EXCLUSIVE: ১০ কৌটিৰ ৰাজসাহায্য লৈ প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ হিতাধিকাৰী হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী

Share This Article

অৰূপ কলিতা গুৱাহাটী, ১০ ছেপ্তেম্বৰ: ৰাজ্যৰ লাখ লাখ নিবনুৱা , স্বাৱলম্বিতাৰ সপোন দেখা যুৱক যুৱতীৰ ভাগ্য- ভৱিষ্যতৰ চিন্তা এতিয়া গৌন ৷ এইবাৰ চৰকাৰী আঁচনিৰ হিতাধিকাৰী হোৱাৰ প্ৰতিযোগিতাত নামি পৰিছে খোদ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মা ৷ আচৰিত হ’বলগীয়া কথা হ’লেও এয়া সত্য ৷ কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰি উদ্যোগ স্থাপনৰ বাবে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ল’লে ১০ কৌটি টকাৰ ৰাজসাহয্য৷ ভাৰত চৰকাৰৰ খাদ্য – সংসাধন মন্ত্ৰালয়ৰ পৰা ‘প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনা’ আঁচনিৰ অধীনত মুখ্যমন্ত্ৰীৰ পৰিয়ালে লাভ কৰিছে এই ৰাজসাহায্য৷ ‘দ্য ক্ৰছকাৰেন্ট’ৰ অনুসন্ধানত পোহৰলৈ আহিছে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নতুন ভূমি ক্ৰয় আৰু সেই ভূমি দেখুৱাই ৰাজসাহায্য লাভ কৰাৰ তথ্য৷ ‘দ্য ক্ৰছকাৰেন্ট’য়ে লাভ কৰা তথ্য অনুযায়ী, ড: হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছতেই তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই নগাও জিলাৰ কলিয়াবৰ বৰভগীয়া মৌজাৰ দাৰগাজি গাঁৱত একেদিনাই ক্ৰয় কৰে ৫০ বিঘা ২ কঠা ১৯ লেচা কৃষিভূমি৷ তাৰ পাছত এই মাটিৰ শ্ৰেণী পৰিৱৰ্তন কৰি তাত উদ্যোগ স্থাপনৰ বাবে ৰাজসাহায্য বিচাৰি ভাৰত চৰকাৰৰ ওচৰত আবেদন দাখিল কৰে৷ আবেদন দাখিলৰ পাছতেই মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মালিকানাধীন প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে মোদী চৰকাৰৰ পৰা ১০ কৌটি টকাৰ ৰাজসাহায্যত অনুমোদন লাভ কৰে৷ এই প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে অধীনত আছে নিউজ লাইভ, নৰ্থ ইষ্ট লাইভ, নিয়মীয়া বাৰ্তা, টাইম৮ কে ধৰি কেবাটাও সংবাদ প্ৰতিষ্ঠান৷ কিন্তু সংবাদগোষ্ঠীটোৱে ভাৰত চৰকাৰৰ পৰা ৰাজসাহায্য লাভ কৰিছে ফুড প্ৰচেচিঙ ইণ্ডাষ্ট্ৰী স্থাপনৰ বাবে৷ যিটো এক ৰহস্যৰ বিষয় হৈ পৰিছে৷

 

