‘চীনা সৈন্যই পিটিছে ভাৰতীয় সেনাক!’

Share This Article

ৰাহুল গান্ধীক বহিস্কাৰ কৰক !কংগ্ৰেছৰ পৰা শীঘ্ৰেই বহিস্কাৰ কৰক ৰাহুল গান্ধীক !দম আছে যদি খাৰ্গেই লওক এই সিন্ধান্ত !
অৰুণাচল প্ৰদেশত চীনা সৈন্যইহে ভাৰতীয় সেনাৰ ওপৰত মাৰপিট কৰা বুলি মন্তব্য দিছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ গৌৰৱ ভাটিয়াই ৰাহুল গান্ধীৰ এই মন্তব্যক তীব্ৰ সমালোচনা কৰি কৈছে“ কংগ্ৰেছ সভাপতি খাৰ্গেৰ যদি অলপো সাহস আছে আৰু তেওঁ যদি ৰিম’ট কণ্ট্ৰলৰ জৰিয়তে পৰিচালিত নহয়,তেন্তে ৰাহুল গান্ধীক দলৰ পৰা বহিস্কাৰ কৰক৷বিৰোধী দলবোৰ যদি দেশৰ বাবে একেলগে ঠিয় দিয়ে তেন্তে ৰাহুল গান্ধী সম্পৰ্কত সকলোৱে মাত মতা উচিত৷কাৰণ ৰাহুল গান্ধীৰ এই মন্তব্যই ভাৰতীয় সেনাৰ মনোবল হ্ৰাস কৰিব।”বিজেপি নেতাগৰাকীৰ মতে গান্ধীৰ এই মন্তব্যৰ বিৰোধিতা নকৰা মানে বিৰোধী দলবোৰৰ মনোবল ভাঙি দিয়া।”কংগ্ৰেছ দলটো এতিয়া এটা ৰাজনৈতিক দলতকৈ ,ভাৰত বিৰোধী কাৰ্যকলাপৰ বাবে বেছি বিখ্যাত হৈ পৰিছে”-এনেদৰে মন্তব্য কৰে বিজেপি নেতা গৌৰৱ ভাটিয়াই।শুকুৰবাৰে জয়পুৰত এক সংবাদমেল সম্বোধন কৰি ৰাহুল গান্ধীয়ে দাবী কৰিছিল যে চীনে যুদ্ধৰ বাবে নিজকে সাজু কৰিছে।কিন্তু ভাৰত চৰকাৰে এই আক্ৰমণক সহজভাৱে গ্ৰহণ কৰিছে৷চৰকাৰ টোপনিত লালকাল বুলিও কটাক্ষ কৰিছিল ৰাহুল গান্ধীয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.