মণিপুৰৰ মুখ্যমন্ত্ৰীৰ বাটত কিয় হেঙাৰ হৈছে অসমৰ মডেল ?

Share This Article

বিগত ১০ মাৰ্চত ঘোষণা কৰা হ’ল মণিপুৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ৷ ৩২ খন আসনত বিজয় সাব্যস্ত কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিলে বিজেপিয়ে ৷ কিন্তু তাৰ পাছতো বিজেপি হাইকামাণ্ডে ঘোষণা কৰিব পৰা নাই মণিপুৰৰ মুখ্যমন্ত্ৰীৰ নাম ৷ এম বীৰেন সিঙ আছিল মণিপুৰৰ শেহতীয়া মুখ্যমন্ত্ৰী৷ অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘণিষ্ঠ এইগৰাকী এম বীৰেন সিঙ ৷ কিন্তু তাৰ পাছতো এতিয়াও ঘোষণা হোৱা নাই মণিপুৰৰ মুখ্যমন্ত্ৰীৰ নাম ৷ কাৰণ এম বীৰেন সিঙৰ বাটত হেঙাৰ হৈছে অসমৰ এগৰাকী মডেল আৰু তেওৰ স্বামী ৷

মডেল গৰাকীৰ নাম – তৰা খাছগিৰ ৷ মডেলিঙ জগতৰ এটা জনপ্ৰিয় নাম ৷ জন্ম নগাঁৱত ৷ শিক্ষা গ্ৰহণ সন্দিকৈ কলেজত ৷ এসময়ৰ মিছ গুৱাহাটী ৷ফেমিনা মিছ ইণ্ডিয়াৰ ফাইনেলিষ্ট ৷বেষ্ট এছিয়ান মডেল তৰা খাছগিৰ ৷এইগৰাকী অসমৰ জনপ্ৰিয় মডেল এতিয়া মণিপুৰত এম বীৰেণ সিঙৰ মুখ্যমন্ত্ৰিত্বৰ বাটত প্ৰধান হেঙাৰ হৈ পৰিছে ৷ ইয়াৰ আঁৰত আছে এটা দুবছৰ পুৰণি কাহিনী ৷

২০১৯ চনৰ ২৪ নৱেম্বৰ ৷ মুম্বাইত এন্টি নাৰ্কোটিক চেলৰ হাতত গ্ৰেপ্তাৰ হয় এজন অষ্ট্ৰেলিয়ান নাগৰিক ৷ তেওৰ নাম ৰেজা বৰহানি ৷ ৰেজা বৰহানিৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল অসমৰ মডেল তৰা খাছগিৰ ৷ গ্ৰেপ্তাৰৰ সময়ত তেওৰ পৰা উদ্ধাৰ হয় ১.৮০ কৌটি টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ ৷ কিন্তু শেহতীয়াকৈ পোহৰলৈ অহা বাতৰি অনুসৰি গ্ৰেপ্তাৰৰ পূৰ্বে তেও সাক্ষাৎ কৰিছিল মণিপুৰৰ তেতিয়াৰ মুখ্যমন্ত্ৰী এম বীৰেন সিঙক ৷

ৰেজা বৰহানিৰ ভিজিটিঙ কাৰ্ডত উল্লেখ থকা অনুসৰি, তেও আৰু তেওৰ পত্নী তৰা খাছগিৰে প্ৰতিষ্ঠা কৰিছিল এটা কোম্পেনী ৷ নাম –কান্নাবিছ হেল্থ এণ্ড চায়েন্স প্ৰাইভেট লিমিটেড ৷কোম্পেনীটো গঠন হৈছিল ২০১৯ চনৰ ৯ এপ্ৰিলত ৷সঞ্চালক তৰা খাছগিৰ আৰু ৰেজা বৰহানি ৷ঠিকনা –হাউচ নম্বৰ ৮,  বাইলেন নং-১ , মুছাফিৰ খানা ৰোড , উলুবাৰী , গুৱাহাটী ৷

