যদি আপুনি কোনো কথা গোপনে ৰাখিব বিচাৰিছে!

Share This Article
  • অৰূপ কলিতা

যদি আপুনি কোনো কথা গোপনে ৰাখিব বিচাৰিছে , তেনেহ’লে সেয়া নিজৰ পৰাও লুকুৱাই ৰাখিব লাগিব ৷
পেগাছাছ সম্পৰ্কীয় উচ্চতম ন্যায়ালয়ৰ যোৱা ২৭ অক্টোবৰৰ ৰায়দান আৰম্ভ হৈছে ইংৰাজী ঔপন্যাসিক জৰ্জ অৰৱেলৰ এই বাক্যশাৰীৰে ৷ পেগাছাছ ছফটৱেৰৰ জড়িয়তে ৰাজনীতিক , সাংবাদিক , সমাজকৰ্মীৰ মোবাইল ফোনত চোৰাংছোৱাগিৰিৰ বাতৰি পোহৰলৈ অহাৰ পাছতে চৰ্চালৈ আহিছিল জৰ্জ অৰৱেলৰ প্ৰসংগ ৷জৰ্জ অৰৱেলৰ এখন বিখ্যাত উপন্যাসৰ নাম- “নাইনটিন এইট্টি ফ’ৰ’৷তাত আছে এটি বিখ্যাত চৰিত্ৰ – বিগ ব্ৰাডাৰ৷এই বিগব্ৰাডাৰে প্ৰতিমুহূৰ্ততে নাগৰিকসকলৰ ওপৰত নজৰ ৰাখে ৷ যেতিয়া জুলাই মাহত পেগাছাছৰ চোৰাংছোৱাগিৰি পোহৰলৈ আহিল তেতিয়াই আকৌ চৰ্চিত হৈ পৰিল সেই বিখ্যাত চৰিত্ৰ বিগব্ৰাডাৰ ৷কোনো বিগব্ৰাডাৰে পেগাছাছৰ সহায়ত বচা বচা ভাৰতীয়ৰ মোবাইল নীৰিক্ষণ কৰি আছে ৷ পেগাছাছ এটা বিশেষ ছফটৱেৰ ৷ যাক প্ৰস্তুত কৰে ইজৰাইলী কোম্পেনী এন এছ ওয়ে ৷ এই ছফটৱেৰ বিক্ৰী কৰা হয় কেৱল কোনো দেশৰ চৰকাৰক ৷ স্বাভাৱিকতে কাঠগড়াত থিয় হ’ল কেন্দ্ৰীয় চৰকাৰ ৷ ৰাজনীতিক , সাংবাদিক ,সমাজকৰ্মী কোনো সাৰি যোৱা নাই বিগব্ৰাডাৰৰ চকুৰ পৰা ৷ বহু সাংবাদিক , সমাজকৰ্মী দাৰস্থ হ’ল উচ্চতম ন্যায়ালয়ৰ ৷ সকলোৱে জানিব বিচাৰিলে – কোন এই বিগব্ৰাডাৰ? কিয় তেওলোকে আনৰ মোবাইল ফোনত চকু ৰাখিছে ? কিন্তু কেন্দ্ৰীয় চৰকাৰে একো কথাই ক’ব নিবিচাৰে ৷ তেওলোকে কেৱল ন্যায়ালয়ক এটাই কথা জনালে যে ইয়াৰ লগত দেশৰ আভ্যন্তৰীণ সুৰক্ষাৰ কথা জড়িত হৈ আছে ৷ গতিকে সকলো কথা জনাব নোৱাৰি ৷ কিন্তু এইবাৰ উচ্চতম ন্যায়ালয়ে এক কঠোৰ পদক্ষেপ ল’লে ৷ মুখ্য ন্যায়াধীশ এন ভি ৰমানাৰ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে পেগাছাছ চোৰাংছোৱাগিৰি কাণ্ডৰ তদন্তৰ বাবে এখন তিনিজনীয়া সমিতি গঠন কৰি দিয়ে ৷ এই সম্পৰ্কীয় ৰায়দান আৰম্ভ হৈছে জৰ্জ অৰৱেলৰ এই বাক্যশাৰীৰে – যদি আপুনি কোনো কথা গোপনে ৰাখিব বিচাৰিছে , তেনেহ’লে সেয়া নিজৰ পৰাও লুকুৱাই ৰাখিব লাগিব ৷
কেৱল এখন তদন্ত সমিতি গঠনতে এই ৰায়ৰ তাৎপৰ্য শেষ হোৱা নাই ৷ মুঠ ৪৬ পৃষ্ঠাৰ ৰায়টোত উচ্চতম ন্যায়ালয়ে নাগৰিকৰ গোপনীয়তাৰ অধিকাৰ ,ব্যক্তি স্বাধীনতা , সংবাদ মাধ্যমৰ স্বতন্ত্ৰতা সম্পৰ্কত বহু কথাই কৈছে ৷দাঙি ধৰা হৈছে ইতিহাসৰ বহু গুৰুত্বপূৰ্ণ ঘটনা – পৰিঘটনা , বক্তব্য আৰু প্ৰবন্ধৰ উদ্ধৃতি ৷ ন্যায়ালয়ৰ মতে