IIT GUWAHATI ৰ এটা বেয়া খবৰ

Share This Article

ক’ভিডৰ কালৰূপৰ বাবেই ইতিমধ্যে বিধ্বস্ত হৈ পৰিছে দেশৰ শৈক্ষিক পৰিকাঠামো । মানসিকভাৱে ভাগি পৰিছে  শিক্ষাৰ্থী সকল। অনলাইন শিক্ষা ব্যৱস্থাই পূৰণ কৰিব পৰা নাই  ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক প্ৰয়োজনীয়তা। কিন্তু এই উদ্বেগজনক পৰিস্হিতিৰ মাজতে দেশৰ শিক্ষা ব্যৱস্থাটোৰ বাবে আহিছে এটা নেতিবাচক খবৰ। গুৱাহাটী IIT অৰ্থাৎ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান , গুৱাহাটীৰ পৰা ড্ৰপআউট হোৱা অৰ্থাৎ শিক্ষা আধাতে সামৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা দেশৰ ভিতৰতে সৰ্বাধিক।  ড্ৰপআউট হোৱা শিক্ষাৰ্থী সকলৰ ভিতৰত অনুসূচিত জাতি, জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ শিক্ষাৰ্থীৰ  সংখ্যা প্ৰায় ৮৮%। এয়া দেশৰ শীৰ্ষ সাতখন IITৰ ভিতৰত আটাইতকৈ উদ্বেগজনক ৷

ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ শীৰ্ষ ১০ৰ ভিতৰত থকা সাতখন আইআইটিৰ বিশ্লেষণে দেখুৱাইছে যে কিছুমান প্ৰতিষ্ঠানত ড্ৰপআউটৰ অসমানুপাতিকতা অধিক । অৰ্থাৎ বিভিন্ন জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীৰ আধাতে শিক্ষা সমাপ্ত কৰাৰ প্ৰৱণতা অধিক। যোৱা পাঁচ বছৰত আই.আই.টি. গুৱাহাটীৰ ২৫ জন ড্ৰপআউটৰ ভিতৰত ৮৮% ছাত্ৰ ছাত্ৰী সংৰক্ষিত শ্ৰেণীৰ অন্তৰ্গত।

উল্লেখনীয় যে আই আই টি গুৱাহাটী ঐতিহাসিক অসম চুক্তিৰ ফল। ২০১৮ চনত আই.আই.টি. দিল্লীৰ পৰা  ড্ৰপআউট হোৱা ১০ জন শিক্ষাৰ্থীৰ ভিতৰত প্ৰতিজনেই সংৰক্ষিত শ্ৰেণীৰ আছিল । ২০১৯ বৰ্ষক বাদ দি প্ৰতি বছৰৰ সমীক্ষাত একে ধৰণৰ প্ৰৱণতা দেখা গৈছে। আই আই টি মাদ্ৰাজত যোৱা পাঁচ বছৰত ১০ গৰাকী শিক্ষাৰ্থী ড্ৰপআউট হৈছে। ইয়াৰে ছয়জন ড্ৰপআউট অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ শিক্ষাৰ্থী আছিল। ইয়াৰ বিপৰীতে এজন আন পিছপৰা শ্ৰেণীৰ (অ’বিচি)  আছিল। মুঠতে প্ৰতিষ্ঠানটোৰ ৭০% ড্ৰপআউট সংৰক্ষিত শ্ৰেণীৰ অন্তৰ্গত ছাত্ৰ ছাত্ৰী আছিল।

মুঠতে ৭৯ জন শিক্ষাৰ্থীয়ে যোৱা পাঁচ বছৰত খড়গপুৰ আই আই টি এৰিছে। তাৰ ভিতৰত ৬০%তকৈ অধিক সংৰক্ষিত শ্ৰেণীৰ।

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.