সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মণিপুৰৰ মুখ্যমন্ত্ৰীৰ বাটত কিয় হেঙাৰ হৈছে অসমৰ মডেল ?

অৰূপ কলিতা

বিগত ১০ মাৰ্চত ঘোষণা কৰা হ’ল মণিপুৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ৷ ৩২ খন আসনত বিজয় সাব্যস্ত কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিলে বিজেপিয়ে ৷ কিন্তু তাৰ পাছতো বিজেপি হাইকামাণ্ডে ঘোষণা কৰিব পৰা নাই মণিপুৰৰ মুখ্যমন্ত্ৰীৰ নাম ৷ এম বীৰেন সিঙ আছিল মণিপুৰৰ শেহতীয়া মুখ্যমন্ত্ৰী৷ অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘণিষ্ঠ এইগৰাকী এম বীৰেন সিঙ ৷ কিন্তু তাৰ পাছতো এতিয়াও ঘোষণা হোৱা নাই মণিপুৰৰ মুখ্যমন্ত্ৰীৰ নাম ৷ কাৰণ এম বীৰেন সিঙৰ বাটত হেঙাৰ হৈছে অসমৰ এগৰাকী মডেল আৰু তেওৰ স্বামী ৷

মডেল গৰাকীৰ নাম – তৰা খাছগিৰ ৷ মডেলিঙ জগতৰ এটা জনপ্ৰিয় নাম ৷ জন্ম নগাঁৱত ৷ শিক্ষা গ্ৰহণ সন্দিকৈ কলেজত ৷ এসময়ৰ মিছ গুৱাহাটী ৷ফেমিনা মিছ ইণ্ডিয়াৰ ফাইনেলিষ্ট ৷বেষ্ট এছিয়ান মডেল তৰা খাছগিৰ ৷এইগৰাকী অসমৰ জনপ্ৰিয় মডেল এতিয়া মণিপুৰত এম বীৰেণ সিঙৰ মুখ্যমন্ত্ৰিত্বৰ বাটত প্ৰধান হেঙাৰ হৈ পৰিছে ৷ ইয়াৰ আঁৰত আছে এটা দুবছৰ পুৰণি কাহিনী ৷

- Donation -

২০১৯ চনৰ ২৪ নৱেম্বৰ ৷ মুম্বাইত এন্টি নাৰ্কোটিক চেলৰ হাতত গ্ৰেপ্তাৰ হয় এজন অষ্ট্ৰেলিয়ান নাগৰিক ৷ তেওৰ নাম ৰেজা বৰহানি ৷ ৰেজা বৰহানিৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল অসমৰ মডেল তৰা খাছগিৰ ৷ গ্ৰেপ্তাৰৰ সময়ত তেওৰ পৰা উদ্ধাৰ হয় ১.৮০ কৌটি টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ ৷ কিন্তু শেহতীয়াকৈ পোহৰলৈ অহা বাতৰি অনুসৰি গ্ৰেপ্তাৰৰ পূৰ্বে তেও সাক্ষাৎ কৰিছিল মণিপুৰৰ তেতিয়াৰ মুখ্যমন্ত্ৰী এম বীৰেন সিঙক ৷

ৰেজা বৰহানিৰ ভিজিটিঙ কাৰ্ডত উল্লেখ থকা অনুসৰি, তেও আৰু তেওৰ পত্নী তৰা খাছগিৰে প্ৰতিষ্ঠা কৰিছিল এটা কোম্পেনী ৷ নাম –কান্নাবিছ হেল্থ এণ্ড চায়েন্স প্ৰাইভেট লিমিটেড ৷কোম্পেনীটো গঠন হৈছিল ২০১৯ চনৰ ৯ এপ্ৰিলত ৷সঞ্চালক তৰা খাছগিৰ আৰু ৰেজা বৰহানি ৷ঠিকনা –হাউচ নম্বৰ ৮,  বাইলেন নং-১ , মুছাফিৰ খানা ৰোড , উলুবাৰী , গুৱাহাটী ৷

