সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

হাৰিল অথচ সুখী কেজৰিৱাল কিন্তু কিয়?

৮ ডিচেম্বৰৰ দিনটোতেই গুজৰাটৰ পৰা আহিল বিজেপি লৈ ভাল খবৰ !খবৰো খবৰ,একেবাৰে কল্পনাতীত খবৰ !১৮২ খন আসনৰ ১৫৬ খনতেই জয়ী হ’ল বিজেপি  !অভাৱনীয়,অকল্পনীয়,অভূতপূৰ্ব,অবিশ্বাস্য এই ফলাফল !বিৰোধীক যেনেকৈ এই ফলাফলে স্তম্ভিত কৰিছে,তেনেকৈ স্তম্ভিত কৰিছে বিজেপিকো !একেলেথাৰিয়ে ২৭ বছৰ শাসনত থকাৰ পিছত প্ৰতিষ্ঠানবিৰোধী ঢৌৱে আঁচোৰ পেলাব নোৱাৰিলে বিজেপিক !কিন্তু বিজেপিৰ এই ফলাফলে অলপো বেজাৰ দিয়া নাই আপৰ নেতা অৰবিন্দ কেজৰিৱালক !মুখ্যমন্ত্ৰী কাক পাতিব লাগিব ,তাকো গুজৰাটৰ জনতাক সোধা অৰবিন্দ কেজৰিৱালৰ কিন্তু অলপো দুখ নাই,গুজৰাট নাপালে তাক লৈ অলপো চিন্তাক্লিষ্ট নহয় কেজৰিৱাল। বৰঞ্চ জোখতকৈ অধিক সুখী হৈছে অৰবিন্দ কেজৰিৱাল !কিন্তু কিয় ?
কিয়  সুখী হৈছে কেজৰিৱাল?ফলাফল ঘোষণাৰ পিছতেই তেওঁ জনতাক উদ্দেশ্যি কয় “ আপোনালোকৰ আম আদমী পাৰ্টী আজিৰ পৰা ৰাষ্ট্ৰীয় দল হ’ল।গুজৰাটৰ জনতাই আমাক ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতি দিলে।দেশত মাত্ৰ কেইটামানহে দল আছে য়িয়ে ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা লাভ কৰিছে৷আম আদমী পাৰ্টীয়ে মাত্ৰ ১০ বছৰতে এই স্বীকৃতি লাভ কৰিছে।” গুজৰাট নিৰ্বাচনৰ পিছত কেনেকৈ আপ ৰাষ্ট্ৰীয় দল হ’ল ?
কিয় অৰবিন্দ কেজৰিৱাল ইমান সুখী হৈছে?ভাৰতত কিমান ৰাজনৈতিক দল আছে?যিকোনো এটা দল ৰাষ্ট্ৰীয় দল হ’বলৈ হ’লে তিনিটা বিশেষ যোগ্যতাৰ ভিতৰত অতি কমেও এটা যোগ্যতাৰ প্ৰয়োজন।তাৰ ভিতৰত অতি কমেও ৪ খন ৰাজ্যত আঞ্চলিক দলৰ মৰ্যাদা পাব লাগিব,৩খন পৃথক ৰাজ্যত অতি কমেও ১১খন লোকসভাৰ আসন লাভ কৰিব লাগিব আৰু ৪ খন ৰাজ্যত অতি কমেও ৬% ভোট লাভ কৰিব লাগিব।ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতি লাভ কৰিবলৈ আপে সবাতোকৈ সহজ উপায়টো বাচি ল’লে।
