১২ নবেম্বৰত হ’ব নিৰ্বাচন

Share This Article

নিৰ্বাচনৰ দিন ঘোষণা হিমাচলৰ,নহ’ল গুজৰাটৰ | ৬৮ খন আসনৰ বাবে একেটা পৰ্যায়তে হ’ব ভোটগ্ৰহণ
৪৩ হাজাৰ যুৱ ভোটাৰে প্ৰথম বাৰৰ বাবে অংশ ল’ব ভোটগ্ৰহণ প্ৰক্ৰিয়াত | নিৰ্বাচন আয়োগে শুকুৰবাৰে ঘোষণা কৰে নিৰ্বাচনৰ দিন ৷ হিমাচল প্ৰদেশত ১২ নবেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব ৷
ভোট গণনা অনুষ্ঠিত হ’ব ৮ ডিচেম্বৰত ৷ অৱশ্যে নিৰ্বাচন আয়োগে গুজৰাট বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণাৰ পৰা বিৰত থাকে শুকুৰবাৰে ৷ ৰাজ্যখনৰ মুঠ ৬৮ খন আসনৰ বাবে এটা পৰ্যায়তে নিৰ্বাচন অনুষ্ঠিত হ’ব৷ ৰাজ্যখনৰ জলবায়ু পৰিবৰ্তনৰ দিশটোলৈ লক্ষ্য ৰাখি নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিন আৰু ভোটগণনাৰ দিন ধাৰ্য কৰা হৈছে ৷ মুঠ ৪৩ হাজাৰ ভোটাৰে ৰাজ্যখনত প্ৰথমবাৰৰ বাবে ভোটদান কৰিব ৷ ১০০ বছৰৰ উৰ্ধৰ মুঠ ১০০০ গৰাকী ভোটাৰ আছে আৰু নিৰ্বাচন আয়োগে ঘৰে ঘৰে গৈ এই জ্যেষ্ঠ ব্যক্তি সকলৰ ভোট সংগ্ৰহ কৰিব ৷তদুপৰি ৮০ বছৰৰ ওপৰৰ সকলো ভোটাৰৰ ওচৰলৈ গৈ ভোট সংগ্ৰহ কৰিব নিৰ্বাচন আয়োগে ৷মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰক সাংবাদিকে গুজৰাট বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা নকৰাৰ কাৰণ সম্পৰ্কে সোধাত তেওঁ কয় যে ২০১৭ চনৰ নীতি অনুসৰি দুখন ৰাজ্যৰ নিৰ্বাচনৰ দিন একে দিনাই ঘোষণা কৰা নহয় ৷ ২০১৭ চনতো হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছিল ১৩ অক্টোবৰত আৰু গুজৰাটৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছিল ২৫ অক্টোবৰত ৷

অৱশ্যে দুয়োখন ৰাজ্যৰ ফলাফল একেদিনাই অৰ্থাৎ ১৮ ডিচেম্বৰত ঘোষণা কৰা হৈছিল ৷ অৱশ্যে দুয়োখন ৰাজ্যৰ নিৰ্বাচনৰ দিন একেদিনাই ঘোষণা নকৰাৰ কাৰণ সম্পৰ্কে নিৰ্বাচন আয়োগে হিমাচল প্ৰদেশৰ জলবায়ুৰ বিষয়টোও উত্থাপন কৰিছে ৷ তদুপৰি দুয়োখন ৰাজ্যৰ বিধানসভাৰ কাৰ্যকালৰ মাজত ৪০ দিনৰ ব্যৱধান আছে বুলিও উল্লেখ কৰে নিৰ্বাচন আয়োগে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.