ক’ভিড শেষ চীনত ?

Share This Article

মাস্ক পিন্ধি কৰ্মস্থলীলৈ চীনা লোক চীনত ঘূৰি আহিছে স্বাভাৱিক অৱস্থা
ৰাজপথত লানি লাগিছে গাড়ীৰছাংহাই আৰু বেইজিং চহৰত মাস্ক পৰিধান কৰা লোকৰ লানি লাগিছে৷সোমবাৰে দুয়োখন চহৰৰ মাজত চলা ৰে’লবোৰৰ আসন সম্পূৰ্ণ যাত্ৰীৰে পৰিপূৰ্ণ দেখা গৈছে৷
উল্লেখ্য যে ক’ভিডৰ মূল উৎপত্তিস্থল চীনত ক’ভিড নীতিক লৈ জনতাই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল৷জনতাৰ প্ৰতিবাদত হাৰ মানি চীনৰ ৰাষ্ট্ৰপতি জী জীনপিঙে ক’ভিড নীতি উঠাই লৈছিল৷তাৰপিছতে দেশখনত ভয়াবহ সংক্ৰমণ হোৱা বুলি বিভিন্ন সংবাদমাধ্যমত প্ৰকাশ পাইছিল৷
ছাংহাই আৰু বেইজিঙৰ জনতাই কেইবা সপ্তাহ ক’ভিডৰ নতুন ভেৰিয়েণ্টৰ পৰা ৰক্ষা পাবলৈ ঘৰৰ ভিতৰত নিজকে আৱদ্ধ কৰি ৰাখিবলগীয়া হৈছিল৷

কিন্তু বৰ্তমান দেশখনৰ অৰ্থনীতি পুনৰ ভাঙি পৰাৰ ভয়ত চীনা জনতাই যেন নিজক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত সোমবাৰৰ পৰা পুনৰ আৰম্ভ কৰিছে স্বাভাৱিক জীৱন যাত্ৰা৷
আনকি খ্ৰীষ্টমাছ উপলক্ষে ছাংহাইৰ বাণিজ্যিক অঞ্চলত বহা খ্ৰীষ্টমাছ মাৰ্কেটতো যথেষ্ট ভিৰ দেখা গৈছিল শনিবাৰে৷ছাংহাই ডিজনীলেণ্ড আৰু বেইজিং ইউনিভাৰ্চেল ষ্টুডিঅ’ত আয়োজিত খ্ৰীষ্টমাছতো যথেষ্ট ভিৰ দেখা গৈছিল৷

সোমবাৰে দেশখনৰ প্ৰধান বাণিজ্যিক চহৰ কেইখনৰ ৰে’ল যাতায়ত আৰম্ভ হোৱাৰ ওপৰিও চহৰ কেইখনৰ প্ৰধান পথসমূহত সৰু সৰু গাড়ীৰ লানি দেখা গৈছে৷

টেছলা কোম্পানীয়ে ছাংহাইত থকা ইয়াৰ উৎপাদনস্থলী বিগত শনিবাৰে বন্ধ কৰি দিছিল৷অৱশ্যে কি কাৰণে এই উৎপাদনস্থলী বন্ধ কৰিলে তাৰ কোনো কাৰণ উল্লেখ কৰা নাই কোম্পানীটোৱে৷

ইতিমধ্যে দেশখনে ক’ভিডত মৃত্যু হোৱা ৰোগীৰ ক্ষেত্ৰত কিছু বাধ্যবাধকতা আনিছে৷শ্বাসপ্ৰশ্বাসত কষ্ট পোৱা আৰু নিউমোনিয়াত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱা সকলকহে কেৱল ক’ভিডৰ বাবে মৃত্যু হোৱা বুলি উল্লেখ কৰিছে৷

দেশখনত বৰ্তমান অৱসৰপ্ৰাপ্ত স্বাস্থ্যখণ্ডৰ কৰ্মীসকলকো গাঁৱেভূঞে সেৱা আগবঢ়োৱাটো বাধ্যতামূলক কৰা হৈছে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.