আঢ়ৈ মাহৰ অন্তত অন্তেষ্টিক্ৰিয়া জাপানৰ প্ৰধানমন্ত্ৰীৰ

Share This Article

আঢ়ৈ মাহৰ অন্তত অন্তেষ্টিক্ৰিয়া জাপানৰ প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত টকিঅ’ত
শতাধিক বিশ্ব নেতা সমবেত টকিঅ’ত

জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চিঞ্জ’ আবেৰ শেষকৃত্য মঙলবাৰে৷

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপৰিও শতাধিক বিশ্ব নেতাই এই শেষকৃত্যত অংশ ল’ব৷

চিঞ্জ’ আবেক বিগত ৮ জুলাইত এখন জনসভাত অংশ লৈ থকাৰ সময়তে বন্দুকধাৰী দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল৷

চিঞ্জ’ আবে আছিল জাপানৰ সবাতোকৈ দীৰ্ঘসময় প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰী৷

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰৰ জৰিয়তে মঙলবাৰে তেওঁৰ টকিঅ’ ভ্ৰমণৰ কাৰ্যসূচীৰ কথা উল্লেখ কৰে৷
“আবে ভাৰতৰ এজন ঘনিষ্ঠ বন্ধু আছিল৷ ভাৰত -জাপানৰ সম্পৰ্ক মজবুত কৰাত সহায় কৰিছিল তেওঁ” -এনেদৰে প্ৰকাশ কৰিছিল মোডীয়ে৷

অন্তেষ্টিক্ৰিয়াৰ আগতে প্ৰধানমন্ত্ৰীয়ে জাপানৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাকো সাক্ষাৎ কৰে৷
“ আজি আমি দুখৰ দিনটোতেই একেলগে বহিছোঁ৷ইয়াৰ আগৰবাৰ মই জাপানলৈ আহোঁতে চিঞ্জ’ আবেক সাক্ষাৎ কৰিছিলোঁ৷ভাৰতে সদায় তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিব”- এনেদৰে কয় প্ৰধানমন্ত্ৰী মোডীয়ে৷
প্ৰধানমন্ত্ৰী মোডীৰ ওপৰিও আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি কমলা হেৰিছন,কানাডাৰ ৰাষ্ট্ৰপতি জাষ্টিন ট্ৰুডেও,দক্ষিণ কোৰিয়াৰ প্ৰধানমন্ত্ৰী হান ডাক চু,অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনি এলবানিজ,ভিয়েটনামৰ ৰাষ্ট্ৰপতি এনগোৱেন সোৱান ফুক,ব্ৰিটেইনৰ বৈদেশিক সচিব জেমচ ক্লেভাৰলি উপস্থিত হৈছে জাপানত৷
অবশ্যে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ অন্তেষ্টিক্ৰিয়াক লৈ যথেষ্ট সমালোচনা হৈছে৷
প্ৰয়োজনতকৈ অধিক ধন ব্যয় কৰা বুলি সমালোচিত হৈছে জাপান চৰকাৰ৷

জাপানৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ সবাতোকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁ সেইখিনি সন্মান পোৱাৰ যোগ্য৷

আজিৰ অন্তেষ্টিক্ৰিয়া টকিঅ’ৰ বুড’কান হলত অনুষ্ঠিত হ’ব৷এই অন্তেষ্টিক্ৰিয়াৰ নামত প্ৰায় ১.৭ বিলিয়ন য়েন ব্যয় হ’ব৷আমন্ত্ৰিত অতিথিৰ নিৰাপত্তা,পৰিবহন,থকা খোৱাৰ বন্দৱস্ত আৰু ভ্যেনুৰ নামত এই ধন ব্যয় হ’ব বুলি সংবাদ মাধ্যমক জনাইছে জাপান চৰকাৰে

শেষকৃত্য উপলক্ষে
জাপানত অভূতপূৰ্ব নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে৷
প্ৰায় ৪.০০০ জাপানী নাগৰিক উক্ত কাৰ্যক্ৰমত উপস্থিত থাকিব

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.