একেদিনাই ক্ৰয় কৰা ৫০ বিঘা মাটি , খাদ্য সংসাধন উদ্যোগ আৰু ১০ কৌটিৰ ৰাজসাহায্য

হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছতেই তেওঁৰ পৰিয়ালে ৰাজ্যজুৰি আৰম্ভ কৰে ভূমি ক্ৰয় অভিযান৷ এই অভিযানৰ অংশ হিচাপে নগাও জিলাৰ কলিয়াবৰ মহকুমাৰ বৰভগীয়া মৌজাৰ দাৰি গজি গাঁৱত একেদিনাই ক্ৰয় কৰা হয় ৫০ বিঘা ২ কঠা ১৯ লেচা মাটি৷ তাৰিখটো আছিল ২০২২ চনৰ ৪ ফেব্ৰুৱাৰী৷ সেইদিনা দাৰি গজি গাঁৱত হেমচন্দ্ৰ বৰাৰ পৰা ১২ বিঘা ৪ লেচা, যতীন চন্দ্ৰ বৰাৰ পৰা ১২ বিঘা ৪লেচা ,দেবেন চন্দ্ৰ বৰাৰ পৰা ১২ বিঘা ৪ লেচা, তাৰিণী বৰাৰ পৰা ১২ বিঘা ৪ লেচা আৰু অনিল বিশ্বাসৰ পৰা ২ কঠা মাটি ক্ৰয় কৰে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মালিকানাধীন প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ হৈ ৰিণিকি ভূঞা শৰ্মাই৷এইদৰে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ তালিকাত নতুনকৈ সংযোগ হ’ল মুঠ ৫০ বিঘা ২ কঠা ১৯ লেচা ভূমি৷লক্ষ্যনীয় কথাটো হ’ল ক্ৰয় কৰা সময়ত এই মাটিখিনি আছিল কৃষিভূমি৷ৰাজহ বিভাগৰ নথিত মাটিৰ শ্ৰেণী কৃষিভূমি বুলি উল্লেখ আছে৷কিন্তু চিলিঙ আইন অনুসৰি কোনো ব্যক্তি বা কোম্পানীয়ে ৪৯.৫ বিঘাতকৈ অধিক কৃষিভূমিৰ গৰাকী হ’ব নোৱাৰে৷ সেইবাবেই মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মা মালিকানাধীন প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে এই মাটি ক্ৰয় কৰাৰ পাছতেই মাটিৰ শ্ৰেণী পৰিৱৰ্তন কৰা হয়৷ ২০২২ চনৰ ১৮ এপ্ৰিলত মুঠ ৫০ বিঘা ১৯ লেচা মাটি কৃষিভূমিৰ পৰা উদ্যোগিক শ্ৰেণীলৈ পৰিৱৰ্তন কৰা হয় ৷কিন্তু ২ কঠা মাটি এতিয়াও কৃষিভূমি হৈয়েই আছে৷ এইবাৰ সেই মাটিত খাদ্য সংসাধন উদ্যোগ স্থাপনৰ বাবে মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পানীয়ে ভাৰত চৰকাৰৰ খাদ্য সংসাধন মন্ত্ৰালয়ৰ ওচৰত আবেদন দাখিল কৰে৷ খাদ্য সংসাধন মন্ত্ৰালয়ৰ ‘এগ্ৰো প্ৰচেচিঙ ক্লাষ্টাৰ’ আঁচনিৰ অধীনত উদ্যোগ স্থাপন কৰিলে ১০ কৌটি টকালৈকে ৰাজসাহায্য লাভৰ সুবিধা আছে৷মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পানীয়েও এই আঁচনিৰ অধীনতে উদ্যোগ স্থাপনৰ বাবে প্ৰস্তাৱ দাখিল কৰে৷ উদ্যোগ স্থাপনৰ বাবে প্ৰাইড ইষ্ট এন্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ ২৫ কৌটি ৮৭ লাখ টকা ব্যয় হ’ব বুলি উল্লেখ কৰা হয়৷ ইয়াৰ পাছতেই ২০২২ চনৰ ১০ নৱেম্বৰত ভাৰত চৰকাৰৰ খাদ্য সংসাধন মন্ত্ৰালয়ৰ পৰা ১০ কৌটি টকাৰ ৰাজসাহায্যত অনুমোদন লাভ কৰে৷এটা এণ্টাৰটেইনমেণ্ট কোম্পানীয়ে খাদ্য সংসাধন উদ্যোগ স্থাপনৰ বাবে কেনেকৈ ১০ কৌটি টকাৰ ৰাজসাহায্য লাভ কৰিব পাৰে, তাক লৈও এতিয়া প্ৰশ্ন উত্থাপণ হৈছে ৷

