Investigative reporting with dedication.

কেৰালাত কোল্লামত সংঘটিত হোৱা এক নাওঁ দুৰ্ঘটনাত চাৰিজনকৈ মাছমৰীয়াৰ মৃত্যু হৈছে। আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি নাওঁখনত ১৬ জন লোক আছিল। ১২ জন আহত লোকক ইতিমধ্যেই চিকিৎসালয়ত ভৰ্ত্তি কৰা হৈছে। ঘটনাটো ৰাতিপুৱা এজিকেল উপকূলৰ পৰা প্ৰায় এক নটিকেল মাইল দূৰত সংঘটিত হৈছিল। দুৰ্ঘটনাটোৰ পিছতে মাছ ধৰা নাওঁৰ সহায় আন মাছমৰীয়া সকলে ঘটনাস্থলীত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।




