সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

EXCLUSIVE: ১০ কৌটিৰ ৰাজসাহায্য লৈ প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ হিতাধিকাৰী হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী

একেদিনাই ৫০ বিঘা মাটি ক্ৰয় : কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন

অৰূপ কলিতা গুৱাহাটী, ১০ ছেপ্তেম্বৰ: ৰাজ্যৰ লাখ লাখ নিবনুৱা , স্বাৱলম্বিতাৰ সপোন দেখা যুৱক যুৱতীৰ ভাগ্য- ভৱিষ্যতৰ চিন্তা এতিয়া গৌন ৷ এইবাৰ চৰকাৰী আঁচনিৰ হিতাধিকাৰী হোৱাৰ প্ৰতিযোগিতাত নামি পৰিছে খোদ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মা ৷ আচৰিত হ’বলগীয়া কথা হ’লেও এয়া সত্য ৷ কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰি উদ্যোগ স্থাপনৰ বাবে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ল’লে ১০ কৌটি টকাৰ ৰাজসাহয্য৷ ভাৰত চৰকাৰৰ খাদ্য – সংসাধন মন্ত্ৰালয়ৰ পৰা ‘প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনা’ আঁচনিৰ অধীনত মুখ্যমন্ত্ৰীৰ পৰিয়ালে লাভ কৰিছে এই ৰাজসাহায্য৷ ‘দ্য ক্ৰছকাৰেন্ট’ৰ অনুসন্ধানত পোহৰলৈ আহিছে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নতুন ভূমি ক্ৰয় আৰু সেই ভূমি দেখুৱাই ৰাজসাহায্য লাভ কৰাৰ তথ্য৷ ‘দ্য ক্ৰছকাৰেন্ট’য়ে লাভ কৰা তথ্য অনুযায়ী, ড: হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছতেই তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই নগাও জিলাৰ কলিয়াবৰ বৰভগীয়া মৌজাৰ দাৰগাজি গাঁৱত একেদিনাই ক্ৰয় কৰে ৫০ বিঘা ২ কঠা ১৯ লেচা কৃষিভূমি৷ তাৰ পাছত এই মাটিৰ শ্ৰেণী পৰিৱৰ্তন কৰি তাত উদ্যোগ স্থাপনৰ বাবে ৰাজসাহায্য বিচাৰি ভাৰত চৰকাৰৰ ওচৰত আবেদন দাখিল কৰে৷ আবেদন দাখিলৰ পাছতেই মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মালিকানাধীন প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে মোদী চৰকাৰৰ পৰা ১০ কৌটি টকাৰ ৰাজসাহায্যত অনুমোদন লাভ কৰে৷ এই প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে অধীনত আছে নিউজ লাইভ, নৰ্থ ইষ্ট লাইভ, নিয়মীয়া বাৰ্তা, টাইম৮ কে ধৰি কেবাটাও সংবাদ প্ৰতিষ্ঠান৷ কিন্তু সংবাদগোষ্ঠীটোৱে ভাৰত চৰকাৰৰ পৰা ৰাজসাহায্য লাভ কৰিছে ফুড প্ৰচেচিঙ ইণ্ডাষ্ট্ৰী স্থাপনৰ বাবে৷ যিটো এক ৰহস্যৰ বিষয় হৈ পৰিছে৷

 

