অনিল দেশমুখৰ জামিন মঞ্জুৰ

Share This Article

প্ৰাক্তন গৃহমন্ত্ৰী তথা এনচিপিৰ নেতা অনিল দেশমুখক আজি জামিন প্ৰদান কৰে বম্বে উচ্চ ন্যায়ালয়ে।সোমবাৰে জামিন লাভ কৰিছে গৃহমন্ত্ৰী অনিল দেশমুখে।দেশমুখ অৱশ্যে এতিয়াও কাৰাগাৰৰ ভিতৰতে আছে ।চিবিআয়ে দেশমুখৰ বিৰুদ্ধে দুৰ্নীতিৰ তদন্ত কৰিছিল৷বম্বে উচ্চ ন্যায়ালয়ৰ এই জামিনক প্ৰত্যাহ্বান জনাবলৈ আৰু ১০ দিন বিচাৰিছে চিবিআয়ে।দুয়োটা পক্ষৰ শুনানি গ্ৰহণ কৰাৰ পিছত ন্যায়াধীশ এম এছ কাৰ্ণিকৰ নেতৃত্বাধীন এজনীয়া বিচাৰপীঠে দেশমুখৰ জামিন গ্ৰাহ্য কৰিছিল।তেওঁ বৰ্তমান ন্যায়িক জিম্মাত আছে৷মুম্বাইৰ আৰ্থাৰ ৰ’ড কাৰাগাৰত বন্দী হৈ আছে দেশমুখ।চিবিআইৰ বিশেষ ন্যায়ালয়ে তেওঁৰ জামিন আৱেদন বিগত মাহত খাৰিজ কৰিছিল।বিগত বৰ্ষৰ নবেম্বৰ মাহৰ পৰা এনচিপি নেতাজন কাৰাগাৰত আছে৷তেওঁক অবৈধ ধন সৰবৰাহৰ গোচৰত দোষী সাব্যস্ত কৰিছিল চিবিআয়ে।IPS অফিচাৰ পৰম বীৰ সিঙে ২০২১ চনৰ মাৰ্চত দেশমুখক দোষী সাব্যস্ত কৰাৰ কাৰণ আছিল প্ৰতি মাহে দেশমুখে ১০০ কোটি টকা সংগ্ৰহৰ লক্ষ্য ধাৰ্য কৰি দিছিল।এই ধনৰেষ্টুৰেণ্ট আৰু বাৰৰ পৰা সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিছিল দেশমুখে।২০২১ চনৰ এপ্ৰিলত চিবিআইক বিষয়টো সম্পৰ্কত প্ৰাথমিক তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল উচ্চ ন্যায়ালয়ে।সেই সময়তে চিবিআইয়ে দেশমুখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল৷ক্ষমতাৰ অপব্যৱহাৰ আৰু দুৰ্নীতিৰ অভিযোগ আনি গোচৰ তৰিছিল চিবিআইয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.