নাইজেৰিয়াত নীৰৱে উচুপিছে ভাৰতীয় নাবিকে

Share This Article

ভাৰতৰ ১৬ গৰাকী নাবিক বন্দী হৈ আছে নাইজেৰিয়ান সেনাৰ হাতত। ৮৫ দিন ধৰি অবৈধভাৱে বন্দী হৈ থকা ১৬ গৰাকী ভাৰতীয় নাবিকৰ কাতৰ আহ্বান ভাৰত চৰকাৰলৈ। তেওঁলোকক শীঘ্ৰেই ভাৰত চৰকাৰে উদ্ধাৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ভুক্তভোগী দুৰ্ভগীয়া নাৱিক কেইজনে। এটা ভিডিঅ’ৰ জৰিয়তে ভাৰতীয়ক কাতৰ আহ্বান জনাইছে এইসকল দুৰ্ভগীয়া ভাৰতীয় নাবিকে । খাৰুৱা তেল সংগ্ৰহ কৰিবলৈ যোৱা এই সকল ভাৰতীয় নাবিকক সাগৰৰ পৰাই আটক কৰি বন্দী কৰি লৈ যায় নাইজেৰিয়ান সেনাই । তাৰ পিছতেই প্ৰায় ছয় মাহ দিন ধৰি ঘৰৰ পৰা আঁতৰি থাকিব লগীয়া হৈছে এইসকল ভাৰতীয় নাবিক।ৰোছন অৰোৰা নামৰ এজন বন্দীৰ এটা ভিডিঅ’ৰ জৰিয়তে পোহৰলৈ আহিছে এই সমগ্ৰ ঘটনা। ভিডিঅ’টোত ৰোছন অৰোৰাই ব্যক্ত কৰা ঘটনা অনুসৰি “ছয় মাহ ধৰি, আমি পৰিয়ালৰ সদস্যসকলক দেখা নাই। আমি আইনীভাৱে খাৰুৱা তেল সংগ্ৰহ কৰিবলৈ আহিছিলো। আমাৰ ওচৰত সকলো আইনী নথি পত্ৰ আছে, দুৰ্ঘটনাবশতঃ জাহাজখনত এটোপালো তেল নোহোৱা হয়, তেতিয়াই নাইজেৰিয়ান সেনাই আমাক বলপূৰ্বক ভাবে বন্দী কৰি জাহাজখনো কাঢ়ি লৈ যায়। মই নাজানো পৰৱৰ্তী সময়ত আমাৰ কি হ’ব, আমি ঘূৰি যাব পাৰিম নে নোৱাৰোঁ। আমাক সহায় লাগে আমাক উদ্ধাৰ কৰক। “সমান্তৰালকৈ উক্ত ঘটনাৰ সন্দৰ্ভত নাবিকজনে তেখেতসকলৰ যাত্ৰাৰ সকলো কাহিনী উক্ত ভিডিঅ’ত বৰ্ণনা কৰে৷ লগতে তেওঁ নাইজেৰিয়ান সেনাই তেওঁলোকক কেনেদৰে বন্দী কৰিলে তাৰ বিষয়েও বৰ্ণনা কৰিছে। তেখেতৰ বৰ্ণনা অনুসৰি “আমি ৮৮ দিনৰ আগতে জাহাজখন লোড কৰিবলৈ নাইজেৰিয়ালৈ গৈছিলো। আমি নাইজেৰিয়াৰ এক্সপো প্ৰডাকচন ফিল্ডৰ পৰা তেল ভৰ্তি কৰিব লগা হৈছিল। আমি ক্লিয়াৰেন্সৰ বাবে অপেক্ষা কৰি সাগৰৰ মাজতে অৱস্থান কৰিছিলোঁ। সেই স্থানতে ৰাতি এখন জাহাজে আমাক অনুসৰণ কৰিছিল। আমি তেওঁলোক কোন ধৰিব পৰা নাছিলোঁ। জাহাজখনৰ পৰা আমাক বাৰে বাৰে কোৱা হৈছিল যে আমি নাইজেৰিয়ান নৌসেনাৰ আৰু তহঁত আমাৰ সৈতে ব’ল।জাহাজখনে আমাক বাধা দিবলৈ চেষ্টা কৰিছিল। আমি লগে লগেই আমাৰ কাৰ্যালয় আৰু সুৰক্ষা সংস্থাক অৱগত কৰিছিলো । আমাক পৰামৰ্শ দিয়া হৈছিল যে এইয়া কোনো সন্ত্ৰাসবাদীৰ জাহাজো হ’ব পাৰে, সেয়েহে আমি ইয়াৰ পৰা পলাই যোৱা উচিত। আমি আমাৰ এজেণ্ট আৰু কোম্পানীৰ পৰা অৰ্ডাৰ অৱজ্ঞা কৰিব নোৱাৰিলোঁ। গতিকে তেওঁ যি কৈছিল আমি সেয়াই কৰিছিলোঁ । আমাক আন্তৰ্জাতিক সীমান্তৰ পৰা প্ৰমাণ অবিহনে আটক কৰা হৈছিল । সেই জাহাজখনে প্ৰায় তিনি ঘণ্টা ধৰি আমাক অনুসৰণ কৰিছিল, তাৰ পিছত আমি আন্তৰ্জাতিক জলসীমালৈ আহিছিলো।আন্তৰ্জাতিক সীমান্তত কাৰোবাক আটক কৰাটো অবৈধ। ইয়াত গ্ৰেপ্তাৰ হোৱাৰ বিধিসন্মত যুক্তি থাকিব লাগে৷ সাধাৰণতে যদি আমি পানী দূষিত কৰিছিলোঁ বা আন কোনো অপৰাধ কৰিছিলোঁ তেতিয়াহে আমাক তেনেকৈ গ্ৰেপ্তাৰ কৰিব পাৰে। কিন্তু বৰ্তমান আমাৰ মুক্তিৰ বাবে নাইজেৰিয়ান কোম্পানীটোৱে আৰু সেনা বাহিনীয়ে বৃহৎ পৰিমাণ ক্ষতিপূৰণৰ দাবী কৰিছে’।” এনেদৰে এইসকল ভাৰতীয় নাবিকে নিজৰ মুক্তিৰ বাবে ভাৰতীয়ৰ লগতে ভাৰত চৰকাৰৰ পৰা সহায় বিচাৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.