“ডঃ হিমন্ত বিশ্ব শৰ্মাই মানসিক সন্তোলন হেৰুৱাইছে আৰু ৰাজনীতিৰ সকলো সীমা পাৰ কৰিছে”

Share This Article

১৪ ফেব্ৰুৱাৰীত উত্তৰাখণ্ডত অনুষ্ঠিত হ’ব বিধানসভা নির্বাচন। শুকুৰবাৰে বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ উত্তৰাখণ্ডত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্রী শৰ্মাই নিৰ্বাচনী সভাত অংশগ্রহণ কৰি কংগ্রেছ দলৰ লগতে কংগ্রেছ নেতা ৰাহুল গান্ধীক কটাক্ষ কৰে। আনহাতে মুখ্যমন্ত্রীগৰাকীয়ে কংগ্রেছক লৈ কটাক্ষ মন্তব্য কৰা পাছতেই কংগ্রেছ নেতা ৰণদ্বীপ সিং সুৰজেৱালে টুইটাৰ যোগে কয় যে, “পৰাজয় আগত দেখি অসমৰ (কংগ্রেছৰ পৰা পলৰীয়া) মুখ্যমন্ত্রীয়ে মানসিক সন্তোলন হেৰুৱাই পেলাইছে আৰু ৰাজনীতিৰ সকলো সীমা পাৰ কৰিছে। মোদীজীৰ নিষ্ঠা প্ৰাপ্তি কৰিবৰ বাবে নিজৰেই পুৰণি পাৰ্টিক গালি দিয়াটো আৱশ্যক। এয়া হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্বল চিন্তা ধাৰাৰ প্ৰমাণ।”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.