কাবুলত ৭২ ভাৰতীয়ক অপহৰণ তালিবানৰ !

Share This Article

কাবুল বিমান বন্দৰলৈ যোৱাৰ পথত তালিবানে ১৫০ গৰাকী ব্যক্তিক অপহৰণ কৰাৰ অভিযোগ উত্থাপণ হৈছে ৷ অপহৃতসকলৰ ভিতৰত বহুকেইগৰাকী ভাৰতীয়ও আছে বুলি সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ ৷ জানিব পৰা মতে , কাবুল বিমানবন্দৰলৈ যোৱাৰ পথতে এই ব্যক্তিসকলক তালিবানে অপহৰণ কৰে ৷ তেওলোকৰ ভিতৰত আছে  শিখ আৰু হিন্দু সম্প্ৰদায়ৰ বহু মানুহ ৷

ৱৰ্ল্ডছ পাঞ্জাবী অৰ্গেনাইজেশ্যনৰ দাবী – ৭২ গৰাকী  শিখ আৰু হিন্দু ব্যক্তিয়ে কাবুলৰ বিমান বন্দৰৰ বাহিৰত বিমানৰ বাবে অপেক্ষাৰত আছিল ৷ ভাৰতীয় বায়ু সেনাৰ বিমানত তেওলোক ভাৰতলৈ যোৱাৰ কথা আছিল ৷ কিন্তু আফগানি লোকে দেশ এৰিব নোৱাৰে বুলি কৈ তালিবানে এই লোকসকলক প্ৰথমতে আৱদ্ধ কৰি ৰাখে আৰু পাছত অপহৰণ কৰে ৷ অপহৃতসকলৰ ভিতৰত দুজন আফগানি সংখ্যালঘু এম পিও আছে ৷

তালিবানে এই অভিযোগ অস্বীকাৰ কৰি এইলোকসকলক অন্য পথেৰে বিমান বন্দৰৰ ভিতৰলৈ পঠিয়ায় দিয়া বুলি কয় ৷

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.