লাভলীনা : স্বৰ্ণজয়লৈ আৰু কিমান দূৰ ?

Share This Article

অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাৰ অসম কন্যা লাভলীনাক লৈ এতিয়া সপোন দেখিছে দেশবাসীয়ে। মেৰীকমৰ পিছতে দেশৰ অন্যতম মহিলা বক্সাৰ হিচাপে এটা সুকীয়া পৰিচয় আছে লাভ’লীনাৰ। অৱশ্যে দুৰ্ভাগ্যজনক ভাৱে অলিম্পিক ২০২০ৰ পৰা মেৰীকমে বিদায় লোৱাৰ পিছতে দেশবাসীৰ শেষ আশা ওলমি ৰৈছিল অসমৰ লাভ’লীনাৰ বক্সিং গ্লোভচত। ভাৰাত্তোলক মীৰাবাই চানুৰ অভূতপূৰ্ব সফলতাৰ পিছতে দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছিল অসমৰ লাভলীনাৰ ওপৰত।

প্ৰথম ৰাউণ্ডত বাই পোৱাৰ পিছত দ্বিতীয় ৰাউণ্ডৰ খেলখনত ৩৫ বছৰীয়া জাৰ্মান বক্সাৰ নাডিন এপেটিছক পৰাস্ত কৰিছিল লাভলীনাই। তাৰ পিছতে আজি কোৱাৰ্টাৰ ফাইনেলত লাভলীনা মুখামুখি হৈছিল চাইনীজ টাইপেইৰ দুৰ্দান্ত বক্সাৰ নিয়েনৰ আৰু এইখন খেলত জয়লাভ কৰাৰ পিছতেই ভাৰতৰ নামত নিশ্চিত হল আন এটা অলিম্পিক পদক। প্ৰথমবাৰৰ বাবে অলিম্পিকত অংশগ্ৰহণ কৰা লাভ’লীনাই বক্সিঙৰ ৬৯ কেজি শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰি সৃষ্টি কৰিলে ইতিহাস। কিন্তু এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে যে – গ’ল্ড মেডেললৈ আৰু কিমান দূৰ? কেইখন খেলত জয়লাভ কৰিলে স্বৰ্ণপদকৰ দাবীদাৰ হব অসম কন্যা? কিমান কঠিন হব স্বৰ্ণ জয়ৰ পথ?

অসমীয়া অগ্নি বান লাভলীনাৰ পৰৱৰ্তী খেল অনুষ্ঠিত হ’ব অহা ৪ আগষ্টত। অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা লাভ’লীনা বৰগোহাঁই অসমৰ প্ৰথমগৰাকী মহিলা। ৪ আগষ্টত লাভ’লীনা মুখামুখি হব তুৰস্কৰ বুচেনাজ চুৰমেনেলিৰ। দিনৰ ১১ বজাত অনুষ্ঠিত হব লগীয়া তীব্ৰ প্ৰতিদ্বন্দিতা মূলক খেলত যদি লাভ’লীনাই জয়লাভ কৰে তেন্তে লাভলীনা প্ৰৱেশ কৰিব ফাইনেলত। ইফালে এই শাখাৰ দুখনকৈ কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হবলৈ এতিয়াও বাকী আছে। এই দুখন কোৱাৰ্টাৰ ফাইনেলৰ পৰা দুগৰাকী বক্সাৰ আন এখন ছেমিফাইনেললৈ উন্নীত হ’ব।

স্বৰ্ণপদকৰ বাবে লাভ’লীনাৰ আৰু দুখোজ দিবলৈ বাকী। মেৰীকমৰ পিছতেই বক্সিঙত পদক বিজয়ী দ্বিতীয় গৰাকী ভাৰতীয় মহিলা হব লাভলীনা। ছেমিফাইনেলত জয়লাভ কৰিলেই গ’ল্ডৰ আশা হৈ পৰিব অধিক সতেজ। অৱশ্যে আন্তঃৰাষ্ট্ৰীয় স্তৰত এই যাত্ৰা সহজ নহব। তথাপিও কাঁইটীয়া বাটক মসৃণ কৰি আগুৱাই যাব লাভলীনা। অসম কন্যাই দেশবাসীক উপহাৰ দিব আন এটা অলিম্পিক পদক। আজিৰ সুখবৰটো লাভ কৰাৰ পিছতেই এতিয়া পৰৱৰ্তী খেলৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাইছে দেশবাসীয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.