সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

শ্বিলঙত সান্ধ্য আইন কেতিয়ালৈ ?

মেঘালয়ৰ পৰিস্থিতি লাহে লাহে শান্ত হৈছে যদিও ৰাজধানী শ্বিলঙত  ১৮ আগষ্টৰ পুৱা ৫ বজালৈ সান্ধ্য আইনৰ সময় বৃদ্ধি কৰা হৈছে ৷ তদুপৰি চাৰিখন জিলাৰ ইন্টাৰনেট সেৱাও কৰ্তন কৰা হৈছে ৷

মঙলবাৰে মেঘালয় চৰকাৰে প্ৰকাশ কৰা মতে সান্ধ্য আইন বলবৎ কৰাৰ পাছত ৰাজধানী শ্বিলঙত কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই ৷ জনসাধৰণৰ সহায়ৰ বাবে আৰক্ষীয়ে মুকলি কৰিছে হেল্পলাইন নম্বৰ ৷ তিনিটা কন্ট্ৰ’ল ৰুম স্থাপন কৰি আৰক্ষীয়ে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে ৷

- Donation -

উল্লেখ্য যে , বিদ্ৰোহী সংগঠন এইচ এন এল ছিৰ প্ৰাক্তণ নেতা এগৰাকীৰ আৰক্ষীৰ হাতত মৃত্যৰ পাছতে উত্তপ্ত হৈ পৰিছিল ৰাজ্যখন ৷ ৰাজধানী শ্বিলঙকে ধৰি বিভিন্ন স্থানত সংঘটিত হৈছিল ব্যাপক হিংসাত্মক ঘটনা ৷ যাৰ ফলত শ্বিলঙত সান্ধ্য আইন বলবৎ কৰিবলগীয়া হয় ৷

 

Leave A Reply

Your email address will not be published.