১০ মাহৰ ভিতৰত মাটি ক্ৰয়, শ্ৰেণী পৰিৱর্তন আৰু ১০ কৌটিৰ ৰাজসাহায্য

২০২১ চনৰ বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা শপতনামা অনুসৰি তেওৰ পৰিয়ালৰ নামত নাই কোনো কৃষিভূমি৷ শপতনামাত উল্লেখ থকা অনুসৰি পত্নী ৰিণিকি ভূঞা শৰ্মাৰ নামত গুৱাহাটীৰ নুনমাটি আৰু আৰ জি বৰুৱা পথত এটাকৈ আৰু উত্তৰ গুৱাহাটীত দুটা অনাকৃষিভূমিৰ প্লট আছে৷ কিন্তু ড: হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ আসনত বহাৰ পাছতেই প্ৰাইড ইষ্ট এন্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ হৈ ৰিণিকি ভূঞা শৰ্মাই কলিয়াবৰৰ দাৰি গজি গাঁৱত একেদিনাই ক্ৰয় কৰে মুঠ ৫০ বিঘা ২ কঠা ১৯ লেচা মাটি৷কলিয়াবৰৰ বৰভগীয়া মৌজাৰ দাৰগাজি গাঁৱৰ ৯৫৩ দাগৰ ৪২৩ নং পট্টা, ৯৫৪ নং দাগৰ ৪২৪ নং পট্টা,৭৮৭ দাগৰ২৮৫ নং পট্টা আৰু ৭৯২ নং দাগৰ ১৭৮ নং পট্টাত আছে এই ৫০ বিঘা ২ কঠা ১৯ লেচা ভূমি৷ কেৱল ভূমি ক্ৰয় কৰাই নহয় এটা বছৰৰ ভিতৰতেই সেই ভূমিত উদ্যোগ স্থাপনৰ বাবে ৰাজসাহায্যৰ অনুমোদনো লাভ কৰে৷২০২২ চনৰ ৪ ফেব্ৰুৱাৰীত মাটি ক্ৰয়, ১৮ এপ্ৰিলত মাটিৰ শ্ৰেণী পৰিৱৰ্তন আৰু ১০ নৱেম্বৰত উদ্যোগ স্থাপনৰ বাবে ১০ কৌটি টকাৰ ৰাজসাহায্যত অনুমোদন লাভ কৰে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ প্ৰাইড ইষ্ট এন্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে৷ মাত্ৰ ১০ মাহৰ ভিতৰত সম্পূর্ণ হয় ভূমি ক্ৰয়, ভূমিৰ শ্ৰেণী পৰিৱর্তন আৰু ৰাজসাহায্যত অনুমোদনৰ সমগ্ৰ প্ৰক্ৰিয়া৷ এয়া যেন কেৱল মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ক্ষেত্ৰতহে সম্ভৱ ৷

 

প্ৰাইড ইষ্টৰ মালিক মুখ্যমন্ত্ৰীৰ পৰিয়াল /কেৱল পত্নীৰে নহয় প্ৰাইড ইষ্টত আছে মুখ্যমন্ত্ৰীৰ পুত্ৰ-কন্যা-মাতৃৰো শ্বেয়াৰ

কলিয়াবৰত একেদিনাই ৫০ বিঘা ২ কঠা ১৯ লেচা কৃষিভূমি ক্ৰয় কৰা প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড গঠন হৈছিল ২০০৬ চনত৷ সেই সময়ত এই কোম্পানীটোত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কোনো অংশীদাৰীত্ব নাছিল ৷ কিন্তু কোম্পানীৰ জাল গুঠাত সিদ্ধহস্ত মুখয়মন্ত্ৰীৰ পৰিয়ালে প্ৰাইড ইষ্টক শেহতীয়াকৈ সম্পূৰ্ণৰূপে নিজৰ দখললৈ আনে৷২০০৬ চনত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কোনো অংশীদাৰীত্ব নথকা প্ৰাইড ইষ্ট এণ্টাটেইনমেণ্ট প্ৰাইভেট লিমিটেডত ২০১৮ চনত মুখয়মন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ মুঠ অংশীদাৰীত্বৰ পৰিমান হৈ পৰে ৫১.৩৪শতাংশ ৷২০২১ চনৰ ১৫ জুনত কোম্পানীটোৰ অতিৰিক্ত সঞ্চালক হিচাপে নিযুক্ত হয় মুখ্যমন্ত্ৰীৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মা৷ বৰ্তমান প্ৰাইড ইষ্ট এন্টাটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ সঞ্চালকসকল হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মা, মাতৃ মৃণালিনী দেৱী, পুত্ৰ নন্দিল বিশ্ব শৰ্মা আৰু ভাস্কৰ শৰ্মা৷ ৰিণিকি ভূঞা শৰ্মাৰ ৫১.৩৪শতাংশ অংশীদাৰীত্বক বাদ দি প্ৰাইড ইষ্টত অংশীদাৰীত্ব আছে পুত্ৰ নন্দিল বিশ্ব শৰ্মা, কন্যা সুকন্যা বিশ্ব শৰ্মা, মাতৃ মৃণালিনী দেৱী, ভাস্কৰ শৰ্মা আৰু ৰঞ্জিত ভট্টাচাৰ্যৰ৷ (প্ৰাইড ইষ্ট এন্টাটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ এই তথ্য ৩১ মার্চ, ২০২০লৈকে)

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.