মনে ন্যায় পাবনে?

Share This Article

মনৰ ভুক্তভোগীয়ে ন্যায় নাপায় ! নিৰীহক হত্যা কৰিও কৰি আছে চাকৰি ।চৰকাৰে দিছে তদন্তত বাধা নাগালেণ্ডৰ মন জিলাৰ ঘটনাটো মনত আছেনে?নাগালেণ্ডৰ মন জিলাত সাধাৰণ জনতাৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ এটা বছৰ সম্পূৰ্ণ হ’ল।উক্ত ঘটনাত ১৩জন নিৰীহে প্ৰাণ হেৰুৱাইছিল।কাম কৰি উভতি আহোঁতে ভাৰতীয় সেনাই উপৰ্যুপৰি গুলীচালনা কৰিছিল এটা শ্ৰমিকৰ দলৰ ওপৰত ।এই ঘটনাৰ পিছতো ভাৰতীয় সেনাই সাধাৰণ নাগৰিকৰ ওপৰত ধাৰাষাৰ গুলীবৰ্ষণ কৰিছিল।উদ্দেশ্য আছিল এই ঘটনাৰ সাক্ষী নোহোৱা কৰা।গোচৰটো তদন্ত কৰিবলৈ বিশেষ তদন্তকাৰী সমিতি গঠন কৰি দিয়া হৈছিল।অৱশ্যে এতিয়াও তদন্তকাৰী গোটে প্ৰতিবেদনৰ তথ্য ৰাজহুৱা কৰা নাই।এই প্ৰতিবেদনত সেনা অভিযানৰ সময়ত ৬ জন সাধাৰণ লোক নিহত হোৱা বুলি উল্লেখ কৰিছে৷অৱশ্যে নাগালেণ্ড আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে এক নিজাববীয়াকৈ গোচৰ তৰিছে৷হত্যা,সাক্ষ্য প্ৰমাণ নষ্ট আৰু অপৰাধৰ ষড়যন্ত্ৰৰ অভিযোগৰ গোচৰ ৰুজু কৰিছে নাগালেণ্ড আৰক্ষীয়ে।ভাৰতীয় সেনাই অৱশ্যে উগ্ৰপন্থী বুলি সন্দেহত এনে ঘটনা সংঘটিত কৰা বুলি দাবী কৰিছে।”ঘটনাটো সংঘটিত হোৱাৰ পিছতে মই এটা নিবন্ধ লিখিছিলোঁ।তাত মই লিখিছিলোঁ ভাৰত চৰকাৰে সেনাবাহিনীৰ বিশেষ ক্ষমতা আইন দোষী সাব্যস্ত ব্যক্তিৰ ক্ষেত্ৰতহে প্ৰয়োগ কৰিব পাৰে৷মই তাত লিখিছিলোঁ যে এনেকুৱা তদন্ত কেতিয়াও সামৰিক বাহিনীৰ ওপৰত ন্যস্ত কৰা উচিত নহয় কাৰণ সামৰিক বাহিনীৰ লোকে বহু সময়ত মানৱাধিকাৰ ভংগ কৰে।মই আগতেই উল্লেখ কৰিছোঁ যে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন খন ভাৰত চৰকাৰে দেশৰ ভিতৰত য’তে বিচাৰে ত’তে প্ৰয়োগ কৰিব পাৰে৷বহুতো মানৱাধিকাৰ সংস্থা আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাই সশস্ত্ৰ বাহিনীৰ ক্ষমতা আইন উঠাই দিবলৈ দাবী কৰি আহিছে৷ৰাষ্ট্ৰসংঘৰ বিশেষ সমিতিৰ আগত বেলজিয়াম আৰু নৰৱেই এই আইনখন পুনৰ সংশোধন কৰাৰ প্ৰয়োজনীয়তাৰ দাবী তুলিছে”- এনেদৰে কয় জড়ে লিংডোই।“নাগালেণ্ডৰ উক্ত ঘটনাৰ প্ৰায় এটা বছৰ হ’ল৷এতিয়াহে যেন মই লিখা কথাবোৰ শুদ্ধ প্ৰমাণিত হৈছে।তথ্য অনুসৰি কেন্দ্ৰীয় চৰকাৰে এই ঘটনাৰ প্ৰকৃত দোষীক বিচাৰৰ সন্মুখীন কৰিব বিচৰা নাই।ভাৰতীয় সেনাবাহিনীৰ আভ্যন্তৰীণ তদন্ত সমিতিয়েও কোনো বিশেষ পৃথক তথ্য দিব বুলি আশা কৰিব নোৱাৰি৷ভাৰতীয় সেনাৰ ঘটনাটোৰ লগত জড়িত সেনা কেইজন এতিয়াও সক্ৰিয়ভাৱে সেৱা আগবঢ়াই আছে”- পুনৰ এনেদৰে কয় লিংডোই।দোষী ব্যক্তি কেইজনক কেন্দ্ৰীয় চৰকাৰে সোধাপোচাৰ অনুমতি নিদিয়াৰ বিষয়টোৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে ভুক্তভোগীয়ে সঠিক ন্যায় নাপায় ।কেন্দ্ৰীয় চৰকাৰে এই অভিযুক্ত ব্যক্তি কেইজনক বিচাৰৰ কাঠগড়াত ঠিয় নকৰাটোক মূল বিষয় হিচাপে লৈ উচ্চতম ন্যায়ালয়ে গোচৰ আৰু বিশেষ তদন্তকাৰী সমিতিৰ প্ৰতিবেদনত স্থগিতাদেশ দিছে।উচ্চতম ন্যায়ালয়ৰ এই সিন্ধান্তৰ ওপৰত ৰাজ্য চৰকাৰে কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে,সেইটো হ’ব লক্ষ্যণীয়৷বিশেষ তদন্তকাৰী সমিতিৰ প্ৰতিবেদন যদিও ৰাজহুৱা হোৱা নাই এটা কথা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত স্পষ্ট হৈছে যে মৃত লোক কেইজনক একেবাৰে ওচৰৰ পৰা গুলীওৱা হৈছিল ।নাগালেণ্ডৰ সেই হৃদয় বিদাৰক ঘটনাৰ এটা বছৰ পিছত নাগালেণ্ডৰ ভুক্তভোগীয়ে ন্যায় লাভ কৰিবনে নকৰে সেয়া সম্পূৰ্ণ নিৰ্ভৰ কৰিছে উচ্চতম ন্যায়ালয়ৰ ওপৰত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.