- Donation -

একেদিনাই ক্ৰয় কৰা ৫০ বিঘা মাটি , খাদ্য সংসাধন উদ্যোগ আৰু ১০ কৌটিৰ ৰাজসাহায্য

হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছতেই তেওঁৰ পৰিয়ালে ৰাজ্যজুৰি আৰম্ভ কৰে ভূমি ক্ৰয় অভিযান৷ এই অভিযানৰ অংশ হিচাপে নগাও জিলাৰ কলিয়াবৰ মহকুমাৰ বৰভগীয়া মৌজাৰ দাৰি গজি গাঁৱত একেদিনাই ক্ৰয় কৰা হয় ৫০ বিঘা ২ কঠা ১৯ লেচা মাটি৷ তাৰিখটো আছিল ২০২২ চনৰ ৪ ফেব্ৰুৱাৰী৷ সেইদিনা দাৰি গজি গাঁৱত হেমচন্দ্ৰ বৰাৰ পৰা ১২ বিঘা ৪ লেচা, যতীন চন্দ্ৰ বৰাৰ পৰা ১২ বিঘা ৪লেচা ,দেবেন চন্দ্ৰ বৰাৰ পৰা ১২ বিঘা ৪ লেচা, তাৰিণী বৰাৰ পৰা ১২ বিঘা ৪ লেচা আৰু অনিল বিশ্বাসৰ পৰা ২ কঠা মাটি ক্ৰয় কৰে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মালিকানাধীন প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ হৈ ৰিণিকি ভূঞা শৰ্মাই৷এইদৰে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ তালিকাত নতুনকৈ সংযোগ হ’ল মুঠ ৫০ বিঘা ২ কঠা ১৯ লেচা ভূমি৷লক্ষ্যনীয় কথাটো হ’ল ক্ৰয় কৰা সময়ত এই মাটিখিনি আছিল কৃষিভূমি৷ৰাজহ বিভাগৰ নথিত মাটিৰ শ্ৰেণী কৃষিভূমি বুলি উল্লেখ আছে৷কিন্তু চিলিঙ আইন অনুসৰি কোনো ব্যক্তি বা কোম্পানীয়ে ৪৯.৫ বিঘাতকৈ অধিক কৃষিভূমিৰ গৰাকী হ’ব নোৱাৰে৷ সেইবাবেই মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মা মালিকানাধীন প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে এই মাটি ক্ৰয় কৰাৰ পাছতেই মাটিৰ শ্ৰেণী পৰিৱৰ্তন কৰা হয়৷ ২০২২ চনৰ ১৮ এপ্ৰিলত মুঠ ৫০ বিঘা ১৯ লেচা মাটি কৃষিভূমিৰ পৰা উদ্যোগিক শ্ৰেণীলৈ পৰিৱৰ্তন কৰা হয় ৷কিন্তু ২ কঠা মাটি এতিয়াও কৃষিভূমি হৈয়েই আছে৷ এইবাৰ সেই মাটিত খাদ্য সংসাধন উদ্যোগ স্থাপনৰ বাবে মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পানীয়ে ভাৰত চৰকাৰৰ খাদ্য সংসাধন মন্ত্ৰালয়ৰ ওচৰত আবেদন দাখিল কৰে৷ খাদ্য সংসাধন মন্ত্ৰালয়ৰ ‘এগ্ৰো প্ৰচেচিঙ ক্লাষ্টাৰ’ আঁচনিৰ অধীনত উদ্যোগ স্থাপন কৰিলে ১০ কৌটি টকালৈকে ৰাজসাহায্য লাভৰ সুবিধা আছে৷মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পানীয়েও এই আঁচনিৰ অধীনতে উদ্যোগ স্থাপনৰ বাবে প্ৰস্তাৱ দাখিল কৰে৷ উদ্যোগ স্থাপনৰ বাবে প্ৰাইড ইষ্ট এন্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ ২৫ কৌটি ৮৭ লাখ টকা ব্যয় হ’ব বুলি উল্লেখ কৰা হয়৷ ইয়াৰ পাছতেই ২০২২ চনৰ ১০ নৱেম্বৰত ভাৰত চৰকাৰৰ খাদ্য সংসাধন মন্ত্ৰালয়ৰ পৰা ১০ কৌটি টকাৰ ৰাজসাহায্যত অনুমোদন লাভ কৰে৷এটা এণ্টাৰটেইনমেণ্ট কোম্পানীয়ে খাদ্য সংসাধন উদ্যোগ স্থাপনৰ বাবে কেনেকৈ ১০ কৌটি টকাৰ ৰাজসাহায্য লাভ কৰিব পাৰে, তাক লৈও এতিয়া প্ৰশ্ন উত্থাপণ হৈছে ৷

