‘যাত্ৰা’ত গ’লেই বিদ্যুৎ বিছিন্ন !

Share This Article

ৰাহুল গান্ধীয়ে কন্যাকুমাৰীত আৰম্ভ কৰা ‘ভাৰত জোড়ো’ যাত্ৰাই ইতিমধ্যে ১১০ দিনত ভৰি দিব !এই সময়চোৱাত দলটোৱে এই যাত্ৰাৰ জৰিয়তে হাৰিয়ানা,মধ্য প্ৰদেশ,ৰাজস্থান আদি ৰাজ্যত পদযাত্ৰা সম্পূৰ্ণ কৰিছে।বিগত দিনবোৰত বিজেপিয়ে এই যাত্ৰা বন্ধ কৰাৰ বাবে নানান কৌশল অৱলম্বন কৰি অহাৰ অভিযোগ উত্থাপন হৈছে।যাত্ৰাত অংশ লোৱা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয় “ আমাৰ যাত্ৰাই সামৰি লোৱা চতুৰ্থখন বিজেপি শাসিত ৰাজ্য হ’ল হাৰিয়ানা।আমি যাত্ৰাৰ সময়ত কৰ্ণাটক,মধ্য প্ৰদেশ আৰু ৰাজস্থানত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছোঁ”গ্ৰামাঞ্চলৰ বিভিন্ন লোকৰ লগত মতবিনিময় কৰি কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয় “ যিসকল লোকে যাত্ৰাত অংশ লৈছে তেওঁলোকৰ ঘৰৰ বিদ্যুৎ সংযোগো বিছিন্ন কৰি দিছে ।”আনহাতে,আন এগৰাকী নেতা কংগ্ৰেছ নেতা পৱন খেৰাই কয় “ এখন গণতান্ত্ৰিক দেশত মানুহে প্ৰশ্ন কৰিবই।প্ৰশ্নবোৰৰ যুক্তি থাকিব লাগে আৰু সেইবোৰৰ ওপৰত আলোচনা হ’ব লাগে৷কিন্তু মোডী চৰকাৰৰ বিভাজনৰ ৰাজনীতিৰ বাবে এইটো সম্ভৱ হোৱা নাই।তেওঁলোকে সকলোবোৰ গণতান্ত্ৰিক প্ৰতিষ্ঠানক নিঃশেষ কৰি পেলালে৷”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.