ঐতিহাসিকভাৱেই গোপনীয়তাৰ অধিকাৰ ব্যক্তিকেন্দ্ৰিক হোৱাৰ সলনি সম্পত্তি কেন্দ্ৰিক হিচাপে বিবেচিত হৈ আহিছে ৷ আমেৰিকা আৰু ইংলেণ্ড উভয়তে এই দৃষ্টিভংগী দেখা গৈছে ৷ ইংলেণ্ডৰ ১৬০৪ খ্ৰীষ্টাব্দৰ বিখ্যাত ছেমায়নে গোচৰৰ উদাহৰণ দি ন্যায়ালয়ে কয় –‘১৬০৪ৰ ঐতিহাসিক ছেমায়নে গোচৰত কোৱা হৈছিল যে প্ৰত্যেক ব্যক্তিৰ ঘৰ তেওৰ বাবে দুৰ্গ ৷ এই ৰায়ৰ পৰাই অবৈধ ৱাৰেন্ট আৰু তালাচীৰ মানুহক সুৰক্ষিত কৰা আইনৰ বিকাশ আৰম্ভ হ’ল ৷’ ইয়াৰ পাছতে ন্যায়ালয়ে উল্লেখ কৰিছে ইংলেণ্ডৰ চেথমৰ ৰজা তথা বৃটিছ নেতা উইলিয়াম পিটৰ আন এটা উক্তি ৷ ১৭৬৩ চনত ৰজা উইলিয়াম পিটে কৈছিল –‘সকলোতকৈ দুখীয়া মানুহজনেও নিজৰ ঘৰত ৰজাৰ সকলো শক্তিক অবজ্ঞা কৰিব পাৰে ৷ তেওৰ ঘৰটো দুৰ্বল হ’ব পাৰে , তাৰ চালি সোলোক ঢোলোক হ’ব পাৰে , বতাহে সেয়া উৰুৱাই নিব পাৰে , ধুমুহা সোমাই অহিব পাৰে , বৰষুণৰ পানী পৰিব পাৰে কিন্তু ইংলেণ্ডৰ ৰজাই তাত প্ৰৱেশ কৰিব নোৱাৰে৷ ৰজাৰ সকলো শক্তিয়েও ধ্বংসপ্ৰাপ্ত ঘৰটোত প্ৰৱেশ কৰাৰ সাহস কৰিব নোৱাৰে ৷’
গোপনীয়তাৰ অধিকাৰৰ আন এক তাৎপৰ্য বাখ্যাৰ বাবে ন্যায়ালয়ে ১৮৯০ চনত আমেৰিকাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ এটৰ্নী ছেমুৱেল ৱাৰেন আৰু লুইছ ব্ৰেণ্ডিছে লিখা ‘গোপনীয়তাৰ অধিকাৰ ‘ শীৰ্ষক বিখ্যাত প্ৰবন্ধটোৰ কেইটামান বিশেষ বাক্য উল্লেখ কৰে ৷ য’ত লিখা হৈছিল –‘শেহতীয়া আৱিষ্কাৰ আৰু ব্যৱসায়িক কৌশলসমূহে ব্যক্তি এজনৰ সুৰক্ষাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিব লাগে ৷ আমেৰিকাৰ ন্যায়াধীশ কুলিয়ে কোৱাৰ দৰে -অকলে থকাৰ অধিকাৰ সুৰক্ষিত কৰিবৰ বাবে ৷’
উচ্চতম ন্যায়ালয়ে এই ৰায়ত কয় যে ইংলেণ্ডৰ সম্পত্তিকেন্দ্ৰিক গোপনীয়তাৰ অধিকাৰ , আমেৰিকাৰ সংবিধানৰ চতুৰ্থ সংশোধন অনুসৰি লাভ কৰা গোপনীয়তাৰ অধিকাৰৰ বিপৰীতে ভাৰতৰ সংবিধানৰ ২১ নং অনুচ্ছেদৰ জীয়াই থকাৰ অধিকাৰৰ আওতাত গোপনীয়তাৰ অধিকাৰ অন্তৰ্ভুক্ত হৈ আছে ৷ ন্যায়ালয়ে লগতে কয় যে ভাৰতত জীৱনৰ অধিকাৰক এক বিস্তাৰিত অৰ্থ প্ৰদান কৰা হৈছে ৷ জীয়াই থকা মানে কেৱল পশুৰ দৰে অস্তিত্ব বৰ্তাই ৰখা নহয় ৷ এক সমাহিত জীৱনৰ গুণাৱলী সুনিশ্চিত কৰাটোহে হ’ল জীয়াই থকাৰ অৰ্থ ৷