এই কোম্পেনীটোৰ হৈ ২০১৯ চনৰ ছেপ্তেম্বৰ মাহত ৰেজা বৰহানিয়ে সাক্ষাৎ কৰিছিল মণিপুৰৰ মুখ্যমন্ত্ৰী এম বীৰেন সিঙক ৷ ১৭ ছেপ্তেম্বৰত ইম্ফলত তেওলোকৰ প্ৰথম সাক্ষাৎ হয় ৷ তাৰ পাছত ১৯ ছেপ্তেম্বৰত ৰেজা বৰহানিয়ে মণিপুৰৰ মুখ্যমন্ত্ৰী আৰু উদ্যান শস্য মন্ত্ৰীক এখন আবেদন পত্ৰ দিয়ে ৷ এই আবেদনত তেও গৱেষণা জনিত কাৰণত কান্নাবিছ নামৰ মাৰিজুৱানাৰ সৰবৰাহৰ বাবে অনুমতি বিচাৰিছিল ৷ কোৱা হৈছিল যে মণিপুৰৰ বিভিন্ন স্থানৰ লগতে মিজোৰাম , মেঘালয় , অসম , কৰ্ণাটক , ওড়িশা , গোৱা আৰু মহাৰাষ্ট্ৰলৈ এই মাৰিজুৱানা সৰবৰাহ কৰা হ’ব ৷সম্পূৰ্ণ বৈজ্ঞানিক কাৰণত এই মাৰিজুৱানা সৰবৰাহ কৰা হ’ব ৷ ইয়াৰ বাবে  কান্নাবিছ হেল্থ এণ্ড চায়েন্স প্ৰাইভেট লিমিটেডক মণিপুৰ চৰকাৰে এখন অনুজ্ঞাপত্ৰ দিব লাগে ৷ এই আবেদন পত্ৰ ততালিকে মুখ্যমন্ত্ৰী বীৰেন সিঙে তেওৰ তেতিয়াৰ বিশেষ সচিব ৰঘুমণি সিঙলৈ প্ৰেৰণ কৰে ৷ এইগৰাকী ৰঘুমণি সিঙ শেহতীয়া নিৰ্বাচনত উৰিপোক বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীও আছিল ৷ বিশেষ সচিবলৈ দিয়া পত্ৰত মুখ্যমন্ত্ৰী বীৰেন সিঙে স্পষ্টভাৱে কান্নাবিছ হেল্থ এণ্ড চায়েন্স প্ৰাইভেট লিমিটেডক এই অনুমতি প্ৰদান কৰিব লাগে বুলি উল্লেখ কৰে ৷ কিন্তু এখন ৰাজ্য চৰকাৰে নিষিদ্ধ মাৰিজুৱানাৰ সৰবৰাহৰ অনুমতি প্ৰদান কৰিব পাৰে নে নোৱাৰে , তাক লৈ সেই সময়ত বিভিন্ন মহলত প্ৰশ্ন উত্থাপণ হয় ৷ কাৰণ , এন ডি পি এছ এক্ট অনুসৰি , কান্নাবিছ বা মাৰিজুৱানা ভাৰতত সম্পূৰ্ণৰূপে নিষিদ্ধ ৷ কিন্তু চিকিৎসাজনিত গৱেষণাৰ নামত ৰেজা বৰহানিৰ কোম্পেনীয়ে মণিপুৰ চৰকাৰৰ সন্মতি সাপেক্ষে কান্নাবিছ বা মাৰিজুৱানা সৰবৰাহৰ আৰম্ভ কৰে ৷ তাৰ পাছতেই ২০১৯ চনৰ ২৪ নৱেম্বৰত গ্ৰেপ্তাৰ হয় অসমৰ মডেল তৰা খাছগিৰৰ স্বামী ৰেজা বৰহানি ৷

 

তৰা খাছগিৰ আৰু ৰেজা বৰহানিৰ কোম্পেনীৰ এই অবৈধ ব্যৱসায়ৰ কাহিনী এতিয়া আকৌ এবাৰ চৰ্চালৈ আহিছে ৷ নিষিদ্ধ মাৰিজুৱানাৰ ব্যৱসায়ৰ অনুমতি দিয়াক লৈ মণিপুৰৰ সদ্য প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰেন সিঙঅকৌ এবাৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে ৷ যাৰ বাবে নিৰ্বাচনী ফলাফল ঘোষণাৰ পাঁচ দিনৰ পাছতো মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিব পৰা নাই বিজেপি হাইকামাণ্ডে ৷

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.