সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কাবুলত ৭২ ভাৰতীয়ক অপহৰণ তালিবানৰ !

কাবুল বিমান বন্দৰলৈ যোৱাৰ পথত তালিবানে ১৫০ গৰাকী ব্যক্তিক অপহৰণ কৰাৰ অভিযোগ উত্থাপণ হৈছে ৷ অপহৃতসকলৰ ভিতৰত বহুকেইগৰাকী ভাৰতীয়ও আছে বুলি সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ ৷ জানিব পৰা মতে , কাবুল বিমানবন্দৰলৈ যোৱাৰ পথতে এই ব্যক্তিসকলক তালিবানে অপহৰণ কৰে ৷ তেওলোকৰ ভিতৰত আছে  শিখ আৰু হিন্দু সম্প্ৰদায়ৰ বহু মানুহ ৷

ৱৰ্ল্ডছ পাঞ্জাবী অৰ্গেনাইজেশ্যনৰ দাবী – ৭২ গৰাকী  শিখ আৰু হিন্দু ব্যক্তিয়ে কাবুলৰ বিমান বন্দৰৰ বাহিৰত বিমানৰ বাবে অপেক্ষাৰত আছিল ৷ ভাৰতীয় বায়ু সেনাৰ বিমানত তেওলোক ভাৰতলৈ যোৱাৰ কথা আছিল ৷ কিন্তু আফগানি লোকে দেশ এৰিব নোৱাৰে বুলি কৈ তালিবানে এই লোকসকলক প্ৰথমতে আৱদ্ধ কৰি ৰাখে আৰু পাছত অপহৰণ কৰে ৷ অপহৃতসকলৰ ভিতৰত দুজন আফগানি সংখ্যালঘু এম পিও আছে ৷

- Donation -

তালিবানে এই অভিযোগ অস্বীকাৰ কৰি এইলোকসকলক অন্য পথেৰে বিমান বন্দৰৰ ভিতৰলৈ পঠিয়ায় দিয়া বুলি কয় ৷

 

Leave A Reply

Your email address will not be published.