শ্বিলঙত সান্ধ্য আইন কেতিয়ালৈ ?

Share This Article

মেঘালয়ৰ পৰিস্থিতি লাহে লাহে শান্ত হৈছে যদিও ৰাজধানী শ্বিলঙত  ১৮ আগষ্টৰ পুৱা ৫ বজালৈ সান্ধ্য আইনৰ সময় বৃদ্ধি কৰা হৈছে ৷ তদুপৰি চাৰিখন জিলাৰ ইন্টাৰনেট সেৱাও কৰ্তন কৰা হৈছে ৷

মঙলবাৰে মেঘালয় চৰকাৰে প্ৰকাশ কৰা মতে সান্ধ্য আইন বলবৎ কৰাৰ পাছত ৰাজধানী শ্বিলঙত কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই ৷ জনসাধৰণৰ সহায়ৰ বাবে আৰক্ষীয়ে মুকলি কৰিছে হেল্পলাইন নম্বৰ ৷ তিনিটা কন্ট্ৰ’ল ৰুম স্থাপন কৰি আৰক্ষীয়ে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে ৷

উল্লেখ্য যে , বিদ্ৰোহী সংগঠন এইচ এন এল ছিৰ প্ৰাক্তণ নেতা এগৰাকীৰ আৰক্ষীৰ হাতত মৃত্যৰ পাছতে উত্তপ্ত হৈ পৰিছিল ৰাজ্যখন ৷ ৰাজধানী শ্বিলঙকে ধৰি বিভিন্ন স্থানত সংঘটিত হৈছিল ব্যাপক হিংসাত্মক ঘটনা ৷ যাৰ ফলত শ্বিলঙত সান্ধ্য আইন বলবৎ কৰিবলগীয়া হয় ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.