IAS Controversy:মমতাৰ সৈতে সুৰ মিলাইছে কিয় এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ?

Share This Article

আই এ এছ কেডাৰ আইনৰ সংশোধনক লৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ লগত একে সুৰতে সুৰ মিলাইছে কেবাখনো এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৷ কেন্দ্ৰীয় চৰকাৰে আই এ এছ কেডাৰ আইনত এক গুৰুত্বপূৰ্ণ সংশোধনী আনিব বিচাৰিছে ৷ সেই অনুসৰি এতিয়াৰ পৰা কোনো আই এ এছ বিষয়াই কেন্দ্ৰীয় চৰকাৰলৈ ডেপুটেশ্যনত যাব বিচাৰিলে ৰাজ্য চৰকাৰৰ অনুমতিৰ প্ৰয়োজন নহ’ব ৷ এই সংশোধনীৰ বিৰোধিতা কৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেণাৰ্জীয়ে কৈছে যে এয়া বাস্তৱত ৰূপায়ন হ’লে সংবিধানৰ মূল পৰিকাঠামোৰ উলংঘা কৰা হ’ব ৷ সংশোধনী সন্দৰ্ভত ৰাজ্যসমূহৰ পৰা মতামত বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ পশ্চিমবংগৰ লগতে মহাৰাষ্ট্ৰ চৰকাৰেই ইয়াৰ বিৰোধিতা কৰি আহিছে ৷ শেহতীয়াকৈ আই এ এছ কেডাৰ আইনৰ সংশোধনৰ বিৰোধিতা কৰি এন ডি এ শাসিত ওড়িশা , বিহাৰ , মেঘালয় আৰু মধ্যপ্ৰদেশ চৰকাৰেও কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ কৰিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.