বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ কংগ্ৰেছী

Share This Article

উচতনি দি গ্ৰেপ্তাৰ কংগ্ৰেছ নেতা। মোডীৰ ‘হত্যা’ইহে কৰিব গণতন্ত্ৰ প্ৰতিষ্ঠা।এই অভিযোগ কৰা প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী গ্ৰেপ্তাৰ।মধ্য প্ৰদেশৰ কংগ্ৰেছ নেতা ৰাজা পাটেৰিয়াক গ্ৰেপ্তাৰ৷আজি পুৱা গ্ৰেপ্তাৰ কৰে পাটেৰিয়াক।মধ্য প্ৰদেশৰ এই গৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ ভাষ্যই লগাইছে তোলপাৰ ।ৰাজা পাটেৰিয়া নামৰ জ্যেষ্ঠ কংগ্ৰেছী জনে এক জনসভাত সংবিধান ৰক্ষাৰ স্বাৰ্থত মোডীক ‘হত্যা’ কৰিব লাগে বুলি উল্লেখ কৰিছিল ।অৱশ্যে ভাষণৰ পিছতে তেওঁ এই কথা স্পষ্ট কৰি দিছে ‘হত্যা’ বা ‘মৰা’ শব্দটোৰ জৰিযতে তেওঁ ‘পৰাজিত’ কৰাৰ কথাহে বুজাব বিচাৰিছে ।’ভাৰত জোড়ো’ যাত্ৰাৰ মাজতে পাটেৰিয়াৰ এই ভাষ্যই কংগ্ৰেছ দলটোক অস্বস্তিত পেলাইছে।ইতিমধ্যে প্ৰাক্তন মন্ত্ৰীজনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিছিল মধ্যপ্ৰদেশ চৰকাৰে।এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে এইটো এটা ‘অক্ষমণীয় অপৰাধ’ আখ্যা দিছে ৷মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ৰাহুল গান্ধীক ইয়াৰ বাবে জগৰীয়া কৰিছে৷“ ভাৰত জোড়ো যাত্ৰা কৰা সকলৰ মুখা খোল খালে”- এনেদৰে কয় মুখ্যমন্ত্ৰী চৌহানে।পাটেৰিয়াৰ সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ’টোত প্ৰকাশ পোৱা কথাখিনি এনেধৰণৰ ” মোডীয়ে গণতন্ত্ৰ শেষ কৰিব মোডীয়ে ধৰ্ম,জাতি,ভাষাৰ ভিত্তিত জনতাক ভাগ ভাগ কৰিব৷দলিতৰ জীৱন,জনজাতীয় লোকৰ জীৱন আৰু সংখ্যালঘুৰ জীৱন বিপদাপন্ন হ’ব ৷যদি ভাৰতীয় সংবিধানক ৰক্ষা কৰাটো বিচাৰে তেন্তে মোডীক বধ কৰিব লাগিব।”অৱশ্যে সেই একেটা ভিডিঅ’তে কংগ্ৰেছ নেতা গৰাকীয়ে ‘মাৰ্ডাৰ’ শব্দটোৰ জৰিয়তে মোডীক নিৰ্বাচনত পৰাজিত কৰাৰ কথা কৈছে।তেওঁ লগতে কয় যে তেওঁ মহাত্মা গান্ধীৰ আদৰ্শ অনুকৰণ কৰে গতিকে তেওঁ মোডীক নিৰ্বাচনত পৰাজিত কৰাৰ কথাহে কৈছিল।মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে কংগ্ৰেছৰ প্ৰকৃত মুখা খোল খাইছে ।“ শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী গৰাকী আমাৰ অন্তৰত আছে৷তেওঁৰ ওপৰতে গভীৰ বিশ্বাস দেশৰ জনগণৰ৷কংগ্ৰেছৰ লোকসকলে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনত নামিব নোৱাৰে ।সেয়ে কংগ্ৰেছীয়ে এতিয়া হত্যাৰ কথা কৈছে৷এনেধৰণে ইৰ্ষাৰ ভাৱ আছে কংগ্ৰেছৰ৷কংগ্ৰেছীৰ প্ৰকৃত চৰিত্ৰ প্ৰকাশ পালে৷এটা গোচৰ ইতিমধ্যে ৰুজু কৰা হৈছে ৷এতিয়া আইনে নিজৰ পথ ল’ব ”-এনেদৰে কয় মুখ্যমন্ত্ৰী চৌহানে।কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ ভেংকটেশ যোশীয়ে কয় “ এইটো এটা অক্ষমণীয় অপৰাধ৷যদিও ৰাজা পাটাৰিয়াই নিজকে মানসিকভাৱে অসুস্থ বুলি কৈছে ,তেওঁ এই অপৰাধৰ পৰা মুক্ত হ’ব নোৱাৰে৷মই মধ্য প্ৰদেশ চৰকাৰক পাটাৰিয়াক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনালোঁ।”আনহাতে,কংগ্ৰেছ দলেও কংগ্ৰেছ নেতাগৰাকীৰ এই ভাষ্যৰ তীব্ৰ বিৰোধিতা কৰিছে৷“ এনেকুৱা মন্তব্য একেবাৰে গ্ৰহণযোগ্য নহয়৷প্ৰধানমন্ত্ৰী বুলিয়েই নহয় কাৰো বিৰুদ্ধেই এনে মন্তব্য কৰা উচিত নহয়৷কংগ্ৰেছ দলে এনে কথা সদায়ে বিৰোধিতা কৰে”- এনেদৰে কয় কংগ্ৰেছ নেতা পৱন খেৰাই।”এনেকুৱা ভাষা কাৰোবাৰ বিৰুদ্ধে ঘাইকৈ এগৰাকী প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ব্যৱহাৰ কৰাটো তেওঁৰ ভুল আৰু তেওঁ কোনো অজুহাত দেখুৱাই লাভ নাই”- এনেদৰে পুনৰ মন্তব্য কৰে পৱন খেৰাই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.