‘অতচ্ছে দিন’ত প্ৰায় ২ কোটিয়ে এৰিলে দেশ

Share This Article

চলিত বৰ্ষত প্ৰায় ২কোটি লোকে দেশ ত্যাগ কৰিছে ।ভাৰতত সংস্থাপন নাই সেয়ে দেশ ত্যাগ কৰা লোকৰ লানি লাগিছে।কিন্তু কিয় বৃদ্ধি পাইছে দেশ এৰা ভাৰতীয়ৰ সংখ্যা?দেশ এৰা ভাৰতীয়ৰ সংখ্যা অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে দেশত।চলিত বৰ্ষত ১৩৭% বৃদ্ধি পাইছে দেশ এৰা ভাৰতীয়ৰ সংখ্যা। মাত্ৰ ১০মাহত দেশ এৰিলে ১.৮ কোটি ভাৰতীয়ই।
২০২১ বৰ্ষৰ তুলনাত দেশ এৰা ভাৰতীয়ৰ হাৰ ২০২২ বৰ্ষত ১৩৭% বৃদ্ধি পাইছে ।ইমিগ্ৰেশ্যন ব্যুৰ’ৰ তথ্য অনুসৰি ২০২২ চনৰ জানুৱাৰীৰ পৰা ২০২২ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত ১.৮ কোটি ভাৰতীয়ই দেশ এৰিছে।২০২১ চনৰ সমগ্ৰ বৰ্ষটোত ৭৭.২লাখ লোকে দেশ এৰিছিল।উল্লেখ্য যে ব্যুৰ’ অব ইমিগ্ৰেশ্যনে ভাৰতীয়ৰ বিদেশ ভ্ৰমণ সম্পৰ্কত সম্পূৰ্ণ তথ্য ৰাখে ।এই সংস্থাৰ তথ্যত প্ৰকাশ ” ইমিগ্ৰেশ্যন ক্লিয়েৰেঞ্চৰ সময়ত কোন দেশলৈ যাব,কিমান দিনৰ বাবে যাব আৰু কিয় যাব আদি তথ্য লাভ কৰা হয় আৰু সেই তথ্যৰ ভিত্তিত দেশ এৰাৰ এই তথ্য লাভ কৰা হৈছে।”চলিত বৰ্ষত দেশ এৰা ভাৰতীয়ৰ ৪০% ই আন দেশত বাস কৰাৰ বাবে ভাৰত এৰিছে অৰ্থাৎ প্ৰায় ৭২ লাখ লোকৰ দেশ এৰাৰ উদ্দেশ্য হৈছে আন দেশত বসবাস কৰা।প্ৰায় ৭১ লাখ ভাৰতীয়ই পৰ্যটক হিচাপে আন দেশলৈ গৈছে।প্ৰায় ২১ লাখ ভাৰতীয়ই সংস্থাপন বিচাৰি অথবা ৰোগৰ চিকিৎসাৰ বাবে আন দেশলৈ গৈছে।প্ৰায় ৬.৫লাখ ভাৰতীয় গৈছে শিক্ষা লাভৰ উদ্দেশ্যে ।এই সংখ্যাই ক’ভিড মহামাৰীৰ আগত শিক্ষাৰ বাবে দেশ এৰা ছাত্ৰৰ পৰিসংখ্যাকো চেৰ পেলাইছে।২০২১ চনত ৪.৪ লাখ ছাত্ৰই দেশ এৰিছিল৷২০২০ বৰ্ষত এই পৰিসংখ্যা আছিল ২.৬ লাখ৷উল্লেখ্য যে ক’ভিডৰ সময়ত এই হাৰ যথেষ্ট হ্ৰাস পাইছিল।২০১৯ বৰ্ষত ৫.৮ লাখ,২০১৮ বৰ্ষত ৫.২ লাখ আৰু ২০১৭ বৰ্ষত ৪.৫ লাখ লোকে দেশ এৰিছিল উচ্চ শিক্ষা গ্ৰহণৰ উদ্দেশ্যে।২০১৭ চনৰ জানুৱাৰীৰ পৰা ২০২২চনৰ নবেম্বৰৰ সময়চোৱাত মুঠ ১০.৩ কোটি ভাৰতীয় বিদেশলৈ গৈছে।ইয়াৰে ৩.৮ কোটি লোকে বিদেশতে বসতি স্থাপন কৰিছে ।ইয়াৰে ২.৪ কোটি পৰ্যটক আৰু ১.৬ কোটি এনেই কম দিনৰ ভিতৰতে বিদেশ ভ্ৰমণ কৰি দেশলৈ ঘূৰি আহিছিল।১.২ কোটি লোকে সংস্থাপন বিচাৰি দেশ এৰিছিল৷ ৫১.৬ লাখ লোকে দেশৰ বাহিৰত ব্যৱসায়ৰ বাবে দেশ এৰিছিল।২০২০ চনত ৮৫,২৫৬ জন ভাৰতীয়ই নাগৰিকত্ব এৰিছিল।২০২১বৰ্ষত মুঠ ১.৬ লাখ লোকে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিছিল৷ ২০১৯ বৰ্ষত ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰিছিল ১.৪ লাখ লোকে।চলিত বৰ্ষৰ প্ৰথম ১০ মাহতেই মুঠ ১.৮ লাখ লোকে ভাৰতীয় নাগৰিত্ব ত্যাগ কৰিছিল।২০১৯ চনৰ তুলনাত এই হাৰ প্ৰায় ২৮% বেছি৷২০১৯ ,২০২০ আৰু ২০২১ বৰ্ষত মাত্ৰ ৫৪৬ জন লোককহে ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছিল।২০২২ বৰ্ষত মাত্ৰ ৬০ জন বিদেশী নাগৰিকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.