Investigative reporting with dedication.

বিগত ১১ ফেব্ৰুৱাৰীত কৰ্ণাটক উচ্চ ন্যায়ালয়ে হিজাব সন্দৰ্ভত অন্তৱৰ্তীকালীন ৰায় প্ৰদান কৰিছিল। এই ৰায়ক প্ৰত্যাহ্বান জনাই দ্ৰুত শুনানিৰ দাবীত উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হয় বহুকেইজন আবেদনকাৰী। অৱশ্যে উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত পুনৰ কোনো আবেদন অথবা গোচৰ ল’বলৈ অমান্তি হয়। বৰঞ্চ জনায় যে উচ্চ ন্যায়ালয়ে এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। সেয়েহে এনে সময়ত তাত হস্তক্ষেপৰ কোনো প্ৰয়োজন নাই।



