শিলাবৃষ্টিৰ ক্ষতিপূৰণ গোলাঘাট জিলা উপায়ুক্তৰ যোগেদি পাবলৈ ‘জীপাল’ৰ স্মাৰক পত্ৰ।

Share This Article

“ঘৰৰ কাষৰ কৃষি মন্ত্ৰী অতুল বৰাৰ ওপৰত ভৰষা নাইঃ সোনেশ্বৰ নৰহ
শিলাবৃষ্টিৰ ফলত নষ্ট হোৱা পথাৰৰ সৰিয়হ , বড়োধানৰ কঠিয়া-খেতিৰ লগতে ঘৰ বাৰী নষ্ট হোৱা পৰিয়ালবৰ্গক অতিশীঘ্ৰে ক্ষতিপূৰণ আদায় দিয়াৰ দাবীত গোলাঘাট জিলাৰ উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে জীপাল কৃষক- শ্ৰমিক সংঘই। জীপালৰ হৈ সভাপতি হেম ফুকন, সম্পাদক পুতুল নৰহ সহ সতীৰ্থ প্ৰবীণ পেগু,বিজু চাওঁতাল,জেহিৰুদ্দিন আহমেদ,দেৱ পেগু,দ্ৰুণ পাটগিৰি,মেঘনাথ কুটুম আৰু উপদেষ্টা সোণেশ্বৰ নৰহৰ দ্বাৰা উল্লেখিত স্মাৰক পত্ৰ খনে যথেষ্ট গুৰুত্বপূৰ্ণ দাবী সন্নিৱিষ্ট কৰিছে।
যোৱা কিছু দিন ধৰি নেৰানেপেৰা মূষলধাৰ বৰষুণ আৰু যোৱা ৫ তাৰিখৰ সন্ধ্যাৰ শিলবৰষুণত কৃষকে পথাৰৰ সৰিয়হ তুলি মৰণা দিব নোৱাৰাত পথাৰতে প্ৰায় সম্পূৰ্ণ নষ্ট কৰিছে। ৰাৰীৰ শাক পাচলিৰ বিধ্বংসী ছবিয়ে ৰাইজক হতাশাগ্ৰস্ত কৰি তুলিছে। এফালে বড়োখেতি -কঠিয়াতলি বিনষ্ট হোৱাৰ উপৰিও প্ৰায় সংখ্যক মানুহ আৰু পশুধনৰ গোহালি ঘৰ থানবান হোৱা ঘটনা বিষময় হৈ উঠিছে। বৰ্তমান বহু পৰিয়াল আশ্ৰয়হীণতাত ভুগিছে।
সেই সন্দৰ্ভত জিলা উপায়ুক্তক দৃষ্টিগোচৰ কৰি দাবী সমূহৰ সমাধান বিচাৰি স্মাৰক পত্ৰত জীপালে উল্লেখ কৰিছে–
১) জিলাখনৰ প্ৰতিপঞ্চায়ত এলেকাৰ কৃষিভূমিৰ সৰিয়হ ,বড়োখেটি -কঠিয়া নষ্ট হোৱাৰ তথ্য সংগ্ৰহ কৰি এসপ্তাহৰ ভিতৰত ইয়াৰ শ্বেতপত্ৰ ৰাজহুৱা কৰক আৰু ক্ষতিপূৰণ মুকলি কৰক।

২) শিল বৰষুণৰ ফলত ধ্বংস হোৱা , আশ্ৰয়ৰ বাবে অনুপযোগী হোৱা ঘৰ-বাৰী সমূহৰ প্ৰামান্য তথ্য সংগ্ৰহ কৰি ৰাজহুৱা কৰক আৰু চৰকাৰৰ সংশ্লিষ্টক তথ্য দাখিল কৰক , ইয়াৰ যোগেদি জিলাখনৰ ক্ষতিগ্ৰস্তৰ বাবে বিশেষ সাহায্য পূঁজি মোকলাই অনাৰ ক্ষমতা অৰ্জন কৰক।

৩) উপৰোক্ত তথ্য সমূহৰ ভিত্তিত অনতিবলম্বে চৰকাৰী প্ৰাপ্য ক্ষতিপূৰণ প্ৰদান কৰাৰ কথা ৰাজহুৱাকৈ ঘোষণা কৰক। কোনো তথ্যৰ কাৰচাজিৰে যাতে প্ৰকৃত ক্ষতিগ্ৰস্ত থাকি নাযায়,ইয়াৰ বাবে উন্নত পদ্ধতি অৱলম্বন কৰক।

৪) শিলবৰষুণৰ ফলত আশ্ৰয়ৰ অনুপযোগী ঘৰ পৰিয়াল সমূহক বিনাচৰ্তে তাৎক্ষণিক ভাবে অগ্ৰাধিকাৰেৰে থকাৰ উপযোগী কৰি দিয়া আৰু আৰ্থিক সাহায্য মুকলি কৰা।
অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ম। এহাতেদি জীপালৰ মুখ্য উপদেষ্টা সোনেশ্বৰ নৰহৰ প্ৰতিক্ৰিয়াত ব্যক্ত কৰে যে
*শিলাবৃষ্টি আমাৰ বাবে ৰোমাণ্টিচিজিম নহয়,কৃষকৰ বাবে বিষময় – বিভীষিকাময় । আশ্ৰয়হীণতাত ডুবিছে ৰাইজ। ইয়াৰ পৰা উধাবলৈ। বহু বছৰ লাগিব। সেয়ে জিলা উপায়ুক্তৰ যোগেদি চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে।

“ঘৰৰ কাষৰ কৃষি মন্ত্ৰী অতুল বৰাৰ ওপৰত আৰু ভৰষা নাই,গতিকে জিলা উপায়ুক্তৰ যোগেদি চৰকাৰৰ প্ৰাপ্য আদায় পোৱাৰ দাবী তুলিছে। পূৰ্বৰ বহু ক্ষতিপূৰণ দিয়াত ব্যৰ্থ হৈছে মন্ত্ৰী অতুল বৰা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.