আৰক্ষী হ’লগৈ চিকিৎসক !

Share This Article

কনিষ্টবল হ’ল চিকিৎসা শাস্ত্ৰৰ ছাত্ৰী !মধ্য প্ৰদেশত ঘটিল নাভূত নাশ্ৰুত ঘটনা !ৰেগিং বন্ধ কৰাৰ বাবে গ্ৰহণ কৰিলে অভিনৱ পদক্ষেপ।পিন্ধনত বগা কোট,যেন মেডিকেলৰ ছাত্ৰী !ঘটনাটো অসমৰ নহয়,মধ্য প্ৰদেশৰ ইন্দোৰৰ ঘটনা এয়া।দেখাই শুনাই শুৱনি ২৫ বছৰীয়া শ্বালিনী চৌহানে মধ্য প্ৰদেশৰ ইন্দোৰত অৱস্থিত মহাত্মা গান্ধী মেম’ৰিয়েল মেডিকেল কলেজত বিগত দুটা মাহ কটালে ছাত্ৰী হিচাপে।উদ্দেশ্য আছিল কলেজৰ কেণ্টিনত সময় কটোৱা আৰু ছাত্ৰীসকলৰ লগত বাৰ্তা বিনিময় কৰি ৰেগিঙৰ জালত পৰিছে নেকি তাৰ খবৰ সংগ্ৰহ কৰা।কনিষ্টবল গৰাকীয়ে ছাত্ৰী হিচাপে ইমানেই সাৱলীল ‘অভিনয়’ কৰিছিল যে তেওঁক কলেজখনৰ আন ছোৱালীবোৰে একে লগৰে ছাত্ৰী বুলি ৰেগিং সম্পৰ্কত সন্মুখীন হোৱা সমস্যাৰ বিষয়ে জনাইছিল।কনিষ্টবল শ্বালিনীয়ে এই তথ্য সংগ্ৰহ কৰাৰ পিছত ৰেগিং কাণ্ডত অভিযুক্ত মুঠ ১১গৰাকী ছাত্ৰীক গ্ৰেপ্তাৰ কৰে ইন্দোৰ আৰক্ষীয়ে।“ মই কেণ্টিনত বহিছিলোঁ কাৰণ কেণ্টিনত মুকলিমূৰীয়াকৈ সকলোৱে কথা পাতে ৷তদুপৰি তাত কোনো পৰিচয় পত্ৰৰ প্ৰয়োজন নহয়”- এনেদৰে মন্তব্য কৰে চৌহানে।“ প্ৰথম অৱস্থাত কিছুসংখ্যক ছাত্ৰীয়ে মোক সন্দেহৰ চকুৰে চাইছিল৷ভয়ো কৰিছিল৷তেওঁলোকে মোৰ কথাত সন্দেহ কৰিব বুলি ময়ো অৱশ্যে অপ্ৰস্তুত হৈ আছিলোঁ৷সেয়ে মই বৰ সতৰ্কতা অৱলম্বন কৰিছিলোঁ ”-এনেদৰে কৈছিল চৌহানে।চৌহানে এনে পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰধান উদ্দেশ্য আছিল ৰেগিং বন্ধ কৰা৷ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ পিছতো কিন্তু সেই চিকিৎসা মহাবিদ্যালয়খনত ৰেগিং বন্ধ হোৱা নাছিল।উপায়হীন হৈ তেওঁ ৰেগিঙৰ অত্যাচাৰৰ পৰা ছাত্ৰীক মুক্তি দিবৰ বাবে এই ভেশচন ধৰাৰ কৌশল লৈছিল।চলিত বৰ্ষৰ জুলাই মাহত নতুন দিল্লীৰ এণ্টি ৰেগিং হেল্পলাইনত ইন্দোৰৰ সেইখন চিকিৎসা মহাবিদ্যালয়ৰ পৰা ফোন আহিছিল ।তাত ছাত্ৰী সকলে অভিযোগ দিছিল যে তেওঁলোকক জ্যেষ্ঠ সকলে কোঠালৈ মাতি নি চৰিয়ায় আৰু গালি দিয়ে৷কিন্তু অভিযোগকাৰীয়ে ইয়াতকৈ কোনো বিশেষ তথ্য দিয়া নাছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.