সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

সমগ্ৰ কেবিনেটকেই নৰূপ দিব শীঘ্ৰেই,কিন্তু ক’ত?

মধ্য প্ৰদেশতো গুজৰাটৰ দৰেই একে পন্থা ল’ব বিজেপিয়ে।প্ৰতিষ্ঠান বিৰোধী ঢৌৱে স্পৰ্শই কৰিব নোৱাৰিব শাসনাধিষ্ঠিত চৰকাৰক ।হয়,এনে পন্থাই ল’ব বিজেপিয়ে৷ইতিমধ্যে ২০২৩ চনত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যবোৰত গুজৰাটৰ ৰণকৌশলকেই গ্ৰহণ কৰিব বিচাৰিছে বিজেপিয়ে।জনতাক ব্যস্ত ৰাখিব বেলেগ ইছ্যুত।জনতাই পাহৰি যাব মূল সমস্যাবোৰ৷তাৰবাবে খুব কম দিনৰ ভিতৰতে মন্ত্ৰীসভা সলনি কৰিব কেন্দ্ৰীয় নেতৃবৰ্গই।তদুপৰি ৪০ ৰ ৪৫% শতাংশ বিধায়কক অহা নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান নকৰে দলটোৱে।গুজৰাটৰ বিজেপি সভাপতি চি আৰ পাটিলক যোৱা সপ্তাহত প্ৰশংসাৰে উপচাই দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ইয়াৰ কাৰণ হ’ল দলটোৱে ১৫৬ খন আসনৰ পৰা ১৮২ খন আসন লাভ কৰাৰ ক্ষেত্ৰত পাটিলৰ আছে অপৰিসীম অৱদান।
মধ্যপ্ৰদেশৰ এগৰাকী জ্যেষ্ঠ নেতাই কয়“ অহা সপ্তাহত আমাৰ ৰাজ্যত ভোটাৰৰ লগত সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে জোৰদাৰ প্ৰচেষ্টা হাতত লোৱা হ’ব।”উল্লেখ্য যে ২০০৩ চনৰ পৰা ২০১৮ চনলৈ একেলেথাৰিয়ে মধ্য প্ৰদেশত বিজেপি দলেই শাসন কৰি আছে ।২০১৮ চনত ৰাজ্যখনৰ ২৩০ খন আসনৰ ভিতৰত কংগ্ৰেছ দলে ১১৪ খন আসনত জয়লাভ কৰি ক্ষমতাত অধিষ্ঠিত হৈছিল।আনহাতে বিজেপি দলে লাভ কৰিছিল ১০৯ খন আসন৷কিন্তু ২০২০ চনৰ মাৰ্চত বিজেপিয়ে পুনৰ ক্ষমতা দখল কৰিছিল৷কিয়নো কংগ্ৰেছৰ ২১জন বিধায়কে ২০২০ চনৰ মাৰ্চ মাহত কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল আৰু পুনৰ বিজেপি চৰকাৰ গঠন হৈছিল মধ্যপ্ৰদেশত।মধ্যপ্ৰদেশত মুঠ ৬৪হাজাৰ বুথ সমিতি আছে৷প্ৰতি জন নেতা তথা মন্ত্ৰীক অতি কমেও ১০ টাকৈ দিন বুথত কটোৱাৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় নেতৃত্বই।তদুপৰি দলটোৱে নতুন নেতৃত্বক গঢ় দিয়াৰ চেষ্টাও অব্যাহত ৰাখিছে৷সকলোবোৰ জিলা সভাপতি ৫০ বছৰৰ তলৰ আৰু সকলো মণ্ডল সভাপতি ৩৫ বছৰৰ তলৰ হোৱাটো একপ্ৰকাৰ বাধ্যতামূলক কৰিছে দলটোৰ শীৰ্ষ নেতৃত্বই।২০১১চনৰ লোকপিয়ল অনুসৰি মধ্য প্ৰদেশৰ অনুসূচিত জাতিৰ লোকৰ হাৰ ১৫.৬২ শতাংশ আৰু অনুসূচিত জনজাতিৰ লোক প্ৰায় ২১.২% আছে।২০১৮ চনৰ নিৰ্বাচনত অনুসূচিত জাতি আৰু জনজাতি বসতিপ্ৰধান অঞ্চলত দলটোৰ ফলাফল বেয়া আছিল।২০১৩ চনত দলটোৱে এনে অঞ্চলবোৰত ৩১খন আসন লাভ কৰাৰ বিপৰীতে ২০১৮ চনত লাভ কৰিছিল মাত্ৰ ১৬ খন আসন৷আনহাতে অনুসূচিত জনজাতি বসতিপ্ৰধান অঞ্চলত বিজেপিয়ে ২০১৩ চনত লাভ কৰিছিল ২৮ খন আসন আৰু ২০১৮ চনত লাভ কৰিছিল মাত্ৰ ১৮ খন আসন।

Leave A Reply

Your email address will not be published.