এই কোম্পেনীটোৰ হৈ ২০১৯ চনৰ ছেপ্তেম্বৰ মাহত ৰেজা বৰহানিয়ে সাক্ষাৎ কৰিছিল মণিপুৰৰ মুখ্যমন্ত্ৰী এম বীৰেন সিঙক ৷ ১৭ ছেপ্তেম্বৰত ইম্ফলত তেওলোকৰ প্ৰথম সাক্ষাৎ হয় ৷ তাৰ পাছত ১৯ ছেপ্তেম্বৰত ৰেজা বৰহানিয়ে মণিপুৰৰ মুখ্যমন্ত্ৰী আৰু উদ্যান শস্য মন্ত্ৰীক এখন আবেদন পত্ৰ দিয়ে ৷ এই আবেদনত তেও গৱেষণা জনিত কাৰণত কান্নাবিছ নামৰ মাৰিজুৱানাৰ সৰবৰাহৰ বাবে অনুমতি বিচাৰিছিল ৷ কোৱা হৈছিল যে মণিপুৰৰ বিভিন্ন স্থানৰ লগতে মিজোৰাম , মেঘালয় , অসম , কৰ্ণাটক , ওড়িশা , গোৱা আৰু মহাৰাষ্ট্ৰলৈ এই মাৰিজুৱানা সৰবৰাহ কৰা হ’ব ৷সম্পূৰ্ণ বৈজ্ঞানিক কাৰণত এই মাৰিজুৱানা সৰবৰাহ কৰা হ’ব ৷ ইয়াৰ বাবে  কান্নাবিছ হেল্থ এণ্ড চায়েন্স প্ৰাইভেট লিমিটেডক মণিপুৰ চৰকাৰে এখন অনুজ্ঞাপত্ৰ দিব লাগে ৷ এই আবেদন পত্ৰ ততালিকে মুখ্যমন্ত্ৰী বীৰেন সিঙে তেওৰ তেতিয়াৰ বিশেষ সচিব ৰঘুমণি সিঙলৈ প্ৰেৰণ কৰে ৷ এইগৰাকী ৰঘুমণি সিঙ শেহতীয়া নিৰ্বাচনত উৰিপোক বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীও আছিল ৷ বিশেষ সচিবলৈ দিয়া পত্ৰত মুখ্যমন্ত্ৰী বীৰেন সিঙে স্পষ্টভাৱে কান্নাবিছ হেল্থ এণ্ড চায়েন্স প্ৰাইভেট লিমিটেডক এই অনুমতি প্ৰদান কৰিব লাগে বুলি উল্লেখ কৰে ৷ কিন্তু এখন ৰাজ্য চৰকাৰে নিষিদ্ধ মাৰিজুৱানাৰ সৰবৰাহৰ অনুমতি প্ৰদান কৰিব পাৰে নে নোৱাৰে , তাক লৈ সেই সময়ত বিভিন্ন মহলত প্ৰশ্ন উত্থাপণ হয় ৷ কাৰণ , এন ডি পি এছ এক্ট অনুসৰি , কান্নাবিছ বা মাৰিজুৱানা ভাৰতত সম্পূৰ্ণৰূপে নিষিদ্ধ ৷ কিন্তু চিকিৎসাজনিত গৱেষণাৰ নামত ৰেজা বৰহানিৰ কোম্পেনীয়ে মণিপুৰ চৰকাৰৰ সন্মতি সাপেক্ষে কান্নাবিছ বা মাৰিজুৱানা সৰবৰাহৰ আৰম্ভ কৰে ৷ তাৰ পাছতেই ২০১৯ চনৰ ২৪ নৱেম্বৰত গ্ৰেপ্তাৰ হয় অসমৰ মডেল তৰা খাছগিৰৰ স্বামী ৰেজা বৰহানি ৷

 

তৰা খাছগিৰ আৰু ৰেজা বৰহানিৰ কোম্পেনীৰ এই অবৈধ ব্যৱসায়ৰ কাহিনী এতিয়া আকৌ এবাৰ চৰ্চালৈ আহিছে ৷ নিষিদ্ধ মাৰিজুৱানাৰ ব্যৱসায়ৰ অনুমতি দিয়াক লৈ মণিপুৰৰ সদ্য প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰেন সিঙঅকৌ এবাৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে ৷ যাৰ বাবে নিৰ্বাচনী ফলাফল ঘোষণাৰ পাঁচ দিনৰ পাছতো মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিব পৰা নাই বিজেপি হাইকামাণ্ডে ৷

 

 

Leave A Reply

Your email address will not be published.