‘ভাৰত জোড়ো’ যাত্ৰাৰ সময়ত।অস্বস্তিত পৰিছে ৰাহুল গান্ধী !এটা বিশেষ শ্লোগানৰ বাবে অস্বস্তিত পৰিল ৰাহুল গান্ধী !
কি এই শ্লোগান ?ভাৰত জোড়ো যাত্ৰাই ১০০ দিনত ভৰি দিলে।দেওবাৰে পুৱা এই যাত্ৰা আৰম্ভ হয় ৰাজস্থানৰ দৌচাৰ পৰা।এই যাত্ৰাৰ সময়ত এক বিশেষ শ্লোগানৰ ধ্বনিয়ে আমনি দিলে ৰাহুল গান্ধীক। কি এই শ্লোগান ?’হামাৰা চিএম কেইচা হ’,শচীন পাইলট যেইচা হ’-এই শ্লোগানে অস্বস্তিত পেলালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক !’আমাৰ মুখ্যমন্ত্ৰী কেনে হোৱা উচিত,শচীন পাইলটৰ দৰে হোৱা উচিত ‘- এয়াই আছিল শ্লোগান !এই শ্লোগানে অস্বস্তিত পেলাইছিল ৰাহুল গান্ধীকে ধৰি আন জ্যেষ্ঠ অংশগ্ৰহণকাৰীক !কংগ্ৰেছৰ ‘ভাৰত জোড়ো’ যাত্ৰাই সামৰি লোৱা ৰাজস্থান হ’ল অষ্টমখন ৰাজ্য।কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ চলা এই ‘ভাৰত জোড়ো’ যাত্ৰাৰ প্ৰধান উদ্দেশ্য হৈছে সাধাৰণ জনতাৰ কাষ চপা৷কিন্তু বিভিন্ন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন আৰু লোকসভাৰ নিৰ্বাচনৰ বিষয়টোও লক্ষ্য হিচাপে লৈছে কংগ্ৰেছে৷এই যাত্ৰাৰ সময়ত কংগ্ৰেছ দল বহুবাৰ সমালোচনাৰ সন্মুখীন হৈছে৷চিনেমাৰ গান সংযোজন কৰাৰ বাবে সমালোচনালৈ আহিছিল দলটো।কংগ্ৰেছৰ এই যাত্ৰা ৰাজস্থানৰ কলা’খৰৰ ডৌচাৰ পৰা আজি পুৱা আৰম্ভ হয়।
ৰাজস্থানত যাত্ৰা প্ৰৱেশ কৰাৰ সময়ত সকলোৰে দৃষ্টি নিবদ্ধ হৈছে গেহলট -পাইলট যুটিত৷এনডিটিভিৰ এক সাক্ষাৎকাৰত প্ৰাক্তন উপমুখ্যমন্ত্ৰী শচীন পাইলটক মুখ্যমন্ত্ৰী গেহলটে ‘গাড্ডাৰ’ আখ্যা দিছিল।শুকুৰবাৰে ১০০ দিনত ভৰি দিয়া যাত্ৰাত অংশ লোৱা ৰাহুল গান্ধীয়ে কয় “ আমাৰ দলটো ফেচিষ্ট চৰিত্ৰৰ নহয়৷আমি আলোচনা আৰু যুক্তিপূৰ্ণ সমালোচনাৰ বাবে সাজু৷আমি এইবোৰ সহ্য কৰিব পাৰোঁ৷আমাৰ কোনো আপত্তি নাই।“গেহলট -পাইলটৰ মাজত চলি থকা খামখেয়ালী সম্পৰ্কত ৰাহুল গান্ধীক প্ৰশ্ন কৰাত তেওঁ এনেদৰে মন্তব্য কৰিছিল।
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
Prev Post