RSSৰ সৈতে তালিবানৰ তুলনা! প্ৰবীণ শিল্পী জাভেদ আখটাৰৰ বিৰুদ্ধে কিয় সৰৱ হ’ল বিজেপি?

Share This Article

শেহতীয়া এটা সাক্ষাৎকাৰত RSSক তালিবানৰ সৈতে তুলনা কৰি বিপদত পৰিছে দেশৰ প্ৰবীণ শিল্পী জাভেদ আখটাৰ। জাভেদে কৈছিল যে যিদৰে তালিবানে ইছলামী এমিৰেটছ প্ৰতিষ্ঠা কৰিব বিচাৰে ঠিক তেনেদৰে আন এটা গোটে হিন্দু এমিৰেটছ প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰি আছে। দুয়োটা গোটৰ মানসিকতা একে। জাভেদে লগতে কয় যে তালিবান বৰ্বৰ। তালিবানৰ কাৰ্য্যকলাপ নিন্দনীয়। কিন্তু যিসকলে RSS, বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলক সমৰ্থন কৰে তেওঁলোকৰ মানসিকতাও তালিবানতকৈ বেলেগ নহয়।
জাভেদ আখটাৰে তালিবানক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ(RSS)ৰ সৈতে তুলনা কৰাৰ পিছতে দেশত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া। বিজেপি নেতা ৰাম কদমে এই মন্তব্যৰ বাবে জাভেদক ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী জনাইছে। কদমে লগতে সতৰ্ক কৰি দিছে যে যদি জাভেদে হাত জোৰ কৰি ক্ষমা নিবিচাৰে তেন্তে জাভেদৰ চিনেমা মুক্তি দিবলৈ দিয়া নহব।
বিজেপিৰ মুখপাত্ৰ ৰাম কদমে জাভেদৰ মন্তব্যক কেৱল লজ্জাজনক বুলি মানি ল’বলৈ অস্বীকাৰ কৰিছে। কদমে অভিযোগ কৰিছে যে জাভেদে RSSক তালিবানৰ সৈতে তুলনা কৰি অসংখ্য লোকৰ অনুভূতিক আঘাত কৰিছিল। যিসকলে RSSৰ আদৰ্শ অনুসৰণ কৰে তেওঁলোকক জাভেদে অপমান কৰিছে।
জাভেদৰ মন্তব্যৰ প্ৰতিক্ৰিয়া দি ৰাম কদমে কয় যে যিসকলে চৰকাৰ চলায় আৰু ৰাজধৰ্ম অনুসৰণ কৰে তেওঁলোকেও একে আদৰ্শত বিশ্বাস কৰে। এনে ধৰণৰ মন্তব্য কৰাৰ আগতে সেইটো চিন্তা কৰা উচিত আছিল। কদমে লগতে প্ৰশ্ন কৰে যে যদি RSSৰ আদৰ্শ সঁচাকৈয়ে তালিবানৰ দৰে একে হ’লহেঁতেন তেন্তে জাভেদে এনে মন্তব্য কৰিব পাৰিলেহেঁতেন নেকি? বিজেপি নেতাজনে লগতে স্পষ্ট কৰি দিয়ে যে যদি জাভেদে তেওঁৰ মন্তব্যৰ বাবে ক্ষমা নিবিচাৰে তেন্তে ইয়াৰ পৰিণাম ভয়ংকৰ হ’ব পাৰে। কদমে উল্লেখ কৰে যে যদি তেওঁ দেশৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা সংঘৰ কৰ্মীসকলৰ ওচৰত ক্ষমা নিবিচাৰে তেন্তে মা ভাৰতীৰ মাটিত তেওঁৰ এখনো চলচ্চিত্ৰ মুক্তি দিবলৈ দিয়া নহ’ব। কদমে লগতে সকীয়াই দিছে যে তেওঁ জাভেদৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিব।
এনেদৰেই এতিয়া RSS-তালিবান প্ৰসংগই উত্তাল কৰি ৰাখিছে দেশৰ ৰাজনীতি।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.