সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভাৰতীয় সংবাদ মাধ্যমৰ মুখত চূণ সানিলে আফগান মুখপাত্ৰই

তালিবান শাসকে আফগান মহিলাৰ অত্যাচাৰৰ বিষয়ে প্ৰশ্ন কৰাত দিলে গুজৰাটৰ উদাহৰণ।উল্লেখ্য যে উপযুক্ত ইউনিফৰ্ম পৰিধান নকৰাৰ বাবে আফগানিস্তানৰ বাদকচান বিশ্ববিদ্যালয়ৰ ছাত্ৰীক নিৰাপত্তা ৰক্ষীয়ে প্ৰহাৰ কৰিছিল সোমবাৰে।দেশখনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ আব্দুল কাহাৰ বাল্খীয়ে ভাৰতৰ এজন সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত দুটা ভিডিঅ’ পঠিয়াই দিছিল৷তাৰে এটা ফ্ৰান্সৰ আৰক্ষীয়ে মহিলা প্ৰতিবাদকাৰীৰ ওপৰত চলোৱা অত্যাচাৰৰ আৰু আনটো গুজৰাট আৰক্ষীয়ে ১০ জন মুছলমান পুৰুষৰ ওপৰত কৰা অত্যাচাৰৰ।গুজৰাটৰ উণ্ডেলা গাঁৱত এজন ব্যক্তিক খুঁটাত বান্ধি ৰাজহুৱাভাৱে মাৰধৰ কৰোঁতে স্থানীয় লোক আৰু আৰক্ষীয়ে বিৰোধিতা কৰাৰ পৰিবৰ্তে ঘটনাটোক উপভোগহে কৰিছিল উক্ত ভিডিঅ’টোত।যেতিয়া বাল্খীক সোধা হৈছিল “তেওঁলোকৰ দেশত আফগান মহিলাক কোবোৱাটো তেওঁ গুজৰাটৰ প্ৰসংগটোৰ উদাহৰণ দি যুক্তিযুক্ত বুলি ক’ব বিচাৰিছে নেকি ? উত্তৰত তেওঁ কয় “মই কেৱল ভাৰতৰে উদাহৰণ দিয়া নাই৷ফ্ৰান্স আৰক্ষীয়ে প্ৰতিবাদী জনতাক কৰা ব্যৱহাৰো ইয়াত সাঙুৰি লোৱা হৈছে।”

“ যিমান উদাহৰণ দিলোঁ,সকলোৱেই অগ্ৰহণীয়৷কিন্তু সাংবাদিকসকলে সংবাদ পৰিৱেশন কৰোঁতে সকলোবোৰ বিষয় মনত ৰখা উচিত”- এনেদৰে কয় বল্খীয়ে।বৰ্তমান আফগানিস্থানত চলি থকা চৰকাৰক সামন্তযুগীয় চৰকাৰ আখ্যা দিছে বহুতেই৷যদিও তালিবানৰ চৰকাৰ গঠনৰ ১৫ মাহ হ’ল তথাপিও কিন্তু বিশ্ব সম্প্ৰদায়ে এই চৰকাৰক স্বীকৃতি দিয়া নাই৷অৱশ্যে ভাৰতে ইতিমধ্যে আফগানিস্থানৰ লগত সম্পৰ্ক আৰম্ভ কৰিছে।আনহাতে,গুজৰাট চৰকাৰে গৰ্বাৰ আগদিনা সংঘটিত এই ঘটনাক লৈ এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই৷আনহাতে,ঘটনাটোৰ লগত জড়িত কাকো গ্ৰেপ্তাৰো কৰা নাই৷ভুক্তভোগীয়ে ইতিমধ্যে গোচৰ ৰুজু কৰিছে আৰু গুজৰাট উচ্চ ন্যায়ালয়ে ডিচেম্বৰৰ ভিতৰত চৰকাৰক এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ কৈছে।হয়তো বাল্খীৰ যুক্তি শুদ্ধ আৰু অত্যাচাৰৰ সকলোবোৰ ঘটনাই ভুল আছিল৷ অৱশ্যে এনেকুৱা কিছুমান সংবাদ থাকে যিবোৰ নিজৰ নিজৰ সমৰ্থনত কৰে সকলোৱে,সেয়া লাগিলে ভাৰতেই হওক অথবা আফগানিস্থানেই হওক ।

- Donation -

Leave A Reply

Your email address will not be published.