সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

IAS Controversy:মমতাৰ সৈতে সুৰ মিলাইছে কিয় এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ?

আই এ এছ কেডাৰ আইনৰ সংশোধনক লৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ লগত একে সুৰতে সুৰ মিলাইছে কেবাখনো এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৷ কেন্দ্ৰীয় চৰকাৰে আই এ এছ কেডাৰ আইনত এক গুৰুত্বপূৰ্ণ সংশোধনী আনিব বিচাৰিছে ৷ সেই অনুসৰি এতিয়াৰ পৰা কোনো আই এ এছ বিষয়াই কেন্দ্ৰীয় চৰকাৰলৈ ডেপুটেশ্যনত যাব বিচাৰিলে ৰাজ্য চৰকাৰৰ অনুমতিৰ প্ৰয়োজন নহ’ব ৷ এই সংশোধনীৰ বিৰোধিতা কৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেণাৰ্জীয়ে কৈছে যে এয়া বাস্তৱত ৰূপায়ন হ’লে সংবিধানৰ মূল পৰিকাঠামোৰ উলংঘা কৰা হ’ব ৷ সংশোধনী সন্দৰ্ভত ৰাজ্যসমূহৰ পৰা মতামত বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ পশ্চিমবংগৰ লগতে মহাৰাষ্ট্ৰ চৰকাৰেই ইয়াৰ বিৰোধিতা কৰি আহিছে ৷ শেহতীয়াকৈ আই এ এছ কেডাৰ আইনৰ সংশোধনৰ বিৰোধিতা কৰি এন ডি এ শাসিত ওড়িশা , বিহাৰ , মেঘালয় আৰু মধ্যপ্ৰদেশ চৰকাৰেও কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ কৰিছে ৷

Leave A Reply

Your email address will not be published.