M power এ ভেটিব পাৰিব নে NPP ক ?

Share This Article

মেঘালয় আৰু নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে প্ৰাৰ্থিত্ব তালিকা ঘোষণা কৰে বিজেপিয়ে।ৰাজ্যখনৰ মুুঠ ৬০ টা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থিত্ব আগবঢ়াব৷আনহাতে,নাগালেণ্ডত ৬০ খন আসনৰ ২০ খন আসনত প্ৰতিন্দন্দ্বিতা আগবঢ়াব বিজেপিয়ে।বাকী সমষ্টিবোৰৰ বাবে নেশ্যনেলিষ্ট ডেমক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টিৰ লগত নিৰ্বাচনী বুজাবুজি কৰিছে বিজেপিয়ে।বিজেপিৰ মেঘালয়ৰ প্ৰাৰ্থিত্ব তালিকাৰ পৰা এটা কথা স্পষ্ট যে মেঘালয়ৰ মুখ্যমন্ত্ৰী বৰ্তমানৰ এনপিপি দলৰ নেতা কনৰাড চাংমাৰ দলৰ লগত মিত্ৰতাত অৱতীৰ্ণ নহৈ অকলে প্ৰতিন্দন্দ্বিতা আগবঢ়াব বিজেপিয়ে।বিজেপিৰ সাধাৰণ সম্পাদক তথা উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্বত থকা ইনচাৰ্জ ঋতুৰাজ সিনহাই কয় যে মেঘালয়ত সম্পূৰ্ণ জোৰদাৰ গতিত প্ৰচাৰ চলাব বিজেপিয়ে।বিজেপিৰ টেগলাইনটো হৈছে ‘M Power’ অৰ্থাৎ মোডী পাৱাৰ৷ইয়াৰ কাৰণ হ’ল জনতাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপৰত যাতে বিশ্বাস ৰাখে৷সিনহাই লগতে কয় যে মেঘালয়ৰ জনতাই কেৱল নৰেন্দ্ৰ মোডীয়েহে দুৰ্নীতিমুক্ত এখন ৰাজ্য দিব পাৰিব বুলি বিশ্বাস কৰে।বিগত ২০১৮ চনৰ নিৰ্বাচনত ৬০ খন আসনৰ ৪৮ খন আসনত প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল বিজেপিয়ে আৰু লাভ কৰিছিল মাত্ৰ ২ খন আসন।সিনহাই লগতে কয় প্ৰধানমন্ত্ৰী মোডীয়ে এতিয়ালৈকে উত্তৰ পূবলৈ ৫০ বাৰৰো অধিকবাৰ আহিছে৷আজিলৈকে যিমান কেইজন প্ৰধানমন্ত্ৰীয়ে উত্তৰ পূব ভ্ৰমণ কৰিছে তাৰ তুলনাত প্ৰধানমন্ত্ৰী মোডীয়ে অকলেই বেছিকৈ আহিছে উত্তৰ পূবলৈ।নাগালেণ্ডৰ ইনচাৰ্জ নেইন কোহলীয়ে কয় “ আমি মোডীৰ কামৰ শৈলীক বিশ্বাস কৰোঁ৷তেওঁ উন্নয়ন আৰু শান্তিৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বাবেই নাগালেণ্ডৰ জনতাই আদৰি ল’ব বিজেপিক।”উল্লেখ্য যে ২৭ ফেব্ৰুৱাৰীত দুয়োখন ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ২ মাৰ্চত ফলাফল ঘোষণা হ’ব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.