সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আঢ়ৈ মাহৰ অন্তত অন্তেষ্টিক্ৰিয়া জাপানৰ প্ৰধানমন্ত্ৰীৰ

আঢ়ৈ মাহৰ অন্তত অন্তেষ্টিক্ৰিয়া জাপানৰ প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত টকিঅ’ত
শতাধিক বিশ্ব নেতা সমবেত টকিঅ’ত

- Donation -

জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চিঞ্জ’ আবেৰ শেষকৃত্য মঙলবাৰে৷

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপৰিও শতাধিক বিশ্ব নেতাই এই শেষকৃত্যত অংশ ল’ব৷

চিঞ্জ’ আবেক বিগত ৮ জুলাইত এখন জনসভাত অংশ লৈ থকাৰ সময়তে বন্দুকধাৰী দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল৷

চিঞ্জ’ আবে আছিল জাপানৰ সবাতোকৈ দীৰ্ঘসময় প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰী৷

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰৰ জৰিয়তে মঙলবাৰে তেওঁৰ টকিঅ’ ভ্ৰমণৰ কাৰ্যসূচীৰ কথা উল্লেখ কৰে৷
“আবে ভাৰতৰ এজন ঘনিষ্ঠ বন্ধু আছিল৷ ভাৰত -জাপানৰ সম্পৰ্ক মজবুত কৰাত সহায় কৰিছিল তেওঁ” -এনেদৰে প্ৰকাশ কৰিছিল মোডীয়ে৷

অন্তেষ্টিক্ৰিয়াৰ আগতে প্ৰধানমন্ত্ৰীয়ে জাপানৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাকো সাক্ষাৎ কৰে৷
“ আজি আমি দুখৰ দিনটোতেই একেলগে বহিছোঁ৷ইয়াৰ আগৰবাৰ মই জাপানলৈ আহোঁতে চিঞ্জ’ আবেক সাক্ষাৎ কৰিছিলোঁ৷ভাৰতে সদায় তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিব”- এনেদৰে কয় প্ৰধানমন্ত্ৰী মোডীয়ে৷
প্ৰধানমন্ত্ৰী মোডীৰ ওপৰিও আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি কমলা হেৰিছন,কানাডাৰ ৰাষ্ট্ৰপতি জাষ্টিন ট্ৰুডেও,দক্ষিণ কোৰিয়াৰ প্ৰধানমন্ত্ৰী হান ডাক চু,অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনি এলবানিজ,ভিয়েটনামৰ ৰাষ্ট্ৰপতি এনগোৱেন সোৱান ফুক,ব্ৰিটেইনৰ বৈদেশিক সচিব জেমচ ক্লেভাৰলি উপস্থিত হৈছে জাপানত৷
অবশ্যে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ অন্তেষ্টিক্ৰিয়াক লৈ যথেষ্ট সমালোচনা হৈছে৷
প্ৰয়োজনতকৈ অধিক ধন ব্যয় কৰা বুলি সমালোচিত হৈছে জাপান চৰকাৰ৷

জাপানৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ সবাতোকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁ সেইখিনি সন্মান পোৱাৰ যোগ্য৷

আজিৰ অন্তেষ্টিক্ৰিয়া টকিঅ’ৰ বুড’কান হলত অনুষ্ঠিত হ’ব৷এই অন্তেষ্টিক্ৰিয়াৰ নামত প্ৰায় ১.৭ বিলিয়ন য়েন ব্যয় হ’ব৷আমন্ত্ৰিত অতিথিৰ নিৰাপত্তা,পৰিবহন,থকা খোৱাৰ বন্দৱস্ত আৰু ভ্যেনুৰ নামত এই ধন ব্যয় হ’ব বুলি সংবাদ মাধ্যমক জনাইছে জাপান চৰকাৰে

শেষকৃত্য উপলক্ষে
জাপানত অভূতপূৰ্ব নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে৷
প্ৰায় ৪.০০০ জাপানী নাগৰিক উক্ত কাৰ্যক্ৰমত উপস্থিত থাকিব

Leave A Reply

Your email address will not be published.