ফেক কিলিং : কাল্পনিক ব্যক্তিক হত্যা কৰি অসমত কেনেদৰে লুণ্ঠন কৰা হয় বীমাৰ ধন ?

Share This Article

ফেক এনকাউন্টাৰ নহয় , আন্ত:ৰাষ্ট্ৰীয় পর্যায়ত উন্মোচিত হৈছে অসমৰ ‘ফেক কিলিঙ’ৰ ঘটনা৷উন্মোচিত হৈছে ফেক কিলিঙৰ জৰিয়তে বীমাৰ ধন লুন্ঠনৰ চাঞ্চল্যকৰ তথ্য ৷ ‘ব্লুমবার্গ’ৰ এক প্ৰতিবেদনত পোহৰলৈ আহিছে অসমৰ বৰপেটা জিলাত সংঘটিত এই ফেক কিলিঙৰ ঘটনা৷

‘ব্লুমবাৰ্গ’ৰ সুদীৰ্ঘ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি , বীমা জালিয়াতিৰ বাবে ভাৰতৰ বীমা কোম্পেনীসমূহ ৭ বছৰত ২.২ লাখ কৌটি টকাৰ লোকচানৰ সন্মুখীন হৈছে ৷কাল্পনিক ব্যক্তিৰ ভুৱা মৃত্যু আৰু মৃত ব্যক্তিৰ নামত পলিচী ক্ৰয় কৰি জালিয়াতিৰে আদায় কৰা হৈছে কৌটি কৌটি টকা ৷ ফেক কিলিঙৰ  অন্যতম অভিকেন্দ্ৰ হ’ল অসমৰ বৰপেটা জিলা ৷

বৰপেটাত কিদৰে কাল্পনিক ব্যক্তিক মৃত সজাই বীমাৰ ধন লুণ্ঠন কৰা হৈছিল , তাৰ কেবাটাও কাহিনী শেহতীয়াকৈ পোহৰলৈ আহিছে ৷

ব্লুমবার্গৰ প্ৰতিবেদন অনুসৰি,বৰপেটাৰ ইছমাইল হুছেইনে সংঘটিত কৰিছিল এটা ‘ফেক কিলিং’ৰ ঘটনা৷২০১১ চনত ইছমাইল হুছেইনে তেওঁৰ বন্ধু তথা ইঞ্চুৰেন্স কোম্পেনীৰ এজেন্ট মানিক আলিৰ পৰামর্শত ইছমাইল হুছেইনে সৃষ্টি কৰিছিল তেওঁৰ ভাতৃৰ এটা ভুৱা চৰিত্ৰ৷ জালিয়াতিৰে প্ৰস্তুত কৰা হৈছিল জন্মৰ প্ৰমান পত্ৰ৷ স্থানীয় প্ৰধান শিক্ষক এজনৰ দ্বাৰা ২০০৪ চনত ইছমাইল হুছেইনৰ ভাতৃয়ে স্নাতক ডিগ্ৰী লাভ কৰা বুলি উলিওৱা হৈছিল আন এখন প্ৰমান পত্ৰ৷ ইয়াৰ পিছতেই ইঞ্চুৰেন্স এজেন্ট মানিক আলিৰ সহযোগত ভাতৃৰ নামত ২৫ লাখ টকাৰ বীমা পলিচী ক্ৰয় কৰিছিল ইছমাইল হুছেইনে৷ ব্লুমবার্গৰ বাতৰি অনুসৰি,২০১২ চনৰ ৩০ ছেম্তেম্বৰত ভাতৃৰ মৃত্যু হোৱা বুলি ভূৱা প্ৰমাণ পত্ৰ প্ৰস্তুত কৰে ইছমাইল হুছেইনে৷ইয়াৰ ঠিক ৫ বছৰ পিছত ইছমাইল হুছেইনে নমিনী হিচাপে ‘আভিভা লাইফ’ নামৰ ইঞ্চুৰেন্স প্ৰতিষ্ঠানটোৰ পৰা বীমাৰ ধন দাবী কৰে আৰু সেই অনুসৰি ২৫ লাখ টকা লাভ কৰে৷ইয়াৰ পিছৰে পৰাই ইছমাইল  হুছেইনে মানিক আলিৰ সহযোগত গঠন কৰে ফেক কিলিংৰ এটা গেং৷

ব্লুমাবার্গৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে  নবাব আলি নামৰ এজন ব্যক্তিৰ দুটা মৃত্যুৰ তথ্য৷প্ৰতিবেদন অনুসৰি ২০১৪ চনত  ইলেক্ট্ৰেচিয়ান নবাব আলিৰ মৃত্যু হৈছিল এটা আকস্মিক দুর্ঘটনাত৷কিছুদিন পিছতেই নবাব আলিৰ পত্নী মাফিদা খাতুনৰ বাসগৃহত উপস্থিত হয় চাৰিজন ব্যক্তি৷তেওঁলোকে প্ৰলোভনেৰে নবাব আলিৰ ভোটাৰ আই ডিকে আদি কৰি বিভিন্ন নথিত মফিদাৰ স্বাক্ষৰ সংগ্ৰহ কৰে আৰু তাৰ জৰিয়তে নবাব আলিৰ নামত ৫ টা ইঞ্চুৰেন্স কোম্পানীৰ পৰা ৫ টা পলিচী ক্ৰয় কৰে৷পৰবর্তী সময়ত ৪ মাহৰ পিছত ফেক কিলিং গেঙটোৱে ৰচনা কৰে নবাব আলিৰ পুনৰ মৃত্যুৰ কাহিনী৷অৱশেষত নবাব আলিৰ বীমাৰ নামত ১৭ লাখ টকা প্ৰদান কৰে উল্লেখিত বীমা প্ৰতিষ্ঠান কেইটাই৷

এনেদৰেই অসমৰ বৰপেটা জিলাত সংঘটিত ফেক কিলিঙৰ বহু বিস্ফোৰক তথ্য প্ৰকাশ পাইছে ব্লুমবার্গৰ প্ৰতিবেদনত৷জীৱিত ব্যক্তিক মৃত অথবা কাল্পনিক আৰু ভুৱা ব্যক্তিৰ নামত ইঞ্চুৰেন্স কৰি পৰৱর্তী সময়ত মৃত সজাই দাবী কৰা হয় বীমাৰ ধন৷উল্লেখনীয় যে, ব্লুমবার্গৰ তথ্য অনুসৰি,ভাৰতৰ ইঞ্চুৰেন্স প্ৰতিষ্ঠান সমূহে এনে প্ৰৱঞ্চনাৰ বাবে ২০১২ চনৰ পৰা ২০১৯ চনলৈ ২.২ লাখ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে৷প্ৰতিবেদন অনুসৰি,ইঞ্চুৰেন্স কোম্পানী সমূহে এনেধৰনৰ প্ৰৱঞ্চনাৰ ঘটনা সংঘটিত হোৱা দেশৰ ৮০ খন জিলা চিনাক্ত কৰিছে,তাৰ ভিতৰত অন্যতম হ’ল অসমৰ বৰপেটা জিলা৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.