ইয়াৰ পাছত ন্যায়ালয়ে এটাৰ পাছত আন এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰি যায় ৷ এই ৰায়দানত অতি স্পষ্ট ভাষাৰে কোৱা হয় যে এখন সভ্য , গণতান্ত্ৰিক সমাজৰ পৰা সকলোৱে নিজৰ গোপনীয়তা অক্ষুন্ন থকাতো আশা কৰে ৷ কেৱল সাংবাদিক বা সমাজকৰ্মীৰ বাবে গোপনীয়তা গুৰুত্বপূৰ্ণ নহয় ৷ প্ৰতিগৰাকী ভাৰতীয় নাগৰিকেই গোপনীয়তাৰ অধিকাৰ ভংগ হোৱাৰ পৰা সুৰক্ষা লাভ কৰা উচিত ৷২০১৭ চনৰ কে এছ পুট্টুস্বামী বনাম ভাৰত চৰকাৰৰ এক গোচৰৰ ৰায়ৰ কথা উললেখ কৰি ন্যায়ালয়ে কয় –‘ গোপনীয়তা সাংবিধানিকভাৱে সুৰক্ষিত এক অধিকাৰ ৷ সংবিধানৰ ২১ নং অনুচ্ছেদৰ জীৱনৰ অধিকাৰ আৰু ব্যক্তি স্বাধীনতাৰ পৰা ইয়াৰ বিকাশ হৈছে ৷ উচ্চতম ন্যায়ালয়ে ইয়াৰ লগে লগে স্পষ্ট কৰি দিয়ে যে কোনো ব্যক্তিৰ ওপৰত যদি ৰাষ্ট্ৰ বা চৰকাৰে চোৰাংছোৱাগিৰি কৰিবলৈ আৰম্ভ কৰে , তেনেহ’লে ইয়ে গোপনীয়তাৰ অধিকাৰ পোনপটীয়াকৈ খৰ্ব কৰে ৷ যদিহে ৰাষ্ট্ৰই এনে কাম কৰে তেনেহ’লে ইয়াৰ ন্যায়সংগত সাংবিধানিক ভেটি লাগিব ৷ ৰাষ্ট্ৰৰ উদ্দেশ্যৰ প্ৰতি ন্যায়ালয়ে দৃষ্টি ৰাখিও কয় যে জীৱন আৰু স্বতন্ত্ৰতাৰ অধিকাৰ সুৰক্ষিত হ’বই লাগিব ৷ আইনৰ শাসন বলবৎ হৈ থকা এখন গণতান্ত্ৰিক দেশত কোনো ব্যক্তিবিশেষৰ ওপৰত এনে অবিবেচক চোৰাংছোৱাগিৰিৰ কেতিয়াও অনুমতি দিব নোৱাৰি ৷’
ন্যায়ালয়ৰ মতে এনেধৰণৰ চোৰাংছোৱাগিৰিয়ে সংবাদ মাধ্যমৰ সঠিক আৰু বিশ্বাসযোগ্য তথ্য দিয়াৰ ক্ষমতাক দুৰ্বল কৰিব পাৰে ৷গণতন্ত্ৰৰ গুৰুত্বপূৰ্ণ স্তম্ভ সংবাদমাধ্যমৰ স্বতন্ত্ৰতাৰ বাবেও ই চিন্তাৰ কাৰণ ৷ অভিব্যক্তিৰ স্বতন্ত্ৰতাৰ ওপৰত সাম্ভাব্য প্ৰভাৱে গণতন্ত্ৰকো প্ৰভাৱিত কৰিব ৷ ইয়াতকৈও অধিক স্পষ্ট ৰূপত উচ্চতম ন্যায়ালয়ে একেটা ৰায়দানতে কয় যে সংবাদ মাধ্যমৰ স্বাধীনতাৰ এটা গুৰুত্বপূৰ্ণ চৰ্ত হ’ল বাতৰিৰ উৎসৰ সুৰক্ষা ৷এনে সুৰক্ষা অবিহনে ‘চোৰ্চে’ ৰাজহুৱা স্বাৰ্থজড়িত খবৰ সংবাদ মাধ্যমক যোগান ধৰাৰ পৰা বিৰত থাকিব ৷ সাংবাদিকৰ বাতৰিৰ উৎসৰ সুৰক্ষা আৰু চোৰাছোৱাগিৰিৰ ফলত ইয়াৰ ওপৰত পৰিব পৰা শীতল প্ৰভাৱৰ বিষয়টোকো উচ্চতম ন্যায়ালয়ে অতি গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে ৷
মুঠৰ ওপৰত ৪৬ পৃষ্ঠাৰ এই ৰায়দানত পেগাছাছ চোৰাংছোৱাগিৰি কাণ্ডৰ তদন্তৰ বাবে সমিতি গঠনৰ লগতে ব্যক্তি স্বাধীনতা , গোপনীয়তাৰ অধিকাৰ আৰু সংবাদমাধ্যমৰ স্বাধীনতাৰ ওপৰতো ন্যায়ালয়ে বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৷ তাক অধিক প্ৰাসংগিক কৰি তুলিবলৈকে আশ্ৰয় লৈছে কেবাশতিকা পুৰণি গোচৰ , ইংলেণ্ডৰ ৰজাৰ উদ্ধৃতি আৰু উচ্চতম ন্যায়ালয়ৰ কেবাটাও পূৰ্বৰ ৰায়ৰ ৷ স্বাভাৱিকতে এই পেগাছাছ কাণ্ডৰ এই ৰায় চমু অথচ ঐতিহাসিক ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.