সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ফেক কিলিং : কাল্পনিক ব্যক্তিক হত্যা কৰি অসমত কেনেদৰে লুণ্ঠন কৰা হয় বীমাৰ ধন ?

ফেক এনকাউন্টাৰ নহয় , আন্ত:ৰাষ্ট্ৰীয় পর্যায়ত উন্মোচিত হৈছে অসমৰ ‘ফেক কিলিঙ’ৰ ঘটনা৷উন্মোচিত হৈছে ফেক কিলিঙৰ জৰিয়তে বীমাৰ ধন লুন্ঠনৰ চাঞ্চল্যকৰ তথ্য ৷ ‘ব্লুমবার্গ’ৰ এক প্ৰতিবেদনত পোহৰলৈ আহিছে অসমৰ বৰপেটা জিলাত সংঘটিত এই ফেক কিলিঙৰ ঘটনা৷

‘ব্লুমবাৰ্গ’ৰ সুদীৰ্ঘ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি , বীমা জালিয়াতিৰ বাবে ভাৰতৰ বীমা কোম্পেনীসমূহ ৭ বছৰত ২.২ লাখ কৌটি টকাৰ লোকচানৰ সন্মুখীন হৈছে ৷কাল্পনিক ব্যক্তিৰ ভুৱা মৃত্যু আৰু মৃত ব্যক্তিৰ নামত পলিচী ক্ৰয় কৰি জালিয়াতিৰে আদায় কৰা হৈছে কৌটি কৌটি টকা ৷ ফেক কিলিঙৰ  অন্যতম অভিকেন্দ্ৰ হ’ল অসমৰ বৰপেটা জিলা ৷

- Donation -

বৰপেটাত কিদৰে কাল্পনিক ব্যক্তিক মৃত সজাই বীমাৰ ধন লুণ্ঠন কৰা হৈছিল , তাৰ কেবাটাও কাহিনী শেহতীয়াকৈ পোহৰলৈ আহিছে ৷

ব্লুমবার্গৰ প্ৰতিবেদন অনুসৰি,বৰপেটাৰ ইছমাইল হুছেইনে সংঘটিত কৰিছিল এটা ‘ফেক কিলিং’ৰ ঘটনা৷২০১১ চনত ইছমাইল হুছেইনে তেওঁৰ বন্ধু তথা ইঞ্চুৰেন্স কোম্পেনীৰ এজেন্ট মানিক আলিৰ পৰামর্শত ইছমাইল হুছেইনে সৃষ্টি কৰিছিল তেওঁৰ ভাতৃৰ এটা ভুৱা চৰিত্ৰ৷ জালিয়াতিৰে প্ৰস্তুত কৰা হৈছিল জন্মৰ প্ৰমান পত্ৰ৷ স্থানীয় প্ৰধান শিক্ষক এজনৰ দ্বাৰা ২০০৪ চনত ইছমাইল হুছেইনৰ ভাতৃয়ে স্নাতক ডিগ্ৰী লাভ কৰা বুলি উলিওৱা হৈছিল আন এখন প্ৰমান পত্ৰ৷ ইয়াৰ পিছতেই ইঞ্চুৰেন্স এজেন্ট মানিক আলিৰ সহযোগত ভাতৃৰ নামত ২৫ লাখ টকাৰ বীমা পলিচী ক্ৰয় কৰিছিল ইছমাইল হুছেইনে৷ ব্লুমবার্গৰ বাতৰি অনুসৰি,২০১২ চনৰ ৩০ ছেম্তেম্বৰত ভাতৃৰ মৃত্যু হোৱা বুলি ভূৱা প্ৰমাণ পত্ৰ প্ৰস্তুত কৰে ইছমাইল হুছেইনে৷ইয়াৰ ঠিক ৫ বছৰ পিছত ইছমাইল হুছেইনে নমিনী হিচাপে ‘আভিভা লাইফ’ নামৰ ইঞ্চুৰেন্স প্ৰতিষ্ঠানটোৰ পৰা বীমাৰ ধন দাবী কৰে আৰু সেই অনুসৰি ২৫ লাখ টকা লাভ কৰে৷ইয়াৰ পিছৰে পৰাই ইছমাইল  হুছেইনে মানিক আলিৰ সহযোগত গঠন কৰে ফেক কিলিংৰ এটা গেং৷

ব্লুমাবার্গৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে  নবাব আলি নামৰ এজন ব্যক্তিৰ দুটা মৃত্যুৰ তথ্য৷প্ৰতিবেদন অনুসৰি ২০১৪ চনত  ইলেক্ট্ৰেচিয়ান নবাব আলিৰ মৃত্যু হৈছিল এটা আকস্মিক দুর্ঘটনাত৷কিছুদিন পিছতেই নবাব আলিৰ পত্নী মাফিদা খাতুনৰ বাসগৃহত উপস্থিত হয় চাৰিজন ব্যক্তি৷তেওঁলোকে প্ৰলোভনেৰে নবাব আলিৰ ভোটাৰ আই ডিকে আদি কৰি বিভিন্ন নথিত মফিদাৰ স্বাক্ষৰ সংগ্ৰহ কৰে আৰু তাৰ জৰিয়তে নবাব আলিৰ নামত ৫ টা ইঞ্চুৰেন্স কোম্পানীৰ পৰা ৫ টা পলিচী ক্ৰয় কৰে৷পৰবর্তী সময়ত ৪ মাহৰ পিছত ফেক কিলিং গেঙটোৱে ৰচনা কৰে নবাব আলিৰ পুনৰ মৃত্যুৰ কাহিনী৷অৱশেষত নবাব আলিৰ বীমাৰ নামত ১৭ লাখ টকা প্ৰদান কৰে উল্লেখিত বীমা প্ৰতিষ্ঠান কেইটাই৷

এনেদৰেই অসমৰ বৰপেটা জিলাত সংঘটিত ফেক কিলিঙৰ বহু বিস্ফোৰক তথ্য প্ৰকাশ পাইছে ব্লুমবার্গৰ প্ৰতিবেদনত৷জীৱিত ব্যক্তিক মৃত অথবা কাল্পনিক আৰু ভুৱা ব্যক্তিৰ নামত ইঞ্চুৰেন্স কৰি পৰৱর্তী সময়ত মৃত সজাই দাবী কৰা হয় বীমাৰ ধন৷উল্লেখনীয় যে, ব্লুমবার্গৰ তথ্য অনুসৰি,ভাৰতৰ ইঞ্চুৰেন্স প্ৰতিষ্ঠান সমূহে এনে প্ৰৱঞ্চনাৰ বাবে ২০১২ চনৰ পৰা ২০১৯ চনলৈ ২.২ লাখ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে৷প্ৰতিবেদন অনুসৰি,ইঞ্চুৰেন্স কোম্পানী সমূহে এনেধৰনৰ প্ৰৱঞ্চনাৰ ঘটনা সংঘটিত হোৱা দেশৰ ৮০ খন জিলা চিনাক্ত কৰিছে,তাৰ ভিতৰত অন্যতম হ’ল অসমৰ বৰপেটা জিলা৷

Leave A Reply

Your email address will not be published.