সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আদানিৰ ‘ৰাজনীতি’ !

প্ৰতিশোধ পৰায়ণতাত নামিছে বিজেপিৰ ঘনিষ্ঠ আদানি  ! বিজেপিক হৰুৱাৰ প্ৰতিশোধ আদানিৰ ! হিমাচলত বন্ধ কৰি দিলে চিমেণ্টৰ কাৰখানা ! সংস্থাপন হেৰুৱালে হাজাৰ হাজাৰ কৰ্মচাৰীয়ে ।বিলাসপুৰ জিলাৰ এচিচি চিমেণ্ট প্লেণ্ট আৰু চলান জিলাৰ দৰলঘাটৰ অম্বুজা চিমেণ্ট প্লেণ্ট হিমাচল প্ৰদেশৰ নিৰ্বাচনী ফলাফল বিজেপিৰ বিপক্ষে যোৱাৰ পিছতে বন্ধ কৰি দিয়ে আদানি গ্ৰুপে।উল্লেখ্য যে যোৱা বৃহস্পতিবাৰে আদানি গ্ৰুপে পাহাৰীয়া ৰাজ্য খনৰ দুটা চিমেণ্ট উদ্যোগ বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল।আদানি গ্ৰুপে অৱশ্যে ইয়াৰ পৰিবহন ব্যয় বেছি হোৱাৰ বাবে এই প্লেণ্ট কেইটা বন্ধ কৰাৰ কথা ঘোষণা কৰিছে বুলি জাননীত উল্লেখ কৰিছে।অৱশ্যে বহুতেই ইয়াত এক বৃহৎ ষড়যন্ত্ৰৰ গোন্ধ পাইছে।তেওঁলোকৰ মতে কংগ্ৰেছ চৰকাৰক শ’লঠেকত পেলাবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে আদানি গ্ৰুপে।
উল্লেখ্য যে কংগ্ৰেছ দল ক্ষমতালৈ আহিলে চিমেণ্টৰ মূল্য হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল নিৰ্বাচনী প্ৰচাৰৰ সময়ত। হিমাচল প্ৰদেশৰ মুখ্য সচিব আৰ ডি ধীমানে আদানিৰ পৰিবহন ব্যয় বৃদ্ধিৰ এই অভিযোগ সম্পৰ্কত শ্ৰম বিভাগ,পৰিবহন আৰু উদ্যোগ বিভাগৰ বিষয়ববীয়াৰ লগত আলোচনাত মিলিত হৈছে।হিমাচল প্ৰদেশ চৰকাৰে ইতিমধ্যে আদানি গ্ৰুপক কোনো আগতীয়া জাননী নোহোৱাকৈ অকস্মাতে প্লেণ্ট বন্ধ কৰা কাৰ্যৰ বিৰোধিতাৰে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে।“ জনতাৰ জীৱন জীৱিকাৰ লগত সম্পৰ্ক থকা ইমান এটা গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কত সিন্ধান্ত লওঁতে আপোনালোকে চৰকাৰক বিশ্বাসত নল’লে৷তদুপৰি সমস্যাটো সমাধানৰ বাবে আপোনালোকে ৰাজ্য চৰকাৰৰ অধীনৰ কোনো সহযোগী সংস্থাৰ লগত আলোচনা নকৰিলে।আপোনালোকৰ এই প্লেণ্ট স্থাপনৰ নামত আমাৰ যথেষ্ট সংখ্যক লোকে নিজৰ ভূমি হেৰুৱালে অথবা চৰকাৰীভাৱে অধিগ্ৰহণ কৰা হ’ল৷কৰ্মসংস্থাপন হেৰুওৱা লোক সকলৰ কি হ’ব সেই সম্পৰ্কেও আপোনালোকে কোনো সিন্ধান্ত নল’লে৷গতিকে আপোনালোকলৈ কিয় জাননী দিয়া নহ’ব”- এনেদৰে জাননীখনত উল্লেখ কৰে চৰকাৰে।উল্লেখ্য যে এই কোম্পানী দুটাত প্ৰত্যক্ষভাৱে প্ৰায় ১৫০০ কৰ্মচাৰী আৰু পৰোক্ষভাৱে প্ৰায় ২৫০০০ লোক জড়িত হৈ আছে ।

Leave A Reply

Your email address will not be published.