সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভেকচিন ল’বলৈ আধাৰ কাৰ্ড ব্যৱহাৰ কৰিছিল নেকিঃ যদি কৰিছে তেন্তে সহজে পাব Health ID

যদি আপুনি ক’ভিড ভেকছিন গ্ৰহণ কৰিবলৈ আধাৰ কাৰ্ডখন Identification Document হিচাপে ব্যৱহাৰ কৰিছে তেন্তে আপোনাক ইতিমধ্যেই ডিজিটেল Health ID এটাৰ সৈতে সংযুক্ত কৰাৰ সম্ভাৱনা আছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সপ্তাহৰ আৰম্ভণিতে আয়ুষ্মান ভাৰত ডিজিটেল মিছন (এবিডিএম) দেশজুৰি আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল যদিও এতিয়া খবৰ আহিছে যে এবিডিএমৰ অধীনত ডিজিটেল Health ID ইতিমধ্যেই CoWin ৱেবছাইটত পঞ্জীয়ন কৰিবলৈ আধাৰ কাৰ্ড ব্যৱহাৰ কৰা লোকসকলৰ বাবে সৃষ্টি কৰা হৈছে। অৱশ্যে ID প্ৰস্তুত হোৱাৰ আগতে সন্মতি বিচৰা হৈছিল নে নাই সেয়া স্পষ্ট নহয়। Unique Health ID হৈছে এজনৰ টিকাকৰণ প্ৰমাণপত্ৰত তালিকাভুক্ত বিৱৰণৰ অংশ।
দেশৰ স্বাস্থ্য মন্ত্ৰালয়ৰ এজন জ্যেষ্ঠ বিষয়াই জনোৱা অনুসৰি যেতিয়াই এজন ব্যক্তিয়ে CoWinত পঞ্জীয়ন কৰিবলৈ নিজৰ আধাৰ নম্বৰ ব্যৱহাৰ কৰে তেতিয়া ডিজিটেল Health ID স্বয়ংক্ৰিয়ভাৱে সৃষ্টি হয়। টিকাকৰণ প্ৰমাণপত্ৰত সেই নম্বৰটো থাকিব। যদি এজন ব্যক্তিয়ে CoWinত পঞ্জীয়ন কৰিবলৈ ড্ৰাইভিং লাইচেঞ্চ বা পেন কাৰ্ড বা পাছপোৰ্টৰ দৰে আধাৰ কাৰ্ডৰ বাহিৰে অন্য Identification Document ব্যৱহাৰ কৰিছে তেন্তে Health ID তৈয়াৰ কৰা হোৱা নাই। CoWin প্লেটফৰ্মে পঞ্জীয়ন কৰিবলৈ আধাৰৰ বাহিৰে ছয় প্ৰকাৰৰ Identification Document গ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.