জেললৈ যাব জয়াপ্ৰদা !

Share This Article

অভিনেত্ৰীৰ পৰা ৰাজনীতিক হোৱা প্ৰাক্তন সাংসদ জয়াপ্ৰদাৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ নিৰ্দেশ জাৰি কৰিছে।ৰামপুৰৰ এখন বিশেষ আদালতে প্ৰাক্তন সাংসদ গৰাকীৰ বিৰুদ্ধে জাৰি কৰিছে এই নিৰ্দেশ।২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত নিৰ্বাচন আয়োগৰ বিধি উলংঘা কৰাৰ অপৰাধত এই গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে আদালতে।চৰকাৰী অধিবক্তা অমৰনাথ তিৱাৰীয়ে কয়“ অহা ৯ জানুৱাৰীত গোচৰটো সম্পৰ্কত পুনৰ শুনানি গ্ৰহণ কৰা হ’ব৷জয়াপ্ৰদাই গোচৰটো সম্পৰ্কত আদালতত আজিলৈকে এবাৰো উপস্থিত নথকাৰ বাবে তেওঁৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে।”নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগ তুলি জয়াপ্ৰদাৰ বিৰুদ্ধে দুটা গোচৰ ৰুজু হৈছিল।২০১৯ চনৰ ১৮ আৰু ১৯ এপ্ৰিলত প্ৰাক্তন সাংসদগৰাকীৰ বিৰুদ্ধে এই দুটা গোচৰ ৰুজু কৰিছিল স্থানীয় আৰক্ষী থানাত।জয়াপ্ৰদা ৰামপুৰ সমষ্টিৰ পৰা সমাজবাদী পাৰ্টিৰ সাংসদ আছিল আৰু ২০১৯ চনত তেওঁ বিজেপিত যোগদান কৰিছিল।সেইবাৰ তেওঁ সমাজবাদী পাৰ্টিৰ আজম খানৰ হাতত পৰাজিত হৈছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.