সকলোতকৈ সহজ উপায়টো আছিল ৪ খন ৰাজ্যৰ নিৰ্বাচনত ৬% ভোট লাভ কৰা৷২০২০ চনৰ দিল্লী বিধানসভাৰ নিৰ্বাচনত ৫৩% ভোট লাভ কৰিছিল আপে৷২০২২চনত পঞ্জাৱ নিৰ্বাচনত ৪২% ভোট লাভ কৰিছিল আপ দলে আৰু গোৱা নিৰ্বাচনত ৬ . ৭৭% ভোট লাভ কৰিছিল দলটোৱে।গোৱা নিৰ্বাচনত আপে অতি কমেও দুটা সমষ্টিত ৬% ভোট লাভ কৰিছিল৷আপে গুজৰাট বিধানসভাৰ নিৰ্বাচনত ১৩% ভোট লাভ কৰিছে আৰু ৫ খন আসন লাভ কৰিছিল।এনেকৈ আপে লাভ কৰিলে ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা ।আপে ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা লাভ কৰাত কিয় ইমান সুখী হৈছে অৰবিন্দ কেজৰিৱাল?ৰাষ্ট্ৰীয় দলে ইয়াৰ প্ৰতীক সকলোতে ব্যৱহাৰ কৰিব পাৰে।ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা লাভৰ পিছত দেশৰ যিকোনো প্ৰান্ততে দলৰ প্ৰতীক ঝাড়ু লৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব পাৰিব আপ।ৰাষ্ট্ৰীয় দলৰ মৰ্যাদা লাভ কৰিলে ৪০ জন তাৰকা প্ৰচাৰক ৰাখিব পাৰে ।তদুপৰি এই তাৰকা প্ৰচাৰকৰ ভ্ৰমণ ব্যয় নিৰ্বাচনী ব্যয় হিচাপে ধৰা নহয়।দিল্লীত এটা চৰকাৰী বাংলো লাভ কৰিব যিটো দলীয় কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰিব পাৰিব দলটোৱে।
ৰাষ্ট্ৰীয় দলবোৰে সাধাৰণ নিৰ্বাচনৰ সময়ত অনাতাঁৰ যোগে দলৰ প্ৰচাৰ কৰিব পাৰে।ৰাষ্ট্ৰীয় দলত মনোনয়ন পত্ৰ দাখিলৰ বাবে এজন প্ৰস্তাৱক হ’লেই হয়৷ৰাজ্যিক দলক দুজন আৰু স্বীকৃতি লাভ নকৰা দলক ৫ জন প্ৰস্তাৱকৰ প্ৰয়োজন হয় ।ৰাজনৈতিক দল কিমান প্ৰকাৰৰ আছে?কিছু একে আদৰ্শৰ লোক সংগঠিত হৈ আচলতে এটা ৰাজনৈতিক দল গঠন কৰে।এই লোক সকলৰ ৰাজনৈতিক আদৰ্শও একে।নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীয়ে নিজৰ দলৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ আহ্বান জনায়।ভাৰতৰ ৰাজনৈতিক দলবোৰে নিৰ্বাচন আয়োগত নিজৰ দলৰ নাম আৰু প্ৰতীক পঞ্জীয়ন কৰিব লাগে৷ভাৰতত বৰ্তমান বৰ্তমান ২,৮৫৮ টা ৰাজনৈতিক দল আছে।অস্বীকৃত দল – নিৰ্বাচন আয়োগত দলটোৰ পঞ্জীয়ন থাকে যদিও স্বীকৃতি নাথাকে ৷সাধাৰণতে নতুন দল অথবা অধিক ভোট লাভ নকৰা দলবোৰ এই পৰ্যায়ৰ হয়৷দেশত মুঠ ২,৭৯৬ টা এনে দল আছে।ৰাজ্যিক দলৰ মৰ্যাদা লাভ কৰা দলবোৰে ৰাজ্যৰ ভিতৰত প্ৰতিন্দন্দ্বিতা আগবঢ়াবৰ পাৰে ৷ এনে দল ৫৯ টা আছে সমগ্ৰ দেশত।ৰাষ্ট্ৰীয় দল দেশত মাত্ৰ ৮ টাহে আছে৷ৰাষ্ট্ৰীয় দলবোৰে ৰাষ্ট্ৰীয় পৰ্যায়ত একেটা প্ৰতীকেৰে বিভিন্ন ৰাজ্যত প্ৰতিন্দন্দ্বিতা আগবঢ়াব পাৰে।

Leave A Reply

Your email address will not be published.