২৩ বছৰ আগতেই পুত্ৰ ড্ৰাগছ আৰু নাৰীৰ শৰীৰৰ প্ৰতি আসক্ত হ’ব বুলি ভৱিষ্যতবাণী কৰিছিল শ্বাহৰুখেঃ কিন্তু কেনেকৈ?

Share This Article

বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ জ্যেষ্ঠ পুত্ৰ আৰয়ান খানক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কই বৰ্তমানো উত্তেজিত কৰি ৰাখিছে মুম্বাইৰ টিনচেল পল্লী। ২৩ বছৰীয়া আৰয়ান শনিবাৰে নিশাৰ পৰা সংবাদ মাধ্যমৰ চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে। উল্লেখ্য যে আৰয়ানক এনচিবিয়ে বিলাসী ক্ৰুজ জাহাজৰ ড্ৰাগছ পাৰ্টীৰ পৰা আন নজনৰ সৈতে আটক কৰিছিল। ইয়াৰ পিছতে আৰয়ানক দেওবাৰে আবেলি গ্ৰেপ্তাৰ কৰা হৈছিল। আৰয়ানক একেৰাহে ১৬ ঘণ্টা ধৰি জেৰা কৰা হৈছে।
এতিয়া উভতি যাওঁ আহক ২৩ বছৰ আগলৈ…! শ্বাহৰুখ আৰু জয়া গৌৰী খানৰ জীৱনলৈ এইমাত্ৰ আহিছে প্ৰথমটো সন্তান। সংবাদ মাধ্যমৰ সাক্ষাৎকাৰ দিওঁতে শ্বাহৰুখে কৌতুক কৰি কৈছিল-মোৰ পুত্ৰ ড্ৰাগছৰ প্ৰতি আসক্ত হওঁক বা শাৰীৰিক সম্পৰ্কত লিপ্ত হওঁক বা প্ৰেম কৰক। মোৰ পুত্ৰই মই যৌৱন কালত কৰিব নোৱাৰা সকলোবোৰ কৰিব পাৰে। মই বিচাৰো ছোৱালীৰ পিতৃয়ে মোৰ পুত্ৰৰ বিৰুদ্ধে অভিযোগ আনক।
বাদশ্বাহৰ ভৱিষ্যতবাণী ২৩ বছৰৰ পিছত সঁচা হ’ব নেকি? অন্ততঃ এনচিবি বিষয়াসকলৰ সন্মুখত আৰয়ানে স্বীকাৰ কৰিছে যে তেওঁ ড্ৰাগছ সেৱন কৰিছিল। অৱশ্যে শ্বাহৰুখে গ্ৰেপ্তাৰ হোৱাৰ পিছৰে পৰা পুত্ৰৰ বিষয়ে কোনো মন্তব্য কৰা নাই। মাথো তাৰকা জনৰ ঘৰৰ পৰা বিশাল কনভয় ওলাই যোৱা দেখা গৈছিল কিন্তু তাত কোন আছিল সেয়া এতিয়ালৈ স্পষ্ট হোৱা নাই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.