Investigative reporting with dedication.

আজি উত্তৰ প্ৰদেশৰ বিজন’ৰত এক ভাৰ্চুৱেল ৰেলীক সম্বোধন কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় উত্তৰ প্ৰদেশৰ উন্নতি স্তব্ধ হৈ গৈছে ভুৱা সমাজবাদীসকলৰ বংশানুক্ৰমিক ৰাজনীতিৰ বাবে।
প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নেতৃত্বত থকা ৰাজ্য চৰকাৰখনে বিজন’ৰ, মুৰাদাবাদ, আমৰোহা আদিৰ দৰে অঞ্চলত উন্নয়নৰ দিশত যথেষ্ট কাম কৰিছে। ইয়াৰ প্ৰমাণ পোৱা যাব আগন্তুক বিধান সভা নিৰ্বাচনত।
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে উত্তৰাখণ্ডত নিজৰ কাৰ্যক্ৰমণিকা প্ৰকাশেৰে কয় যে যদিহে আম আদমী পাৰ্টিয়ে জয়লাভ কৰে ৰাজ্যখনত তেওঁলোকে সম্পূৰ্ণৰূপে দুৰ্নীতিমুক্ত কৰিব। তাৰোপৰি বিনামূলীয়া বিজুলীৰ ব্যৱস্থা কৰিব বুলিও কয় মুখ্যমন্ত্ৰী গৰাকীয়ে।



