৪ জন সেনা গুৰুতৰভাৱে আহত হৈছে।আহত জোৱান সকলক সেনা বিমানৰ সহায়ত উদ্ধাৰ কৰা হয়।প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এক টুইটাৰ বাৰ্তাৰ জৰিয়তে শোকবাৰ্তা প্ৰেৰণ কৰিছে।টুইটাৰ বাৰ্তাত ৰাজনাথ সিঙে লিখিছে “ অত্যন্ত মৰ্মাহত৷উত্তৰ ছিকি্মৰ এই দুৰ্ঘটনাক লৈ মৰ্মাহত হৈছোঁ।ৰাষ্ট্ৰই তেওঁলোকৰ সেৱাক শ্ৰদ্ধাৰে স্মৰণ কৰিব৷মই শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷আহত সকলৰ আশু আৰোগ্য কামনা কৰিলোঁ।”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.