ঋণ ঘূৰাই নিদিয়াৰ শীৰ্ষত মেহুল চোক্সী

Share This Article

বিভিন্ন বেংকৰ পৰা ঋণ লৈ ঋণ পৰিশোধ নকৰাৰ ক্ষেত্ৰত শীৰ্ষত আছে পলাতক ব্যৱসায়ী মেহুল চোক্সী মালিকানাধীন গীতাঞ্জলি জেমচ। বৃটেইনলৈ পলাই যোৱা এইগৰাকী ব্যৱসায়ীয়ে বিভিন্ন বেংকক পৰিশোধ কৰিবলৈ আছে ৭,৮৪৮ কোটি টকা। দ্বিতীয় স্থানত আছে এৰা ইনফ্ৰাৰ ৫,৮৭৯ কোটি টকা আৰু তৃতীয় স্থানত সন্দীপ আৰু সঞ্জয় ঝুনঝুনৱালাৰ ৰেইগো এগ্ৰো ৪,৮০৩ কোটি টকা।লোকসভাত বুধবাৰে এটা প্ৰশ্নৰ উত্তৰত এই তথ্য দাঙি ধৰে বিত্ত বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ভাগৱত কৰাডে। মন্ত্ৰীগৰাকীয়ে বেংকক ঋণ পৰিশোধ নকৰা ৫০ গৰাকী লোকৰ নামৰ তালিকা সদনৰ মজিয়াত দাখিল কৰে। এই কেইগৰাকী লোকে বিভিন্ন বেংকক পৰিশোধ কৰিবলৈ আছে ৯২,০০০ কোটি টকা।ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ তথ্যৰ ভিত্তিত যোৱা ৩১ মাৰ্চলৈকে এই তালিকা সদনত দাখিল কৰা হৈছে বুলি মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে।বুধবাৰে লোকসভাত এই তথ্য দাঙি ধৰে বিত্ত বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ভাগৱত কৰাডে ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.