কোন হ’ব হিমাচলৰ মুখ্যমন্ত্ৰী?

Share This Article

১৫৬ জন বিজেপি বিধায়কক লৈ গুজৰাটত নাই বিসম্বাদ,৪০ জনকলৈয়ে হাহাকাৰ হৈছে কংগ্ৰেছত।সংখ্যাৰে যিমানেই ধনী নহওক,কংগ্ৰেছৰ মুখ্যমন্ত্ৰীত্বক লৈ খোৱাকামোৰা সৰ্বজনবিদিত ।হিমাচল প্ৰদেশৰ নিৰ্বাচনৰ আগত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হোৱা নাছিল।এতিয়া নিৰ্বাচনত ৪০ খন আসন লাভ কৰাৰ পিছত কংগ্ৰেছ দলত হাহাকাৰ লাগিছে,মুখ্যমন্ত্ৰী কাক পাতিব তাক লৈ।দলটোৰ প্ৰাক্তন ৰাজ্যিক সভাপতি সুখবিন্দৰ সিং সুখু ,চিপিএল নেতা মুকেশ অগ্নিহোত্ৰী আৰু কংগ্ৰেছ নেতা ৰাজীন্দৰ ৰাণাৰ নামো উচ্চাৰিত হৈছে মুখ্যমন্ত্ৰীত্বৰ দৌৰত।ইফালে কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰভদ্ৰ সিঙৰ পত্নী প্ৰতিভা সিঙক মুখ্যমন্ত্ৰী হিচাপে বিচৰা নাই ৰাজ্যখনৰ যথেষ্ট সংখ্যক কংগ্ৰেছীয়ে।আনহাতে,প্ৰতিভা সিঙৰ সমৰ্থনত চিমলাৰ কংগ্ৰেছ ভৱনৰ সন্মুখত তেওঁৰ সমৰ্থকে আৰম্ভ কৰিছে শ্লোগান।কংগ্ৰেছ হাইকামাণ্ডৰ সূত্ৰ অনুসৰি সুখবিন্দৰ সিং সুখু,মুকেশ অগ্নিহোত্ৰী আৰু ৰাজীন্দৰ ৰাজাৰ মাজৰ পৰাই নিৰ্বাচন কৰা হ’ব মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী।“ বিধায়কৰ মাজৰ পৰাই মুখ্যমন্ত্ৰী নিৰ্বাচন কৰা হ’ব৷হাই কামাণ্ডে অনুভৱ কৰিছে যে প্ৰতিভা সিঙক মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত কৰিলে দুটা সমষ্টিত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব৷এখন বিধানসভা আৰু এখন লোকসভা আসনৰ বাবে অনুষ্ঠিত কৰিব লাগিব নিৰ্বাচন”- এনেদৰে কয় হাইকামাণ্ডৰ সূত্ৰটোৱে।প্ৰতিভা সিঙৰ পুত্ৰ বিক্ৰমাদিত্য সিঙক এটা ভাল দপ্তৰ দি কেবিনেট মন্ত্ৰী হিচাপে সংস্থাপিত কৰাৰ গুণাগথা কৰা বুলি জনাই সূত্ৰটোৱে।প্ৰতিভা সিঙৰ সমৰ্থনত ২৫ গৰাকী বিধায়ক থকা কথাটো সঁচা নহয় বুলি জনাইছে আন এক সূত্ৰই।“৪০ গৰাকী বিধায়কেই চিএলপি বৈঠকত উপস্থিত আছিল৷আমাৰ মাজত কোনো বিসম্বাদ নাই।সকলোৱে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হাইকামাণ্ডে নিৰ্বাচন কৰিব বুলিয়েই ৰৈ আছে”- এনেদৰে কয় এআইচিচিৰ ইনচাৰ্জ ৰাজীৱ শুক্লাই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.