১০ মাহৰ ভিতৰত মাটি ক্ৰয়, শ্ৰেণী পৰিৱর্তন আৰু ১০ কৌটিৰ ৰাজসাহায্য

২০২১ চনৰ বিধানসভা নিৰ্বাচনত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা শপতনামা অনুসৰি তেওৰ পৰিয়ালৰ নামত নাই কোনো কৃষিভূমি৷ শপতনামাত উল্লেখ থকা অনুসৰি পত্নী ৰিণিকি ভূঞা শৰ্মাৰ নামত গুৱাহাটীৰ নুনমাটি আৰু আৰ জি বৰুৱা পথত এটাকৈ আৰু উত্তৰ গুৱাহাটীত দুটা অনাকৃষিভূমিৰ প্লট আছে৷ কিন্তু ড: হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ আসনত বহাৰ পাছতেই প্ৰাইড ইষ্ট এন্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ হৈ ৰিণিকি ভূঞা শৰ্মাই কলিয়াবৰৰ দাৰি গজি গাঁৱত একেদিনাই ক্ৰয় কৰে মুঠ ৫০ বিঘা ২ কঠা ১৯ লেচা মাটি৷কলিয়াবৰৰ বৰভগীয়া মৌজাৰ দাৰগাজি গাঁৱৰ ৯৫৩ দাগৰ ৪২৩ নং পট্টা, ৯৫৪ নং দাগৰ ৪২৪ নং পট্টা,৭৮৭ দাগৰ২৮৫ নং পট্টা আৰু ৭৯২ নং দাগৰ ১৭৮ নং পট্টাত আছে এই ৫০ বিঘা ২ কঠা ১৯ লেচা ভূমি৷ কেৱল ভূমি ক্ৰয় কৰাই নহয় এটা বছৰৰ ভিতৰতেই সেই ভূমিত উদ্যোগ স্থাপনৰ বাবে ৰাজসাহায্যৰ অনুমোদনো লাভ কৰে৷২০২২ চনৰ ৪ ফেব্ৰুৱাৰীত মাটি ক্ৰয়, ১৮ এপ্ৰিলত মাটিৰ শ্ৰেণী পৰিৱৰ্তন আৰু ১০ নৱেম্বৰত উদ্যোগ স্থাপনৰ বাবে ১০ কৌটি টকাৰ ৰাজসাহায্যত অনুমোদন লাভ কৰে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ প্ৰাইড ইষ্ট এন্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে৷ মাত্ৰ ১০ মাহৰ ভিতৰত সম্পূর্ণ হয় ভূমি ক্ৰয়, ভূমিৰ শ্ৰেণী পৰিৱর্তন আৰু ৰাজসাহায্যত অনুমোদনৰ সমগ্ৰ প্ৰক্ৰিয়া৷ এয়া যেন কেৱল মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ক্ষেত্ৰতহে সম্ভৱ ৷

 

প্ৰাইড ইষ্টৰ মালিক মুখ্যমন্ত্ৰীৰ পৰিয়াল /কেৱল পত্নীৰে নহয় প্ৰাইড ইষ্টত আছে মুখ্যমন্ত্ৰীৰ পুত্ৰ-কন্যা-মাতৃৰো শ্বেয়াৰ

কলিয়াবৰত একেদিনাই ৫০ বিঘা ২ কঠা ১৯ লেচা কৃষিভূমি ক্ৰয় কৰা প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড গঠন হৈছিল ২০০৬ চনত৷ সেই সময়ত এই কোম্পানীটোত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কোনো অংশীদাৰীত্ব নাছিল ৷ কিন্তু কোম্পানীৰ জাল গুঠাত সিদ্ধহস্ত মুখয়মন্ত্ৰীৰ পৰিয়ালে প্ৰাইড ইষ্টক শেহতীয়াকৈ সম্পূৰ্ণৰূপে নিজৰ দখললৈ আনে৷২০০৬ চনত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ কোনো অংশীদাৰীত্ব নথকা প্ৰাইড ইষ্ট এণ্টাটেইনমেণ্ট প্ৰাইভেট লিমিটেডত ২০১৮ চনত মুখয়মন্ত্ৰীৰ পত্নী ৰিনিকি ভূঞা শৰ্মাৰ মুঠ অংশীদাৰীত্বৰ পৰিমান হৈ পৰে ৫১.৩৪শতাংশ ৷২০২১ চনৰ ১৫ জুনত কোম্পানীটোৰ অতিৰিক্ত সঞ্চালক হিচাপে নিযুক্ত হয় মুখ্যমন্ত্ৰীৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মা৷ বৰ্তমান প্ৰাইড ইষ্ট এন্টাটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ সঞ্চালকসকল হ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মা, মাতৃ মৃণালিনী দেৱী, পুত্ৰ নন্দিল বিশ্ব শৰ্মা আৰু ভাস্কৰ শৰ্মা৷ ৰিণিকি ভূঞা শৰ্মাৰ ৫১.৩৪শতাংশ অংশীদাৰীত্বক বাদ দি প্ৰাইড ইষ্টত অংশীদাৰীত্ব আছে পুত্ৰ নন্দিল বিশ্ব শৰ্মা, কন্যা সুকন্যা বিশ্ব শৰ্মা, মাতৃ মৃণালিনী দেৱী, ভাস্কৰ শৰ্মা আৰু ৰঞ্জিত ভট্টাচাৰ্যৰ৷ (প্ৰাইড ইষ্ট এন্টাটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ এই তথ্য ৩১ মার্চ, ২০২০লৈকে)

Leave A Reply

Your email address will not be published.